নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাৰ মৰনৈত অংগনৱাড়ী কেন্দ্ৰৰ গৃহ নিৰ্মাণত ঠিকাদাৰৰ দুৰ্নীতিৰ অভিযোগ

নিয়মীয়া বাৰ্তা, ১১ জুন : ঢকুৱাখনা উপ-জিলাৰ ঘিলামৰা সংহত শিশু উন্নয়ন প্ৰকল্পৰ অন্তৰ্গত ১৮নং ঘাঁহিবাৰী অংগনৱাড়ী কেন্দ্ৰৰ স্থায়ী গৃহ নিৰ্মাণত ঠিকাদাৰে ব্যাপক দুৰ্নীতি আৰু অনিয়ম কৰাৰ অভিযোগ তুলি ইয়াৰ এক ন্যায়িক তদন্তৰ দাবী জনাই ঢকুৱাখনা উপ-জিলাৰ আয়ুক্তক বিহিত ব্যৱস্থা গ্ৰহণৰো দাবী জনাইছে কেন্দ্ৰটোৰ পৰিচালনা সমিতিৰ লগতে কৰ্মী-সহায়িকা আৰু কণ কণ শিশুসকলৰ অভিভাৱকসকলেও ৷ ঘিলামৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত মৰনৈ গাঁও পঞ্চায়তৰ জৰিয়তে আবণ্টিত আৰু ১ লাখ ৭৫ হাজাৰ টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰিব লগা গৃহটো নিৰ্মাণত দেৱজিত কলিতা নামৰ ঠিকাদাৰগৰাকীয়ে নিজ খেয়ালখুচি আৰু মইমতালিৰে কেন্দ্ৰটোৰ পৰিচালনা সমিতি আৰু কৰ্মী-সহায়িকাৰ লগত কোনো আলোচনা নকৰাকৈ অতি নিম্নমানৰ কাম কৰাৰ অভিযোগ তুলিছে কেন্দ্ৰ পৰিচালনা সমিতিৰ লগতে কৰ্মী-সহায়িকাই ৷ তদুপৰি ঘাঁহিবাৰী প্ৰাথমিক বিদ্যালয়ৰ চৌহদত তথ্য ফলক নলগোৱাকৈ নিৰ্মাণ কৰা গৃহটো পথৰ দাঁতিত নিৰ্মাণ কৰা যাত্ৰী জিৰণি ঘৰতকৈ নিম্নমানৰ বুলি অভিযোগ তুলি দৰ্জা-খিৰিকী নোহোৱা আৰু ওপৰৰ অংশ মুকলিকৈ ৰাখি চাৰি ফুট ওখকৈ পকী বেৰা দিয়া গৃহটো শিশুৰ উপযোগী নহৈ এটা গুদাম ঘৰহে নিৰ্মাণ কৰা বুলিও অভিযোগ উঠিছে ৷ এই ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী তথা ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলেই কিবা ব্যৱস্থা ল’বনে বুলিও প্ৰশ্ন উত্থাপন কৰি গাঁওখনৰ কণ কণ শিশুসকলৰ বাবে উপযোগী আৰু ভৱিষ্যত সুৰক্ষিত হোৱাকৈ কেন্দ্ৰটো নিৰ্মাণ কৰাৰ দাবী তুলিছে ১৮নং ঘাঁহিবাৰী অংগনৱাড়ী কেন্দ্ৰ পৰিচালনা সমিতিৰ লগতে কেন্দ্ৰটোৰ কৰ্মী-সহায়িকা আৰু অভিভাৱকসকলে ৷

প্ৰেৰক ৰাজেশ বুঢ়াগোহাঞি

You might also like