নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এগৰাকী কৰ্তব্যপৰায়ণ যান-বাহন শাখাৰ জোৱান, কনিষ্টবল ৰাকেশ হান্সেৰ দায়িত্ববোধক লৈ সামাজিক মাধ্যমত ব্যাপক চৰ্চা

নিয়মীয়া বাৰ্তা, ১১ এপ্ৰিলঃ ড্ৰাগছৰ বেহা, ছাগলী চুৰি, নিৰীহক বৰ্বৰ অত্যাচাৰ আদিৰ ঘটনাৰ লগত একাংশ আৰক্ষীৰ জোৱান জড়িত থকাৰ ঘটনাই নিয়মীত সংবাদ শিৰোনাম দখল কৰি থকাৰ সময়তেই শিৱসাগৰত দেখা গল অসম আৰক্ষীৰ এগৰাকী জোৱানৰ কৰ্তব্য নিষ্ঠাৰ এখন জীৱন্ত ছবি৷ কালি নিশা প্ৰায় ৭ বজাত প্ৰচণ্ড ধূমুহা-বতাহ, গাজনি ঢ়েৰেকনিৰ লগতে মুষলধাৰ বৰষুণৰ মাজতেই শিৱসাগৰ চহৰৰ মাজমজিয়াৰ সদাব্যস্ত ষ্টেচন চাৰিআলিত দৃশ্যমান হল এই ব্যতিক্ৰমি কৰ্তব্যনিষ্ঠা আৰু দায়িত্ববোধৰ সঁচা ছবি ৷
গধূলিৰ পৰাই কলা ডাৱৰে ছানি ধৰা আকাশে দিছিল ধুমুহাৰ আগজাননী৷ যাৰ বাবে অতি ব্যস্ততম ষ্টেচন চাৰিআলিটোত লাহে লাহে বৃদ্ধি পাইছিল যান-বাহনৰ ভিৰ ৷ কিন্তু হৰ্ঠাতে প্ৰচণ্ড বেগত পশ্ছিমৰ দিশৰ পৰা অহা এজাক প্ৰচণ্ড বতাহ, কাণ তাল মৰা গাজনিৰ শব্দ আৰু মূষলধাৰ বৰষুণৰ বাবে পথচাৰীসকল আতংকিত হৈ ঘৰমুৱা হবলৈ ধৰে ৷ ফলত নাজিৰা মহকুমাৰ দিশৰ পৰা অহা গধূৰ মালবাহী বাহন, অ এন জি চিৰ কেন্দ্ৰীয় কাৰখানালৈ অহা অহা গধূৰ যন্ত্ৰবাহী টেইলাৰ, ক্ৰেনৰ বাবে ষ্টেচন চাৰিআলিটোত সৃষ্টি হৈছিল ভয়ংকৰ যান-যটৰ৷ যি সময়ত এনে এক ভয়ংকৰ পৰিস্থিতিত ৰাজপথত যাত্ৰীবাহি,মালবাহি বাহনৰ লগতে সৰু বৰ বাহনৰ বাদে আন একো নাছিল সেই সময়তেই নিজৰ দায়িত্বত নামি পৰিছিল ৰাকেশ হান্সে নামৰ যান- বাহনৰ জোৱানগৰাকী ৷ ৰেইনকোট, ছাটি বাদেই কাণ তাল মৰা গাজনি, তীব্ৰ বেগী ধূমুহাকো নেওচি ৰাকেশ হান্সে নামৰ যান বাহন শাখাৰ জোৱানগৰাকীয়ে পথত আৱদ্ধ হৈ পৰা যান-বাহনসমুহক নিয়ন্ত্ৰণৰ বাবে নামি পৰা দৃশ্যই সকলোকে স্তম্ভিত কৰি তুলিছে৷ বিশেষকৈ প্ৰায় ৪৫ মিনিট জোৰা প্ৰচণ্ড, ধূমুহা, গাজনি, ঢ়েৰেকনিৰ মাজতেই নিয়াৰিকৈ নিজৰ কৰ্তব্য, দায়িত্ববোধ পালন কৰাৰ দৃশ্যই “জনহিত জন সেৱাৰ্থে” শীৰ্ষক অসম আৰক্ষীৰ শ্লগানকেই ৰাকেশ হান্সেই বাস্তবায়িত কৰিলে বুলি সৰ্বত্ৰে চৰ্চা চলিছে৷ সম্প্ৰতি সামাজিক মাধ্যমৰ সৰ্বত্ৰে নিশাৰে পৰা ৰাকেশ হান্সেৰ কৰ্তব্য নিষ্ঠাৰ ভিডিঅ ভাইৰেল হৈ পৰাৰ লগতে জোৱানগৰাকীৰ দায়িত্ববোধ, কৰ্তব্য নিষ্ঠাক প্ৰশংসাৰে উপচাই দিছে ৷
You might also like