দেৰগাঁৱত বন সুৰক্ষা কৰ্মীৰ দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ ড° হিমন্ত বিশ্ব শৰ্মাৰ
নিয়মীয়া বাৰ্তা, ৭ আগষ্ট : দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমীত আজি ৯৪০গৰাকী বন সুৰক্ষা কৰ্মীৰ দীক্ষান্ত সমাৰোহ সম্পন্ন হয়। গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধিৰ সেই কাৰ্যকালবিলাকৰ কথা বাদ দি সমসাময়িক অসমত এটা টকাও ঘোচ নিদিয়াকৈ চাকৰি দিয়াৰ বিৰল কৃতিত্ব আৰু প্ৰাপ্তি বৰ্তমান শাসকীয় চৰকাৰৰ। এই চৰকাৰৰ এই প্ৰয়াসত অসমৰ ভৱিষ্যতে সদায় যুগে যুগে প্ৰশংসা কৰি যাব। এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত আজি নতুনকৈ নিযুক্তি লাভ কৰা ৯৪০গৰাকী বন সুৰক্ষা কৰ্মী জোৱানৰ দীক্ষান্ত সমাৰোহত মুখ্য অতিথি ৰূপে উপস্থিত থাকি মুখ্যমন্ত্ৰী ড০ শৰ্মাই স্বচ্ছ আৰু নিকা ভাৱে নিযুক্তি লাভ কৰা এই জোৱানসকলে অসমৰ বনাঞ্চলসমূহ বনধংসকাৰী আৰু চোৰাং চিকাৰীৰ পৰা সুৰক্ষা দিবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰে। দেৰগাঁও লাচিত বৰফুকন পুলিছ একাডেমীৰ ষ্টেডিয়ামত, অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান জি পি সিঙে আদৰণি ভাষণ আৰু আৰক্ষীৰ আকৰ্ষণীয় কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে অসম বন সুৰক্ষা বাহিনীৰ নৱনিযুক্ত জোৱানসকলক অভিনন্দন আৰু তেওঁলোকৰ গৌৰবী পিতৃ মাতৃ তথা নিকটাত্মীয়ক আদৰণি জনায়। তেওঁ কয় যে ইউনিফৰ্ম পৰিহিত সেৱাৰ সৈতে জড়িত প্ৰতিগৰাকী লোকৰ জীৱনত দীক্ষান্ত সমাৰোহ এক গুৰুত্বপূৰ্ণ মূহুৰ্ত। গৌৰৱ আৰু প্ৰাপ্তিৰ এই সোনোৱালী ক্ষণত গ্ৰহণ কৰা শপত বাক্য ই কৰ্মময় জীৱনত প্ৰেৰণা আৰু সাহস যোগাই যায়। আহিব পৰা প্ৰত্যাহ্বানৰ সৈতে উপযুক্ত আৰু সফলতাৰে যুঁজ দিবলৈ পৰ্যাপ্ত ৰূপত তেওঁলোকক গঢ়ি তোলা হৈছে বুলি মন্তব্য কৰি তেওঁ জোৱানসকলে দেখুওৱা মাৰ্চপাষ্ট, শৰীৰ আৰু মানসিক সন্তলনে প্ৰশিক্ষণত লাভ কৰা অভিজ্ঞতা আৰু সফলতাকে সুন্দৰ ৰূপত প্ৰতিফলিত কৰিছে বুলি কয়।অসম পুলিচ বেটেলিয়নৰ বৰহমপুৰ, লামডিং, অভয়াপুৰী, ডাকো, দৌলখাৰ, লীলাবাৰীত প্ৰাৰম্ভিক প্ৰশিক্ষণৰ অন্তত লাচিত বৰফুকন পুলিছ একাডেমীত সমন্বিত ভাবে প্ৰশিক্ষণ প্ৰদানৰ লগত জড়িত বিষয়া কৰ্মচাৰী তথা অসম আৰক্ষীক সফলতাৰ উচ্চতম শিখৰত উপনীত কৰোৱা আৰক্ষী সঞ্চালক প্ৰধানকো তেওঁ ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় যে,অসমৰ ২৬৮৩২বৰ্গ কিলোমিটাৰ বনভূমি হিচাপে সংৰক্ষিত।