বিশেষ বার্তা, ১৪ মে’ : বিতর্কিত মন্তব্য : NSAৰ অধীনত গ্রেপ্তাৰ আমিনুল ইছলাম। নগাঁও কেন্দ্রীয় কাৰাগাৰত কাৰাবন্দী হৈ থকা নগাঁও জিলাৰ ধিং বিধানসভা সমষ্টিৰ বিধায়ক আমিনুল ইছলামক আজি নগাঁও আৰক্ষীয়ে ৰাষ্ট্রীয় নিৰাপত্তা আইনৰ (এনএছএ) অধীনত পুনৰ গ্রেপ্তাৰ কৰে৷ কাশ্মীৰৰ পেহেলগামৰ হত্যাকাণ্ডৰ সন্দর্ভত বিতর্কিত তথা ৰাষ্ট্রবিৰোধী মন্তব্য কৰি ইতিপূর্বে গ্রেপ্তাৰ হৈছিল বিধায়ক আমিনুল ইছলাম৷
কাৰাগাৰত থকা বিধায়ক আমিনুল ইছলামক আজি আদালতে জামিন দিছিল যদিও মুকলি আকাশৰ তললৈ আহিবলৈ নৌপাওতেই কাৰাগাৰতে নগাঁও আৰক্ষীয়ে তেওঁক ৰাষ্ট্রীয় নিৰাপত্তা আইনৰ অধীনত গ্রেপ্তাৰ কৰে৷ উল্লেখ যে পেহেলগামৰ ঘটনা সন্দর্ভত বিতর্কিত মন্তব্য কৰাৰ বাবে ২৪ এপ্রিলত নগাঁও আৰক্ষীয়ে বিধায়ক আমিনুল ইছলামক তেওঁৰ নিজ বাসগৃহ পৰমাইভেটিৰ পৰা গ্রেপ্তাৰ কৰিছিল৷
পেহেলগামৰ ঘটনাৰ পাছত সন্ত্রাসবাদী কাম–কাজৰ বিৰুদ্ধে টু শব্দ এটাও উচ্চাৰণ নকৰি আওপকীয়াকৈ সন্ত্রাসবাদী শক্তিকহে উৎসাহিত কৰি সমগ্র ঘটনাৰ বাবে প্রধানমন্ত্রী আৰু গৃহমন্ত্রীক দোষাৰোপ কৰা সন্দর্ভত বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে সদৰ থানাত ভাৰতীয় ন্যায় সংহিতাৰ ১৫২/১৯৭/১৯৭ i)৷ ১৩৩i)/৩৫২/৩৫৩ নং ধাৰাৰ অধীনত ৩৪৭/২৫ নম্বৰত এক গোচৰ ৰুজু কৰি এআইইউডিএফৰ ধিঙৰ বিধায়ক আমিনুল ইছলামক গ্রেপ্তাৰ কৰি ৪ দিনৰ আৰক্ষীৰ জিম্মাত লয়৷
জিম্মাৰ ম্যাদ শেষ হোৱাৰ পিছত ২৯ এপ্রিলত তেওঁক আৰক্ষীয়ে আদালতৰ জৰিয়তে নগাঁও কাৰাগাৰলৈ প্রেৰণ কৰে৷ তেতিয়াৰ পৰাই তেওঁ নগাঁও কাৰাগাৰত কাৰাবন্দী হৈ আছে৷ আজি তেওঁক আদালতে জামিন প্রদান কৰাৰ পিছত নগাঁও আৰক্ষীয়ে ৰাষ্ট্রীয় নিৰাপত্তা আইনত গ্রেপ্তাৰ কৰে৷ আজি নগাঁৱৰ আৰক্ষী অধীক্ষক স্বপ্ণনীল ডেকাই বিধায়ক আমিনুল ইছলামক এনএছএত গ্রেপ্তাৰ কৰাটো নিশ্চিত কৰিছে৷
উল্লেখ যে প্রায়ে বিতর্কৰ মাজত থকা বিধায়ক আমিনুল ইছলামে মানৱ জাতিয়ে ভয়াৱহ কৰোনা মহামাৰীৰ বিৰুদ্ধে যুঁজ দি থকাৰ সময়তে ৰাজনৈতিক লাভালাভৰ বাবে, উদ্ভট, আপত্তিজনক আৰু অতি সাম্প্রদায়িক মন্তব্যৰ এক অডিDঅ’ ক্লিপ নিজৰ মোবাইলত ভাইৰেল কৰি গ্রেপ্তাৰ হ’ব লগা হৈছিল৷ নগাঁও সদৰ আৰক্ষীয়ে ২০২০ চনৰ ৭ এপ্রিলত এই সন্দর্ভত ভাৰতীয় দণ্ডবিধিৰ ১২০ (বি)/১৫৩ (এ)/১২৪ (এ)/২৯৫ (এ) ধাৰাত ৮৭৭/২০ নম্বৰত গোচৰ ৰুজু কৰি বিধায়ক আমিনুল ইছলামক গ্রেপ্তাৰ কৰিছিল৷
প্ৰেৰক কনক হাজৰিকা