নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খেলি থাকোঁতে নিৰ্মীয়মাণ টয়লেটৰ টেংকিত পৰি পাঠশালাত শিশুৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ২১ এপ্ৰিলঃ বজালী মহকুমা সদৰ পাঠশালাৰ সমীপৱৰ্তী কেন্দুগুৰীত আজি দিনৰ ভাগত সংঘটিত এক মৰ্মান্তিক ঘটনাই সমগ্ৰ বজালীতে শোকৰ ছাঁ পেলাইছে৷ এটা নিৰ্মীয়মান গৃহৰ টয়লেটত পৰি এটি ফুল কুমলীয়া শিশুৰ মৃত্যু হোৱা খবৰে সমগ্ৰ অঞ্চলটোকে শোকাছন্ন কৰি তোলে৷ ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি কেন্দুগুৰীৰ বাঁহবাৰী ঔৰতল চুবুৰীৰ নিৱাসী অপুৰ্ব পাটগিৰি আৰু বিনীতা পাটগিৰিৰ একমাত্ৰ সন্তান চাৰি বছৰীয়া পুত্ৰ কাব্যম পাটগিৰিয়ে তেওঁলোকৰ এটি নিৰ্মীয়মান গৃহত খেলি থকাৰ সময়তে কেনেবাকৈ গৃহটিৰ সতে সংযুক্ত কৰি নিৰ্মাণ কৰি থকা টয়লেটৰ টেঙ্কিত পৰি যায়৷ ইয়াৰ পিছতে স্থানীয় লোকৰ তৎপৰতাত শিশুটিক উদ্ধাৰ কৰি ততাতৈয়াকৈ পাঠশালাৰ শ্বহীদ মদন ৰাউতা অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে শিশুটিক ইতিমধ্যে মৃত ঘোষণা কৰে৷ স্মৰ্তব্য যে শিশুটিৰ মাতৃয়ে তেওঁক ভাত খুৱাই উঠাৰ পিছত শিশুটিয়ে খেলিবলৈ ধৰা সময়তে সংঘটিত হয় শোকাবহ ঘটনাটো৷ নিৰ্মীয়মান টয়লেটৰ টেংকিটো পানীৰে পৰিপূৰ্ণ হৈ থকাৰ বাবেই শিশুটিৰ সলিল সমাধি ঘটে৷ উল্লেখনীয় যে অহা ৯ মে’ত চাৰি বছৰীয়া জন্মদিন পালন কৰিবলগীয়া শিশুটিৰ অভিযন্তা পিতৃ কৰ্মসূত্ৰে বাংগালুৰুত আছে আৰু এই শোকাৱহ ঘটনাটো সংঘটিত হোৱাৰ সময়ত শিশুটিৰ মাতৃগৰাকী ঘৰত অকলে আছিল৷

প্ৰেৰক কল্যাণ কলিতা

You might also like