নিয়মীয়া বাৰ্তা, ২১ মাৰ্চঃ কামৰূপৰ নৱনিৰ্বাচিত ছমৰীয়া ব্লক কংগ্ৰেছৰ সভাপতিক লৈ অব্যাহত আছে বিতৰ্ক। ছমৰীয়া ব্লক কংগ্ৰেছৰ নৱনিৰ্বাচিত সভাপতি মোজ্জামেল হকক বাতিলৰ দাবীত ৰঙ্গেশ্বৰীত একাংশ জেষ্ঠ কংগ্ৰেছ সমৰ্থকে সংবাদ মেল সম্বোধন কৰে।
সংবাদ মেলত নৱনিৰ্বাচিত সভাপতি মোজ্জামেল হকক অকংগ্ৰেছী বুলি অভিহিত কৰাৰ উপৰি মোজাম্মেল হকক বাতিল কৰি বিধায়িকা নন্দিতা দাসৰ নেতৃত্বত ছমৰীয়া ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি নতুনকৈ বাছনি কৰিবলৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটীক সংবাদ মেলযোগে আহ্বান জনায় ছমৰীয়া ৰঙ্গেশ্বৰী গাঁৱৰ একাংশ জেষ্ঠ তৃণমূল পৰ্যায়ৰ কংগ্ৰেছীয়ে।
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস