নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৈঠালকুছি-বৰমা পথত গাঁত : ঠিকাদাৰে নিম্নমানৰ কাম কৰাৰ অভিযোগ

নিয়মীয়া বাৰ্তা, ৮ মেঃ বৰমা-ধৰ্মপুৰ সমষ্টিক প্ৰত্যক্ষভাৱে সংযোগ কৰা তথা নলবাৰী আৰু বাকসাৰ অন্তৰ্গত কে.বি.এছ (কৈঠালকুছি-বৰমা-সুৱনখাটা) গড়কাপ্তানী পথৰ বৰমা-গোৱৰাদল-কৈঠালকুছি অংশৰ পথছোৱাৰ নিৰ্মাণ কাৰ্য্য কৰি যোৱাৰ কেইমাহমান পাছতে পথটোত ফাটমেলি বহি গৈ গাঁতৰ সৃষ্টি হোৱাত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ৰাইজে উল্লেখ কৰা মতে অতিকে গুৰুত্বপূৰ্ণ উক্ত পথটো মেৰামতিৰ অভাৱত জহিখহি গৈ বহু বছৰ শোচনীয় অৱস্থাত থকাৰ পাছত যান-বাহনৰ লগতে ৰাইজ তথা স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীয়ে জীয়াতু ভুগিব লগা হৈছিল৷আৰু এই বিষয়ে বিভিন্ন সময়ত সংবাদ মাধ্যমত বিস্তৃত ভাবে বাতৰি প্ৰকাশ পোৱাৰ লগতে এই গুৰুত্বপূৰ্ণ পথছোৱা মেৰামতি নাইবা পুনৰ নিৰ্মাণ কৰিবলৈ স্থানীয় ৰাইজ আৰু বিভিন্ন দ’ল-সংগঠন সময়ে-সময়ে বিভাগীয় কৰ্ত্তৃপক্ষক আবেদন-নিবেদন কৰি অহাৰ পাছত আজিৰ পৰা কেইমাহমান পূৰ্বে অৰ্থাৎ ২০২২ বৰ্ষৰ মাৰ্চ মাহৰ পৰা নলবাৰীৰ জনৈক পাছা উপাধিৰ ঠিকাদাৰ এজনে লোকনিৰ্মাণ বিভাগৰ মুছলপুৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ৰ যোগেদি উক্ত জৰাজীৰ্ণ পথচোৱাৰ নিৰ্মাণৰ কাম আৰম্ভ কৰে৷প্ৰায় ১০ কোটি টকা ব্যয় সাপেক্ষে বৰমাৰ পৰা উত্তৰ কৈঠালকুছিলৈ ঠিকাদাৰজনে বিগত বৰ্ষৰ মাৰ্চ মাহৰ পৰা পথ  নিৰ্মাণৰ কাম আৰম্ভ কৰে যদিওঁ নিৰ্মাণকাৰ্য্যত জড়িত ঠিকাদাৰজনে অতি নিম্নমানৰ কাম কৰাৰ বাবে কৈঠালকুছিৰ কামপীঠ জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়লৰ সমুখত পকীকৰণ কৰি যোৱাৰ পিছতেই পথটোৰ মাজভাগত ফাটমেলি বহি গৈ গাঁতৰ সৃষ্টি হোৱা বুলি ৰাইজে অভিযোগ কৰে৷বৰ্তমানেওঁ গোটেই পথচোৱাৰ নিৰ্মাণ কাৰ্য্য সম্পূৰ্ণ নৌহওঁতেই তথা পথ নিৰ্মাণৰ কেইমাহমান পাছতেই নিৰ্মাণ কৰি যোৱা পথৰ মাজভাগত গাঁতৰ সৃষ্টি হোৱাক লৈ স্থানীয় ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হ’য়৷ আনফালে একাংশ সচেতন ৰাইজে পথচোৱা নিৰ্মাণ কৰি থকাৰ সময়ত ৰাজ্য চৰকাৰৰ বিয়াগোম লোকনিৰ্মাণ বিভাগৰ কোনো বিষয়া-কৰ্মচাৰীয়ে পথটোৰ নিৰ্মাণৰ সময়ত কোনোধৰণৰ গুৰুত্ব নিদিয়াৰ লগতে নিৰ্মাণ কাৰ্য্যৰ তদাৰক নকৰাৰ ফলতে ঠিকাদাৰে নিজৰ খেয়াল-খুচিমতে অতি নিম্নমানৰ কাম কৰাৰ বাবেই পথ পকীকৰণৰ পিছতেই পথৰ মাজত ফাট মেলি গাঁতৰ সৃষ্টি হোৱা বুলি এক গুৰুতৰ অভিযোগ উত্থাপন কৰে৷আনকি ৰাইজে লোকনিৰ্মাণ বিভাগৰ মুছলপুৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰী সকলক একেমুখে ধিক্কাৰ দিয়ে৷ লগতে ৰাইজে পথটোৰ নিৰ্মাণ কাৰ্য্য তদাৰক কৰি প্ৰাককলন মতে পথটোৰ নিৰ্মাণ কাৰ্য্য সঠিকৰূপে হৈছেনে নাই এই বিষয়ে তদন্ত কৰিবলৈ অসমৰ মাননীয় মূখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনায়৷
প্ৰেৰক শৈলেন বৰ্মন
You might also like