বিশেষ বাৰ্তা, ১৮ মে’ : তিনিচুকীয়াত তিনিদিনীয়াকৈ অনুষ্ঠিত পঞ্চমসংখ্যক জিলা উপায়ুক্তৰ সন্মিলনখনি বুধবাৰে মাজনিশা সফলভাৱে সামৰণি মৰাৰ পাছত আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই পুৱাই তিনিচুকীয়াৰ কাষৱৰ্তী চহৰ মাকুমৰ শুকানপুখুৰীত উপস্থিত হৈ নিৰ্মীয়মাণ তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়খনি পৰিদৰ্শন কৰে ৷ ৫৮৮ খন ৰোগীৰ আসন আৰু ১০০খন শিক্ষাৰ্থীৰ আসনেৰে নিৰ্মীয়মান চিকিৎসা মহাবিদ্যালয়খনৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰাৰ লগতে স্বাস্থ্য বিভাগ, লোকনিৰ্মাণ বিভাগ আৰু নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হৈ কামৰ অগ্ৰগতিৰ সন্দৰ্ভত বুজ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ সমান্তৰালভাৱে চিকিৎসা মহাবিদ্যালয়খনৰ চৌপাশত গছপুলি ৰোপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। তাৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে চিকিৎসা মহাবিদ্যালয়খন নিৰ্মাণকাৰ্য ত্ৰুতিবিহীনভাৱে আৰু দ্ৰুততাৰে সম্পন্ন কৰাৰ ক্ষেত্ৰত যাবতীয় নিৰ্দেশনা প্ৰদান কৰে আৰু কয় যে, “চিকিৎসা মহাবিদ্যালয়খনক স্বীকৃতি প্ৰদানৰ অৰ্থে ৰাজ্য চৰকাৰে চলিত বৰ্ষত ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ ওচৰত আবেদন জনাব সেয়েহে তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়খনৰ চিকিৎসালয় আৰু আনুসংগিক নিৰ্মাণকাৰ্য অহা ১০ ছেপ্টেম্বৰৰ আগেয়ে সম্পূৰ্ণ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে। আনহাতে ২০২৪ চনৰ মাৰ্চ মাহৰ ভিতৰত তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়খন সম্পূৰ্ণভাৱে নিৰ্মাণ হৈ উঠিব যাতে আমি ছাত্ৰছাত্ৰীসকলৰ কাৰণে মহাবিদ্যালয়খন মুকলি কৰি দিব পাৰোঁ ৷ বাকী হোষ্টেলৰ কাম কাজ পাছতো চলি থাকিব ৷ নিৰ্মীয়মাণ প্ৰতিষ্ঠানেও নিৰ্ধাৰিত সময়ত কাম সম্পূৰ্ণ হ’ব বুলি জানিব দিছে ৷” চিকিৎসা মহাবিদ্যালয়খন পৰিদৰ্শনকালত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে মন্ত্ৰী সঞ্জয় কিষান, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, বিধায়ক ক্ৰমে সুৰেন ফুকন, ৰূপেশ গোৱালা আৰু তৰংগ গগৈকে ধৰি ৰাজ্য চৰকাৰ আৰু জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে। পৰৱৰ্তী সময়ত তিনিচুকীয়াৰ কনভেনচন চেন্টাৰত মুখ্যমন্ত্ৰীগৰাকীয়ে তিনিচুকীয়াৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ দল-সংগঠনৰ নেতৃত্বৰ লগতে স্থানীয় ৰাইজৰ স’তে সাক্ষাৎ কৰি তিনিচুকীয়াৰ সংবাদকৰ্মীসকলৰ স’তে এক চাহ মেলত অংশগ্ৰহণ কৰে ৷ তিনিচুকীয়াৰ কুৰিৰো অধিক জ্যেষ্ঠ-কণিষ্ঠ সংবাদকৰ্মীৰ স’তে হোৱা সৌজন্যমূলক চাহ মেলত তিনিচুকীয়াৰ যানযঁট, পাৰ্কিংৰ অসুবিধা, নলা নিৰ্মাণ, লাইটৰ ব্যৱস্থা, অবৈধ পাৰ্কিং, অবৈধ দখন, অবৈধ বিল্ডিং, ট্ৰেফিক লাইট, কৃত্ৰিম বানপানীৰ লগতে বিভিন্ন সমস্যাৰ সন্দৰ্ভত পৰামৰ্শ গ্ৰহণ কৰাৰ লগতে ততাতৈয়াকৈ স্থানীয় বিধায়ক সঞ্জয় কিষান আৰু জিলা উপায়ুক্ত স্বপ্নীল পালক অৱগত কৰি তিনিচুকীয়াত অতিসোনকালে পাৰ্কিংৰ সু-ব্যৱস্থা কৰি যানযঁটৰ সমস্যা দূৰ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে৷ তিনিচুকীয়াৰ ডাক বঙলাত এক পাৰ্কিং নিৰ্মাণ কৰাৰ পৰিকল্পনাৰ সন্দৰ্ভত ক্ষিপ্ৰতাৰে কামসমূহ আগবঢ়াবলৈ নিৰ্দেশ দিয়ে৷ সমান্তৰালভাৱে তিনিচুকীয়া চহৰৰ এক দীৰ্ঘদিনৰ সমস্যা ৰে’ল লাইনটো চহৰৰ পৰা কিছু দূৰলৈ হস্তান্তৰ কৰাৰ সন্দৰ্ভতো সবিশেষ আলোচনা কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ স’তে ৷ শেষত চলিত বৰ্ষৰ আগষ্ট মাহত পুনৰ তিনিচুকীয়ালৈ মুখ্যমন্ত্ৰীগৰাকীয়ে আহিব বুলি উল্লেখ কৰাৰ লগতে ছেপ্টেম্বৰ মাহত তিনিচুকীয়াত কেবিনেট বৈঠক অনুষ্ঠিত হ’ব বুলি অৱগত কৰে ৷
প্ৰেৰক বিবেক বড়া