নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেবেজীয়াত পালনাম থানৰ কেন্দ্ৰীয় প্ৰশাসনিক ভৱনৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ

🔹 এদিনীয়া ভ্ৰমণসূচীৰে নগাঁৱত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

বিশেষ বাৰ্তা, ২৫ ফেব্ৰুৱাৰী : দেওবাৰে এদিনীয়া ভ্ৰমণসূচীৰে নগাঁৱত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । এই ভ্ৰমণত পুৱা ১০.৫০ বজাত নগাঁও জিলাৰ বেবেজীয়াস্থ একশৰণ ভাগৱতী সমাজৰ এক উন্নয়নমুখী কাৰ্যসূচীত অংশ লয় তেওঁ । ১৯৭৩ চনতেই আচাৰ্য ইলাৰাম দাসে প্ৰতিষ্ঠা কৰা একশৰণ ভাগৱতী সমাজৰ বেবেজীয়াৰ পালনাম থানৰ প্ৰস্তাৱিত কেন্দ্ৰীয় প্ৰশাসনিক ভৱনটিৰ আধাৰশিলা স্থাপন কৰি ইয়াৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই । মুখ্যমন্ত্ৰীগৰাকীয়ে পূৰ্বে ঘোষণা কৰা অনুসৰিয়েই এক কোটি টকা ব্যয়সাপেক্ষে এই প্ৰশাসনিক ভৱনটো নিৰ্মাণ কৰা হ’ব । এই উপলক্ষে বেবেজীয়াৰ পালনাম থানৰ এখন সভাতো অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

প্ৰেৰক কনক হাজৰিকা

You might also like