নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈৰ পৰা সাংবিধানিক বিচাৰপীঠত মহাসংঘৰ গোচৰৰ শুনানি

বিশেষ বাৰ্তা, ৪ নৱেম্বৰঃ স্বাধীনতাৰ ৭৬ বছৰত কেতিয়াও অসমৰ গোচৰ সাংবিধানিক বিচাৰপীঠত শুনানি হোৱা নাছিল। প্ৰথমবাৰৰ বাবে ছুপ্ৰিম কৰ্টৰ ৫ জনীয়া সাংবিধানিক বিচাৰপীঠত মহাসংঘৰ খিলঞ্জীয়াৰ সুৰক্ষা গোচৰৰ শুনানি অনুষ্ঠিত হ’ব। এই বিচাৰত নাগৰিকপঞ্জীৰ আৰু বিদেশী চিনাক্ত কৰাৰ ভিত্তি বছৰ ১৯৫১ নে ১৯৭১ হ’ব সেয়া চূড়ান্ত হ’ব । লগতে অবৈধ বিদেশীৰ সন্তানক নাগৰিকত্ব দিয়া, কা আইনৰ জৰিয়তে ২০১৪ চনলৈ বিদেশী ৰাষ্ট্ৰৰ পৰা অসমলৈ অহা বৈধ-অবৈধ বিদেশীক নাগৰিকত্ব দিয়া, ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া লোকৰ অধিকাৰ চনদৰ আধাৰত খিলঞ্জীয়া জনগোষ্ঠীসমূহক সুৰক্ষা দিয়া ইত্যাদি বিভিন্ন বিষয়ত চূড়ান্ত সিদ্ধান্ত হ’ব বুলি মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানে আজি সংবাদ প্ৰতিষ্ঠানক কয়। ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ বিধিপঠালিৰ বাবেই যোৱা ১৭ অক্টোবৰৰ শুনানী বাতিল হৈছিল । ছুপ্ৰিম কৰ্টক অৱমাননা কৰি আছু, অগপ আৰু অসম সাহিত্য সভা এতিয়াও অবৈধ বিদেশী আগ্ৰাসনকাৰীৰ পক্ষত আছে। শুনানিত বিচাৰ হ’ব ৫৬২/২০১২, ৮৭৬/২০১৪, ৩১১/২০১৫ আৰু ৬৮/২০১৬ নং গোচৰৰ। ৫৬২/২০১২ নং গোচৰত ১৯৫৫ চনৰ নাগৰিকত্ব আইন ১৯৮৫ সংশোধনৰ দ্বাৰা ৬(ক) যুক্ত কৰি ১৯৭১ চনৰ ২৪ মাৰ্চ(বাংলাদেশৰ স্বাধীনতা ঘোষণাৰ তাৰিখ)ৰ ভিতৰত পূৱ পাকিস্তানৰ পৰা পলাই আহি অসমত বসবাস কৰি থকা অবৈধ পূৱ পাকিস্তানী বিদেশী সকলৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰা কাৰ্যই সংবিধানৰ ৫,৬,১৪,২১,২৯,৩৫৫ নং ধাৰা উলংঘা কৰাৰ অভিযোগ উত্থাপিত হৈছে । ইয়াৰ মূল গোচৰীয়া মতিউৰ ৰহমান আৰু সহযোগী গোবিন্দ বসুমতাৰী। ৮৭৬/২০১৪ নং গোচৰত নাগৰিকত্ব আইনৰ ৬(ক)ৰ বিৰোধীতা আৰু ২০০৩ চনত নাগৰিকত্ব আইনত ৪(ক) যুক্ত কৰি নাগৰিকত্বৰ পঞ্জীয়ন আৰু জাতীয় পৰিচয় পত্ৰ প্ৰদান সম্পৰ্কীয় নিয়মাৱলীক প্ৰত্যাহ্বান জনাইছে। এই নিয়মাৱলী মতে ১৯৭১ চনৰ ভোটাৰ তালিকাত নাম থকা অবৈধ বিদেশী তথা ৰেচন কাৰ্ড, ডাকঘৰৰ ৰছীদ, গাওঁবুঢ়াৰ প্ৰমাণ পত্ৰ আদি থকা বিদেশীয়ে নাগৰিক পঞ্জীত নাম অন্তৰ্ভুক্ত কৰিব পাৰিব বুলি উল্লেখ আছিল। এই গোচৰৰ প্ৰধান গোচৰীয়া সদৌ অসম আহোম সভাৰ প্ৰাক্তন সভাপতি জ্ঞানানন্দ ফুকন আৰু লগতে সদৌ চুতীয়া জাতি সন্মিলন, তাই খামতি জাতীয় সন্মিলন, সদৌ মিচিং জ্যেষ্ঠ নাগৰিক সন্থা, সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা, দেউৰী সংগ্ৰাম সমিতি, সোনোৱাল কছাৰী সংগ্ৰাম সমিতি, সদৌ অসম গাৰো সাহিত্য সভা, সদৌ ৰাভা কৃষ্টি সন্মিলন, কোচ ৰাজবংশী সংগ্ৰাম সমিতি গোচৰীয়া হৈ আছে। ৩১১/২০১৫ নং গোচৰত ২০০৩ চনত নাগৰিকত্ব আইনত ৩(ক) যুক্ত কৰি অসমত জন্ম হোৱা সন্তান এটিৰ অভিভাৱকৰ এজন যদি ভাৰতীয় আৰু আনজন অবৈধ বিদেশী হয় তেতিয়াও সন্তানক নাগৰিকত্ব লাভ কৰাৰ অধিকাৰ দিয়া কাৰ্য অসাংবিধানিক বুলি প্ৰত্যাহ্বান জনাইছে। এই গোচৰৰ গোচৰীয়া হ’ল অসম আন্দোলনৰ শ্বহীদ ৰূপক নাথৰ ককায়েক দিপক কুমাৰ নাথ আৰু বিশিষ্ট ভাষাবিদ বিশ্বেশ্বৰ হাজৰিকা। ৬৮/২০১৬ নং গোচৰত বিদেশী আইন ১৯৪৬ৰ অধীনস্থ বিদেশী হুকুম ১৯৪৮ সংশোধন কৰি ৩(ক) যুক্ত কৰা আৰু লগতে পাচপৰ্ট আইন ১৯২০ৰ অধীনস্থ নিয়ম ১৯৫০ৰ সংশোধন কৰি নিয়ম ৪, উপবিধি ১ যুক্ত কৰি জাৰি কৰা ২০১৫ চনৰ ৭ ছেপ্তেম্বৰৰ অধিসূচনা খনক অবৈধ বুলি প্ৰত্যাহ্বান জনাইছিল। এই অধিসূচনাৰ জড়িয়তে পাছপৰ্ট বা আন কোনো ভ্ৰমণ সংক্ৰান্তীয় নথি পত্ৰ নোহোৱাকৈ পাকিস্তান, বাংলাদেশৰ পৰা অহা হিন্দু বিদেশীক লোকক আৰু লগতে পাছপৰ্ট বা আন কোনো ভ্ৰমণ সংক্ৰান্তীয় নথি-পত্ৰৰ ম্যাদ উকলি যোৱাৰ পিছটো যিসকল পাকিস্তান, বাংলাদেশৰ লোক ভাৰতত আছে তেওঁলোকক ভাৰতীয় নাগৰিকত্ব দিয়া হ’ব বুলি উল্লেখ কৰিছিল । ছুপ্ৰিম কৰ্টত গোচৰ চলি থকাৰ পিছটো সংখ্যাগৰিষ্ঠতা আছে বাবেই বিজেপি চৰকাৰে নাগৰিকত্ব সংশোধনী আইন ২০১৯ প্ৰবৰ্তন কৰিলে। কিন্তু এইখন এতিয়াও কাৰ্যকৰী কৰিব পৰা নাই সাংবিধানিক বিচাৰপীঠত থকা মহাসংঘৰ গোচৰৰ বাবে। এই গোচৰৰ গোচৰীয়া সকল হ’ল প্ৰণৱ কুমাৰ মজুমদাৰ (অৱসৰপ্ৰাপ্ত অধ্যক্ষ, তেজপুৰ চৰকাৰী ল’ৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়), ডা: বিশ্বৰঞ্জন কলিতা (অৱসৰপ্ৰাপ্ত যুটীয়া সঞ্চালক, স্বাস্থ্য সেৱা সঞ্চালকালয়), শান্তনু দাস বৰহাজোৱাল (উপদেষ্টা, সোনোৱাল কছাৰী জাতীয় পৰিষদ) মুকুন্দানন্দ গোস্বামী(সত্ৰাধিকাৰ, মায়ামৰা দিনজয় সত্ৰ), ডক্টৰ যোগেশ্বৰ বড়া (মুখ্য উপদেষ্টা, ঠেঙ্গাল কছাৰী জাতীয় সংগঠন), তুলসী বৰদলৈ (প্ৰাক্তন সভাপতি, তিৱা সাহিত্য সভা), জগত কামা(প্ৰাক্তন সভাপতি, নিখিল ৰাভা সাহিত্য সভা) আৰু জনকলাল বসুমতাৰী (অৱসৰপ্ৰাপ্ত আয়ুক্ত, আয়কৰ বিভাগ)। ইতিমধ্যে ৬ খন সাংবিধানিক বিচাৰপীঠ হৈ গৈছে। ৫ নৱেম্বৰৰ পৰা ৫ জনীয়া সাংবিধানিক বিচাৰপীঠত মুখ্য ন্যায়াধীশ ধনঞ্জয় যশৱন্ত চন্দ্ৰচূড়ৰ নেতৃত্বত বিচাৰ আৰম্ভ হ’ব। আন ন্যায়াধীশ সকল হ’ল- ন্যায়াধীশ এ এছ বোপান্না, এম এম সুন্দৰেছ, জে বি পাৰিৱালা আৰু মনোজ মিশ্ৰ। উল্লিখিত ৪টা গোচৰৰ ৰায় দানে অসমৰ খিলঞ্জীয়াৰ ভৱিষ্যত নিৰ্ণয় কৰিব বুলি মতিউৰ ৰহমানে কয়। বিচাৰ কিছু দীঘলীয়া হ’ব বুলি উল্লেখ কৰি উল্লিখিত সমস্যাবোৰ সমাধানৰ এটা সংবিধান সন্মত ন্যায়িক ব্যৱস্থা হলে এই বিষয়ত বিভিন্ন ৰাজনৈতিক দল আৰু সংগঠনে কৰি থকা লেতেৰা ৰাজনীতিৰ ওৰ পৰিব বুলিও মতিউৰ ৰহমানে দৃঢ়তাৰে কয়।

You might also like