নিয়মীয়া বাৰ্তা, ২৭ জানুৱাৰী : জনজাতি অধ্যুষিত অঞ্চলৰ সৰ্বসাধাৰণ লোকৰ উন্নয়নৰ নামত ব্যৱহৃত চৰকাৰী ধন ব্যয়ত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি-লুন্ঠন। চিৰাং জিলাৰ সদৰ কাজলগাঁৱত বজাৰ গৃহ নিৰ্মাণৰ নামত ঠিকাদাৰে এই কাণ্ড সংঘটিত কৰা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে। ভৈয়াম জনজাতি উন্নয়ন নিগমৰ অধীনত প্ৰায় কোটিটকীয়া আঁচনি ৰূপায়ণৰ নামত নিম্নমানৰ সামগ্ৰীৰে সাপ্তাহিক বজাৰ চৌহদত গৃহ নিৰ্মাণ কৰি লুন্ঠনৰাজ চলোৱা ঠিকাদাৰজনক আজি স্থানীয় ৰাইজে জবাবদিহি কৰে। কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা বজাৰ গৃহৰ চিমেন্ট, শিল, বালি ব্যৱহাৰ কৰি নিৰ্মাণ কৰা মজিয়া সহজে বখলা-বখলকৈ খহিবলৈ ধৰিছে। আনফালে, চিমেন্ট-ৰডেৰে নিৰ্মাণ কৰা বজাৰ গৃহৰ খুঁটা পৰ্যন্ত লৰিবলৈ আৰম্ভ কৰিছে। অসম ভৈয়াম জনজাতি উন্নয়ন নিগমৰ অধীনত ২০২০-২১ বিত্তীয় বৰ্ষত কাজলগাঁও সাপ্তাহিক বজাৰত বজাৰ গৃহ নিৰ্মাণৰ নামত আবন্টিত হৈছিল মুঠ এক কোটি দুই লাখ টকা। বঙাইগাঁৱৰ মনীষ জৈন নামৰ ঠিকাদাৰজনে অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি নিৰ্মাণকাৰ্য্য চলোৱাৰ বাবে ৰাইজে ঠিকাদাৰজনক মাতি আনি সংঘটিত অনিয়ম তথা দুৰ্নীতি সম্পৰ্কে উদঙাই দি জবাবদিহি কৰে। স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰি কয় যে ঠিকাদাৰজনে যি ধৰণৰ নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি বজাৰ গৃহ নিৰ্মাণ কৰিছে, ভৱিষ্যতে বজাৰ গৃহটো বজাৰলৈ অহা লোকৰ ওপৰত যিকোনো মুহূৰ্ততে ভাঙি পৰাৰ আশংকা ব্যক্ত কৰে। ৰাইজৰ হেঁচাত ঠিকাদাৰ মনীষ জৈনে নিজৰ ভুল স্বীকাৰ কৰে আৰু পুনৰ মেৰামতি কৰাৰ প্ৰতিশ্ৰুতি দিয়ে । ঠিকাদাৰে দিয়া প্ৰতিশ্ৰুতি উপস্থিত ৰাইজে বিশ্বাসত ল’ব পৰা নাই বুলিও জানিবলৈ দিয়ে । কাজলগাঁও বজাৰ সমিতিৰ বিষয়ববীয়াসকলে এই নিৰ্মাণকাৰ্য্যত সংঘটিত দুৰ্নীতিৰ বিভাগীয় হস্তক্ষেপ কামনা কৰে, অন্যথা অঞ্চলটোৰ সৰ্বসাধাৰণ ৰাইজক লৈ ইয়াৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি মন্তব্য কৰে। স্থানীয় ৰাইজে চিৰাং জিলাৰ অভিভাৱক মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মক বিষয়টো সম্পৰ্কত গুৰুত্ব প্ৰদান কৰাৰ লগতে জনজাতি উন্নয়নৰ নামত আবন্টিত ধনৰ ক্ষেত্ৰত দুৰ্নীতি সংঘটিত কৰি লুন্ঠনৰ চেষ্টা কৰা ঠিকাদাৰজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।
প্ৰেৰক বিপুল কুমাৰ দাস