দিব্যাংগ খেলুৱৈৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ক্ৰমাগত দ্বিতীয় সোণৰ পদক অৰ্জন কৰা আনোৱাৰ ছিকদাৰক বৰপেটাৰ জনসংযোগ বিষয়াৰ সম্বৰ্ধনা
নিয়মীয়া বাৰ্তা, ২৫ এপ্ৰিল: বৰপেটা জিলাৰ এগৰাকী শাৰীৰিকভাৱে বাধাগ্ৰস্ত খেলুৱৈ আনোৱাৰ ছিকদাৰে অলপতে ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত অভিলেখ স্থাপন কৰি সোণৰ পদক অৰ্জন কৰিছে। আজি জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ত তেওঁক সম্বৰ্দ্ধনা জনোৱা হয়। জিলা জনসংযোগ বিষয়া বিকাশ শৰ্মাই তেওঁক সম্বৰ্দ্ধনা জনাই উত্তৰোত্তৰ ভৱিষ্যত কামনা কৰে। কাইলৈ তেওঁক জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয়ত বিশেষ সম্বৰ্দ্ধনা জনোৱা হ’ব বুলি জনসংযোগ বিষয়াই জনাইছে। উল্লেখযোগ্য যে, হাউলীৰ ওচৰৰ জয়পুৰৰ বাসিন্দা আনোৱাৰ ছিকদাৰে যোৱা ২৪-২৭ মাৰ্চত ৰাজস্থানৰ উদয়পুৰত অনুষ্ঠিত পেৰা ক্ৰীড়া প্ৰতিযোগিতাত ১০০ মিটাৰ ব্ৰেষ্ট ষ্ট্ৰোক সাতোৰ প্ৰতিযোগিতাত ১.৪০.৬৫ মিনিটৰ ৰাষ্ট্ৰীয় অভিলেখ স্থাপন কৰি সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়। তেওঁ আনকি যোৱা বছৰো বাঙ্গালুৰুত অনুষ্ঠিত হোৱা ক্ৰীড়া প্ৰতিযোগিতাত ৫০ মিটাৰ ব্ৰেষ্ট ষ্ট্ৰোকত সোণৰ আৰু ৫০ মিটাৰ বেক ষ্ট্ৰোকত ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল। এইবাৰৰ প্ৰতিযোগিতাত অংশলোৱা বৰপেটা জিলাৰে নগাঁৱৰ ছাজিদা বেগমেও মহিলাৰ ৫০ মিটাৰ ব্ৰেষ্ট ষ্ট্ৰোকত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈ জিলাখনৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে দুয়োকে আন্তৰিক অভিনন্দন জনাইছে। উল্লেখযোগ্য যে যোৱা বছৰৰ স্বাধীনতা দিৱসৰ জিলাৰ কেন্দ্ৰীয় অনুষ্ঠানত আনোৱাৰ ছিকদাৰক প্ৰশাসনৰ তৰফৰ পৰা সম্বৰ্দ্ধনা জনোৱা হৈছিল।
প্ৰেৰক আফতাব হুছেইন