নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেকাজান প্ৰাক্তন সৈনিক গাঁৱত অবিৰত শ্ৰী মদ্ভাগৱত পাঠ

🔹 ভক্তিপ্ৰাণ ৰাইজৰ উপস্থিতিত উদুলি-মুদুলি পৰিৱেশ

নিয়মীয়া বাৰ্তা, ২০ মে’ : তিতাবৰ মহকুমাৰ বেকাজান প্ৰাক্তন সৈনিক গাঁৱৰ নামঘৰত ১৬ মে’ৰ পৰা ২৪ মে’লৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে অবিৰত শ্ৰী মদ্ভাগৱত পাঠ। উদযাপনস্থলীত বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তিপ্ৰাণ ৰাইজৰ উপস্থিতিত উদুলি-মুদুলি পৰিৱেশ বিৰাজ কৰিছে। ভাগৱত পাঠৰ বাবে প্ৰাক্তন সৈনিক গাঁৱৰ নামঘৰটো সজাই-পৰাই অতি আকৰ্ষণীয় ৰূপ দিছে। ভক্তিপ্ৰাণ ৰাইজে চাকি, ধূপ জ্বলাই অদৃশ্যজনৰ চৰণত সেৱা লৈছে। চৌপাশত এইকেইদিন আধ্যাত্মিক পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হৈছে। উল্লেখ্য যে ২৪ মে’ৰ পুৱা ভাগৱত পাঠৰ সামৰণি পৰিব। দুপৰীয়া বেদী বিসৰ্জন আৰু নিশালৈ সন্মিলিত শিল্পী সমাজৰ দ্বাৰা ‘নৃ-সিংহ অৱতাৰ’ ভাওনা প্ৰদৰ্শিত হ’ব। শ্ৰী মদ্ভাগৱত পাঠৰ বাকী থকা দিনকেইটাত ৰাইজৰ উপস্থিতি কামনা কৰিছে উদযাপন সমিতিয়ে।

প্ৰেৰক অজয় শইকীয়া

You might also like