বঙাইগাঁৱত ৰাষ্ট্ৰীয় পথত নিৰ্মাণ পৰীক্ষামূলক ওলোমা দলং
বিশেষ বাৰ্তা, ১৬ জানুৱাৰী : ভোগালী বিহুৰ মাজতে প্ৰকৃতি প্ৰেমীসকলৰ বাবে সু খবৰ কঢ়িয়াই আনিলে। বঙাইগাঁৱৰ কাকৈজনাত সোণালী বান্দৰৰ বাবে নিৰ্মাণ কৰা ওলোমা দলঙৰ ওপৰৰে দুষ্প্ৰাপ্য বান্দৰৰ জাকে ইপাৰ-সিপাৰ হোৱা পৰিলক্ষিত হৈছে। সোণালী বান্দৰে ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হোৱাৰ সময়ত সঘনাই দুৰ্ঘটনাত পতিত হৈ অহাৰ ফলত জিলা আয়ুক্ত নৱদ্বীপ পাঠক আৰু আৰক্ষী অধীক্ষক মোহন লাল মীনাই উদ্যোগ গ্ৰহণ কৰি পৰীক্ষামূলকভাৱে এই ওলোমা দলং নিৰ্মাণৰ পদক্ষেপ গ্ৰহণ কৰিছিল৷ জিলাখনৰ দুই শীৰ্ষ বিষয়াই বিভিন্ন চৰকাৰী বিভাগ আৰু স্থানীয় ৰাইজৰ সহযোগত উক্ত ওলোমা দলংখন নিৰ্মাণ কৰি থকা সময়ত বহুতেই ইয়াৰ সফলতাক লৈ সন্দেহ ব্যক্ত কৰিছিল। কিন্তু নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠাৰ লগে লগে দুষ্প্ৰাপ্য বান্দৰৰ জাকে ইয়াক ব্যৱহাৰ কৰি ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰিব ধৰাত ইতিবাচক বাৰ্তা কঢ়িয়াই আনিছে। উল্লেখ্যযে কাকৈজনা সংৰক্ষিত বনাঞ্চল হৈছে সোণালী বান্দৰৰ অন্যতম বসতিস্থল৷ কিন্তু খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ সঘনাই ওলাই আহে সোণালী বান্দৰৰ জাক৷ কাকৈজনাৰ কাষৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথছোৱা অতিক্রম কৰাৰ সময়তে তীব্ৰ বেগী বাহনৰ খুন্দাত প্ৰায়ে দুষ্প্ৰাপ্য বান্দৰে মৃত্যুক সাৱতি ল’বলগীয়া হৈ আহিছে৷ শেহতীয়াকৈ উক্ত ৰাষ্ট্ৰীয় ঘাইপথছোৱা চাৰিলেন পথলৈ সম্প্ৰসাৰণ হোৱাৰ পিচতে পথছোৱা দুষ্প্রাপ্য প্রাণীবিধৰ বাবে অধিক বিপজ্জনক হৈ উঠে। চাৰিলেনযুক্ত ঘাইপথ সঘনাই সোণালী বান্দৰৰ মৃত্যু ঘটিছিল। কিন্তু ইয়াৰ পিচতো দুষ্প্রাপ্য প্রাণীবিধৰ সুৰক্ষাৰ বাবে কোনো পন্থা গ্ৰহণ নকৰাৰ ফলত প্ৰকৃতিপ্ৰেমীসকল উদ্বিগ্ন কৰি তুলিছিল। শেহতীয়াকৈ নৱবৰ্ষৰ পহিলা দিনটোতে এটা প্রাপ্তবয়স্ক মতা সোণালী বান্দৰে অচিনাক্ত বাহনৰ খুন্দাত মৃত্যুক সাবটি ল’বলগীয়া হয়৷ ইয়াকে লৈ স্থানীয় ৰাইজ উত্তেজিত হৈ পথ অৱৰোধ কৰি প্রতিবাদ সাব্যস্ত কৰে। ইয়াৰ পিচতে জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকসহ বন বিভাগ, এন এইচ ডি চি এল, এপিডি চি এলৰ বিষয়াবৰ্গ প্ৰতিবাদস্থলীত উপস্থিত হৈ ৰাইজৰ সৈতে আলোচনাত মিলিত হৈছিল৷ উক্ত আলোচনাকালত জিলা আয়ুক্ত নৱদ্বীপ পাঠকে বিভাগীয় প্রক্রিয়াসমূহলৈ বাট নাচাই দুষ্প্রাপ্য প্রাণীবিধৰ সুৰক্ষাৰ স্বার্থক অগ্রাধিকাৰ দি অতি সোনকালে পৰীক্ষামূলকভাবে এখন ওলোমা দলং নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰে। সেই অনুসৰি এ পি ডি চি এল আৰু এন এইচ আই ডি চি এলৰ লগতে বন বিভাগক প্রয়োজনীয় সহযোগিতা আগবঢ়াবলৈও জিলা আয়ুক্তই নির্দেশ দিয়ে। জিলা আয়ুক্তগৰাকীৰ কঠোৰ নিৰ্দেশৰ পিছতে কাকৈজানাৰ শোলমাৰীত পৰীক্ষামূলক ওলোমা দলং নিৰ্মাণৰ কাম আৰম্ভ হয়। জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষক নিজেই কেইবাবাৰো উক্ত স্থানত উপস্থিত হৈ কামৰ তদাৰক কৰি আহিছিল। পথৰ দাতিত দীঘল দীঘল বৈদ্যুতিক খুটি পুতি তাৰৰ সহায়ত জখলা সদৃশ কৈ প্ৰায় দহ দিনৰ ভিতৰত ওলোমা দলং নিৰ্মাণ কৰি উলিওৱা হয়৷ উক্ত দলংখন হৈ উঠাৰ পিছত দুষ্প্রাপ্য প্রাণীবিধে পথছোৱা পাৰ হ’ব বুলি ৰাইজে চাই থকাৰ সময়তে ভোগালী বিহুৰ মাজতে বান্দৰৰ জাক অতিক্ৰম কৰা দেখা গ’ল। পৰীক্ষামূলক এই ওলোমা দলঙৰ সফলতাই দুষ্প্রাপ্য প্রাণীবিধৰ অকাল মৃত্যু ৰোধ কৰিব পৰা যাব বুলি গাঁওবাসীয়ে আশা প্রকাশ কৰিছে। দীর্ঘবছৰে ওলোমা দলঙৰ বাবে দাবী উত্থাপন কৰি অহাৰ পিচতো বিষয়টোরে গুৰুত্ব লাভ কৰা নাছিল যদিও জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকগৰাকীয়ে লোৱা তৎপৰতাক ৰাইজে শলাগ লৈছে৷ পৰীক্ষামূলকভাৱে নিৰ্মাণ কৰি উলিওৱা এই ওলোমা দলঙৰ সফলতাৰ পিছত বান্দৰ বিধৰ ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰা বাকী ক’ৰিডৰ সমুহতো ওলোমা দলং নিৰ্মাণৰ বাবে প্ৰশাসনে চিন্তা চৰ্চা কৰি থকা বুলি জানিব পৰা গৈছে ৷
প্ৰেৰক উপানন্দ শৰ্মা