নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিৰন্তৰ প্ৰচেষ্টাৰ অন্তত সংস্থাপিত ডিৰিয়ালৰ তৈলখাদত ব্ল-আউট

নিয়মীয়া বাৰ্তা, ২৪ অক্টোবৰঃ ২০১৬ চনৰ পৰাই নিষ্ক্ৰিয় অৱস্থাত থকা অইল ইণ্ডিয়া লিমিটেডৰ বৰডুবি তৈলক্ষেত্ৰৰ অন্তৰ্গত গজালবস্তিৰ এন এইচ কে–৬৭ নম্বৰ গেছ খাদটোত সংস্থাপন কৰি থোৱা এক্স-মাছ ট্ৰি (X-Mass tree)  অংশ কোনো  দুষ্কৃতিকাৰীয়ে কাটি চুৰি কৰি লৈ যোৱাৰ ফলতে সংঘটিত হয় বাঘজান কাণ্ডৰ দৰে এক সাম্ভাব্য ব্ল’ আউট ঘটনা। যোৱা ১৯ অক্টোবৰৰ নিশা ৯.৩০ মিনিটত সংঘটিত এই ঘটনাৰ পাছৰে পৰা অতি উচ্চচাপত খাদটোৰ ভূ-গৰ্ভৰ পৰা উৰ্ধমুখীত নিৰ্গত হৈ আহিছিল তেল-গেছ জাতীয় মিশ্ৰিত তৰল পদাৰ্থ। সাম্ভাব্য ঘটনাৰ প্ৰতিৰোধ কৰিবৰ বাবে অইল ইণ্ডিয়া কৰ্তৃপক্ষই লগে লগে ফায়াৰ বিগ্ৰেড সহ যাৱতীয় সা-সৰঞ্জাম ঘটনাস্থলীত নিয়োজিত কৰাৰ লগতে জুই তথা দাহ্য পদাৰ্থ ব্যৱহাৰৰ পৰা বিৰত ৰাখিলে স্থানীয় ৰাইজক। বাঘজানৰ দৰে শিহৰণকাৰী কাণ্ড স্ব-চক্ষে প্ৰত্যক্ষ কৰা সৰ্বসাধাৰণ ৰাইজ ত্ৰস্তমান হৈ উঠিছিল এই ঘটনাত। ইফালে ঘটনাৰ ৪৮  ঘন্টা উকলি যোৱাৰ পাছতো অইল ইণ্ডিয়াৰ দূৰ্যোগ ব্যৱস্থাপনা বিভাগ, অ’জিপিএছ, লজিষ্টিক তথা ইঞ্জিনীয়াৰিং চাৰ্ভিচ তথা অন্যান্য বিভাগীয় সমূহ বিষয়া-কৰ্মচাৰী সমন্বিতে দিনে নিশাই নিৰলস প্ৰচেষ্টা চলাই অৱশেষত ৬০ ঘন্টাৰ অন্ততঃ খাদৰ মুখত বিঅ’পি অৰ্থাৎ ব্ল’ আউট প্ৰিভেন্টাৰ লগাবলৈ সক্ষম হ’ল। প্ৰাৰম্ভিক পৰ্যায়ত উচ্চগতিত গেছ-পানী প্ৰৱাহ চলি থকাৰ বাবে তৈলকূপটো নিয়ন্ত্ৰণ কৰিব পৰা নাছিল। কেইবাবাৰো বিফল হোৱাৰ পাছত যোৱা ২২ অক্টোবৰ দুপৰীয়া ১২.৪৪ বজাত বিভিন্ন প্ৰতিকূলৰ মাজেৰে খাদৰ মুখত বিঅ’পি স্থাপনত সফল হ’ল অইল ইণ্ডিয়া। এই সফলতাৰে অইল ইণ্ডিয়াই নিজা প্ৰচেষ্টাৰে আৰু এককভাৱে ব্ল’ আউট ৰোধ কৰি অইলৰ ইতিহাসত প্ৰথমবাৰলৈ ৰেক’ৰ্ড গঢ়িলে। পৰৱৰ্তী পৰ্যায়ত খাদটো চাপ শূণ্য কৰি কিলিং কৰে। এই সমগ্ৰ ঘটনাত সহযোগিতা আগবঢ়োৱাৰ বাবে অইল ইণ্ডিয়া লিমিটেডে স্থানীয় লোক, জিলা প্ৰশাসন, অসম চৰকাৰৰ লগতে ভাৰত চৰকাৰৰ পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ক ধন্যবাদ জ্ঞাপন কৰে। আনহাতে অইল ইণ্ডিয়া লিমিটেডে এইধৰণৰ দূৰ্যোগ যাতে পুনৰবাৰ সংঘটিত নহয় তাৰ বাবে নিষ্ক্ৰিয় তথা পৰিত্যক্ত তেল-গেছ খাদসমূহতো অতি শীঘ্ৰেই নিৰাপত্তাৰক্ষী নিয়োজিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস প্ৰদান কৰে।

প্ৰেৰক কৃষ্ণা গগৈ

You might also like