নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহৰীঘাটত বানপীড়িতৰ বাবে স্বেচ্ছাসেৱী সংস্থাৰ আশ্ৰয় গৃহ নিৰ্মাণ

নিয়মীয়া বাৰ্তা, ২৪ ছেপ্টেম্বৰ : মহাবাহু ব্রহ্মপুত্রৰ প্রলয়ংকৰী বানে হাহাকাৰ পৰিৱেশ সৃষ্টি কৰা লাহৰীঘাট ৰাজহ চক্ৰৰ কাঠনি চাপৰিত বানাক্ৰান্তৰ বাবে বান আশ্রয় গৃহ নির্মাণৰ দৰে আদৰণীয় পদক্ষেপ গ্রহণ কৰি সকলোৰে দৃষ্টি আকর্ষণ কৰিছে স্বেচ্ছাসেৱী সংগঠনে। মৰিগাঁও জিলা আযুক্ত দেৱাশিস শৰ্মাৰ প্রচেষ্টাত যোৰহাটৰ এটা স্বেচ্ছাসেৱী সংস্থা শৰৎ চন্দ্র কাগতি চেৰিটেবলৰ দ্বাৰা নির্মাণকার্য সম্পাদন কৰা উক্ত গৃহটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মৰিগাঁও জিলা আয়ুক্ত দেৱাশিস শৰ্মাই। ব্ৰহ্মপুত্রৰ কাষতে বৃহৎ পৰিমাণৰ টকা খৰচ কৰি নির্মাণ কৰি উলিওৱা বান আশ্রয় গৃহটো উদ্বোধন কৰি দেৱাশিস শৰ্মাই কয়- বন্যার্তৰ দুখ-দুর্গতি দেখি শৰৎ চন্দ্র কাগতি নামৰ স্বেচ্ছাসেৱী সংস্থাটোৱে এই বান আশ্রয় গৃহটো নির্মাণ কৰি দিছে। এইটো বৰ ভাল কাম হৈছে। মানৱতাৰ কাম হৈছে। বানৰ সময়ত নিৰাপত্তাহীনতাত ভোগা, এডোখৰ ঠাই বিচাৰি হাহাকাৰ কৰা মানুহখিনিৰ বাবে এনেদৰে বান আশ্রয় গৃহ নির্মাণ কৰি এক নিদর্শন দাঙি ধৰিছে যোৰহাটৰ স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে। ইয়াৰ বাবে সংস্থাটো ধন্যবাদৰ পাত্র। সমান্তৰালভাৱে মৰিগাঁও জিলাৰ আয়ুক্তগৰাকীকো ধন্যবাদ দিয়ে কাঠনি গাঁৱৰ ৰাইজে। দুই শতাধিক বানাক্রান্তই আশ্রয় গ্রহণ কৰিব পৰাকৈ নির্মাণ কৰি উলিওৱা বান আশ্রয় গৃহটোত শৌচাগাৰ আৰু ৰান্ধি খোৱা-বোৱাৰ বাবে পাকঘৰৰ ব্যৱস্থা কৰি দিয়া হৈছে। বান আশ্ৰয় গৃহটো সাজি দিয়া শৰৎ চন্দ্র কাগতি চেৰিটেবল ট্রাষ্টৰ বিষয়ববীয়াসকলকো কাঠনি গাঁৱৰ ৰাইজে ধন্যবাদ জ্ঞাপন কৰে। সন্থাই দুর্গতৰ বাবে কিবা এটা কৰিবলৈ পাই তেওঁলোক সুখী হৈছে। তেওঁলোকৰ এই কামৰ ধাৰা অব্যাহত ৰাখিব বুলি মন্তব্য কৰে। বানপীড়িত অঞ্চলৰ ৰাইজৰ সমস্যাৰ কথা হৃদয়ংগম কৰি জিলা আযুক্ত দেৱাশিস শর্মাই যোৰহাটৰ স্বেচ্ছাসেৱী সংস্থাটোক আমন্ত্রণ কৰি আনি লাহৰীঘাটৰ কাঠনিৰ দুৰ্গতৰ বাবে এনেদৰে এটা বৃহৎ বান আশ্রয় গৃহ নির্মাণ কৰোৱা কার্যক সকলোৱে একমুখে শলাগ লৈছে। জিলাখনৰ মুৰব্বী প্রশাসনিক বিষয়াগৰাকী জিলাখনৰ অভিভাৱক, মৰিগাঁৱৰ আয়ুক্তগৰাকীয়ে সেই অভিভাৱকৰ দায়িত্ব পালন কৰাই নহয়, তেওঁ এই কথাও প্রমাণ কৰি দেখুৱালে যে ইচ্ছা তথা আত্মবিশ্বাসেৰে আগবাঢ়িলে চৰকাৰী ধন-আঁচনিৰ প্ৰতি আশা নকৰাকৈ বহু কামেই কৰিব পাৰি। উল্লেখ্য যে কাঠনিৰ স্থায়ী বান আশ্রয় গৃহটো স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ পৰা বিভাগীয়ভাৱে চমজি লৈ ইয়াৰ তদাৰকীৰ দায়িত্ব লাহৰীঘাট ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ হাতত অর্পণ কৰা হয়। উক্ত আশ্রয় গৃহটোৰ উদ্বোধনী অনুষ্ঠানত কাঠনি গাঁৱৰ ৰাইজ উপস্থিত আছিল।

প্ৰেৰক আবুল কালাম

You might also like