🔹 শিৱসাগৰত ভয়ংকৰ ঘটনা
নিয়মীয়া বাৰ্তা, ২১ অক্টোবৰ : শিৱসাগৰ জিলাৰ জয়সাগৰ আৰক্ষী চকীৰ অন্তৰ্গত মেটেকা আমগুৰি গাঁৱত আজি পুৱাৰ ভাগত বিদ্যুৎস্পৃষ্ট হৈ এগৰাকী ধালাই ঠিকাদাৰৰ কৰুণভাৱে মৃত্যু হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পেলাইছে ৷ এজন ব্যক্তিৰ দ্বিতীয় মহলাৰ ছাদ দিবৰ বাবে ধালাই মেচিনৰ লিফ্ট সংযোগ কৰোঁতেই আকস্মিকভাৱে ওপৰেদি পাৰ হৈ যোৱা এঘাৰ হাজাৰ কে ভিৰ বিদ্যুৎ পৰিবাহী তাঁৰত লাগি কৰুণ মৃত্যুক সাবটি লোৱা ঠিকাদাৰগৰাকীৰ নাম ফইজুল আলী ( ৪৮) বুলি জানিব পৰা গৈছে ৷ মৰিগাঁও জিলাৰ মিকিৰভেটাৰ নিবাসী ফইজুল আলীয়ে বিগত প্ৰায় ২৫ বছৰ ধৰি নগৰৰ চুকৰ গাঁও অঞ্চলত ভাৰাতীয়া হিচাপে থাকি ধালাই মেচিনৰ শ্ৰমিক যোগান তথা মেচিন যোগানৰ এগৰাকী প্ৰতিস্থিত ঠিকাদাৰ হিচাপে পৰিচিত হৈ পৰিছিল ৷ দুই শতাধিক ধালাই শ্ৰমিকৰ লগতে বহুকেইটা ধালাই মেচিনৰ গৰাকী ফইজুলে একে সময়তে কেইবাটাও ঘৰৰ ছাদ দিব পৰা সক্ষমতা অৰ্জন কৰিছিল ৷ জানিব পৰা মতে, আজি পুৱা অৰ্ধশতাধিক শ্ৰমিকসহ এখন প্ৰায় তিনি হাজাৰ দুশ বৰ্গ ফুটৰ ছাদ ধালাই দিবৰ বাবে মেটেকা আমগুৰি গাঁৱৰ চহিদুৰ ৰহমান নামৰ ব্যক্তিগৰাকীৰ গৃহত উপস্থিত হৈছিল ৷ ধালাইৰ যাৱতীয় প্ৰস্তুতিৰ অংশ হিচাপে ঠিকাদাৰ ফইজুলে তলত ধালাই মেচিন বহুৱাই দ্বিতীয় মহলাত মেচিনৰ লিফ্ট সংস্থাপন কৰি থাকোঁতেই লিফ্ট সংযোগী এডাল লোৰ চিলিং দুৰ্ভাগ্যবশত: নাতিদূৰেৰে পাৰ হৈ যোৱা উচ্চ পৰিবাহী এঘাৰ হাজাৰ ভল্টৰ বৈদ্যুতিক তাঁৰৰ সংস্পৰ্শলৈ অহাত তলৰ পৰা লোৰ কেবল টানি থকা ফইজুল আলী বিদ্যুৎস্পৃষ্ট হৈ ছিটিকি পৰে ৷ লগে লগে আন শ্ৰমিকৰ লগতে গৃহটোৰ গৰাকী চহিদুৰ ৰহমানে ততাতৈয়াকৈ বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত হোৱা ফইজুলক নগৰৰ এখন ব্যক্তিগত নাৰ্চিং হোমলৈ নিয়ে যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৷ পত্নীসহ চাৰিটা সন্তানৰ পিতৃ ফইজুলৰ মৃতদেহ পৰৱৰ্তী সময়ত আৰক্ষীৰ উপস্থিতিত মৰণোত্তৰ পৰীক্ষাৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ অত্যন্ত সৰল প্ৰকৃতিৰ ফইজুলৰ আকস্মিক মৃত্যুৰ খবৰে শিৱসাগৰ আমগুৰি অঞ্চলৰ লগতে চুকৰগাঁও, ধাই আলি অঞ্চলতো গভীৰ শোকৰ ছাঁ পেলাইছে ৷
প্ৰেৰক আশ্ৰফুৰ ৰহমান