নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অভিভাৱকক ঘুচিয়ালে বিতৰ্কিত সাংস্কৃতিক কর্মী ত্রৈলোক্য দত্তই

🔹 শিৱসাগৰত সাংস্কৃতিক মহাসভাৰ স্মৃতিচাৰণ অনুষ্ঠানত নিশা উত্তপ্ত পৰিস্থিতি

নিয়মীয়া বার্তা, ১৪ জুলাই : বাৰ মাহত তেৰটাতকৈও অধিক অনুষ্ঠান পতাৰ লগতে অনুমতিবিহীনভাৱে হকে–বিহকে আয়ুক্ত–আৰক্ষী অধীক্ষক, বিশিষ্ট ব্যক্তিৰ নাম গোহাৰিত সন্নিৱিষ্ট কৰি প্রশাসনৰ ৰোষত পৰা বহু বিতর্কিত সাংস্কৃতিক কর্মী ত্রৈলোক্য দত্তৰ বিৰুদ্ধে অভিভাৱকক আক্ৰমণ কৰা, শতাধিক শিশুক মানসিক যন্ত্রণা দিয়াৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে একাংশ ক্ষুব্ধ অভিভাৱকে৷ উল্লেখ্য যে সাংস্কৃতিক মহাসভাৰ শিৱসাগৰ জিলা সমিতিয়ে আয়োজন কৰা কেন্দ্রীয় বিষ্ণু ৰাভা স্মৃতিচাৰণ অনুষ্ঠানটোৰ কালি আছিল সামৰণিৰ দিন৷ উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি সন্ধিয়াৰ পৰা কণ কণ শিশুসকলৰ মাজত সাজপাৰ প্রতিযোগিতা অনুষ্ঠিত কৰাৰ কথা আছিল যদিও ত্রৈলোক্য দত্ত নেতৃত্বাধীন সমিতিয়ে সন্ধিয়াৰ পৰা নিশা ১০.৩০ বজা পর্যন্ত শিশুসকলৰ অনুষ্ঠানটো অনুষ্ঠিত কৰিবলৈ সক্ষম নহ’ল৷ কালি দিনৰ লগতে নিশাৰ ভাগতো অত্যন্ত গৰমৰ বাবে ৰাইজৰ লগতে অভিভাৱক আৰু কণ কণ শিশুসকলৰ অৱস্থা কাহিল হৈ পৰিছিল৷ আচৰিত ধৰণে চূডান্ত মইমতালিৰে কণ কণ শিশুসকলক প্রচণ্ড গৰমৰ মাজত সাজ–পোছাক পিন্ধি সাজু হৈ থাকিবলৈ নির্দেশ দিয়াৰ পিছতো মঞ্চত নাছিল পোহৰৰ ব্যৱস্থা৷ আয়োজক সমিতিৰ এনে কাণ্ডজ্ঞানহীন কার্যত ক্ষোভিত হৈ পৰা অভিভাৱকসকলে জিলা পুথিভঁৰালৰ চৌহদত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷ বিশেষকৈ বাৰ মাহত তেৰটা অনুষ্ঠান অনুষ্ঠিত কৰি চমকৰ নামত পকেট গৰমৰ অভিযোগ থকা দত্ত বাহিনীয়ে এইবাৰ পোহৰৰ ব্যৱস্থা কৰিব নোৱাৰি গাড়ীৰ হেড লাইটৰ পোহৰত অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ যোৱাৰ পিছতেই ধৈর্যৰ বান্ধ খোল খোৱা ক্ষোভিত ৰাইজ–অভিভাৱকৰ এজনক ত্রৈলোক্য দত্তই ঘুচিয়াই দিয়ে৷ অৱশ্যে একাংশ সচেতন ব্যক্তিৰ তৎপৰতাত চূডান্ত পর্যায় পোৱাৰ পূর্বেই পৰিস্থিতি শাম কটাৰ লগতে আয়োজক সমিতিয়েও উক্ত অনুষ্ঠান বাতিল কৰিবলৈ বাধ্য হয়৷ আনহাতে, দীঘলীয়া সময় উৎকট গৰম, ভোকে–পিয়াহে আতুৰ প্রতিযোগীসকলে বুকুত বেদনা আৰু ক্ষোভ লৈ সেই স্থান ত্যাগ কৰে৷ একাংশ ক্ষোভিত অভিভাৱকে এই অৰাজকতাৰ বাবে মূলতে ত্রৈলোক্য বাহিনীকেই জগৰীয়া কৰাৰ লগতে এনেদৰে প্রচণ্ড গৰমত প্রতিযোগিতাৰ নামত শিশুসকলৰ জীৱনৰ সৈতে খেলা নকৰিবলৈ সকীয়াই দিয়ে৷ অভিযোগ মতে, সাংস্কৃতিক কর্মী হিচাপে পৰিচিত ত্রৈলোক্য বাহিনীয়ে প্রায় ১৩–১৪ বছৰ ধৰি বছৰৰ বাৰ মাহতেই অলেখ অনুষ্ঠান অনুষ্ঠিত কৰি ব্যৱসায়ী মহলৰ মাজত সন্ত্রাস–আতংকৰ আন এটা নাম হৈ পৰিছে৷ প্রতিটো অনুষ্ঠানৰ পূর্বে বিশেষ কেতবোৰ ব্যক্তিক উপাধি প্রদানেৰে মুকলি ধন সংগ্রহৰ পথ প্রশস্ত কৰাত পাকৈত বুলিও অভিযোগ কৰে একাংশই।

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like