এইয়া ৰাজ্যৰ ভৌগোলিক ক্ষেত্ৰৰ ৩৪২১শতাংশ। বনাঞ্চলৰ উপৰি সাতখন ৰাষ্ট্ৰীয় উদ্যান আৰু ১৭ৱাইল্ড লাইভ চেঞ্চুৰীৰে অসমৰ বনাঞ্চল জৈৱ বৈচিত্ৰ্যৰ এক ভৰপুৰ অপৰীসীম প্ৰাকৃতিক সম্পদেৰে পৰিপূৰ্ণ । চোৰাং চিকাৰী আৰু বনধংসকাৰীৰ পৰা সুৰক্ষা প্ৰদান কৰিবলৈ পৰ্যাপ্ত বনকৰ্মীৰ প্ৰয়োজন। তেওঁ কয়, অসমত ১৯৮৪ চনত প্ৰথম অসম বন সুৰক্ষা বাহিনী গঠন কৰা হৈছিল। দ্বিতীয় বাৰ ২০০৯ চনত গঠিত হৈছিল। বৰ্তমান চৰকাৰৰ কাৰ্যকালত তৃতীয় বন সুৰক্ষা বাহিনী গঠন কৰা হৈছে। অসমৰ বনাঞ্চল সমূহ অত্যন্ত বেছি আন্তঃৰাজ্যিক সীমান্তত আৰু স্পৰ্শকাতৰ স্থানত থকা বুলি উল্লেখ কৰি তেওঁ বনধংসৰ বাবে সদায়ে আগ্ৰহী হৈ থকা এচাম লোকৰ বিৰুদ্ধে বন সুৰক্ষা বাহিনীৰ জোৱান সকলে এক নিষ্ঠাবান প্ৰহৰীৰ দৰে কাম কৰিব লাগিব বুলি কয়।বনজ সম্পদক যদি ৰক্ষা কৰিব পৰা নাযায় মানৱ জাতিৰ ভৱিষ্যত সম্পূৰ্ণ ভাবে ভয়াবহ আৰু বিপদজনক হৈ পৰিব বুলি উল্লেখ কৰি বন সুৰক্ষা কৰ্মীসকলে কেৱল বনসুৰক্ষাৰ বাবে নিয়োজিত নহৈ ভৱিষ্যতৰ মানৱ সমাজখনকো বিভিন্ন ধৰনৰ জৈৱ প্ৰত্যাহ্বানৰ বাবে কাম কৰিব লাগিব বুলি কয়। প্ৰসংগ ক্ৰমে তেওঁ যোৱা তিনিটা বছৰত হোৱা স্বচ্ছ নিযুক্তি প্ৰক্ৰিয়াৰ কথা উল্লেখ কৰি কয় যে, স্বাধীনতাৰ পাছত বহু চৰকাৰ আহিল আৰু গ’ল। কিন্তু স্বচ্ছ নিযুক্তি প্ৰক্ৰিয়া এটা সুনিশ্চিত কৰিবলৈ সকলোৱে বিফল হৈছিল। তাৰ ফলত অসমৰ যুৱ সমাজ প্ৰায়ে হতাশাত ভূগিছিলে।হতাশাৰ ফলত যুৱচামে কক্ষপথৰ পৰা কক্ষচ্যুত হ’ব লগা হৈছিল। যোৱা কিছুদিন আগতে লোক সেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ, প্ৰাক্তন সদস্য আৰু ধনবলৰ কৌশলেৰে চাকৰি পোৱা যুৱক যুৱতী সকলৰ বিৰুদ্ধে ন্যায়ালয়ে লোৱা কঠোৰ ভূমিকাৰ উল্লেখেৰে এই কথাই এতিয়া অসমত এটা স্বচ্ছ নিযুক্তিৰ নতুন যুগত প্ৰৱেশ কৰাটোকে প্ৰমাণ কৰা বুলি কয়।এই সুযোগতে লোক সেৱা আয়োগৰ অভিযুক্ত সকলৰ বিৰুদ্ধে আদালতত সফল হ’ব পৰাকৈ কৰা অনুসন্ধানৰ বাবে অসম আৰক্ষীৰ অনুসন্ধান শাখাক ধন্যবাদ জ্ঞাপন কৰে। বৰ্তমান চৰকাৰৰ দিনত নিম্ন মধ্য বিত্ত আৰু দৰিদ্ৰ পৰিয়ালৰ ৯৪০জন যুৱকে পুণৰ বন সুৰক্ষা কৰ্মী পদত নিযুক্তি হোৱাৰ কথা কৈ কংগ্ৰেছ আৰু দুই এটা ৰাজনৈতিক দলে নিযুক্তি প্ৰক্ৰিয়াত সমালোচনা কৰাৰ কথা উল্লেখ কৰে। সমালোচনা কৰাসকলক ৰাজনীতিৰ পৰা অলপ দূৰলৈ গৈ আজিৰ দিনটোত দীক্ষান্ত সমাৰোহত ভাগ লোৱা জোৱান আৰু তেওঁলোকৰ পিতৃ মাতৃক এখন্তেক দেখা দিয়া আৰু এখন্তেক কথা পাতিবলৈ আহ্বান জনায়।তেতিয়াই সমালোচনা কৰা সকলে বুজি পাব যে, নিযুক্তি লাভ কৰা সকলৰ লগত কাৰো ৰাজনৈতিক সম্পৰ্ক নাই অথবা চাকৰিৰ বাবে কাকো এটাও দিব লগা হোৱা নাই। তেওঁ পুণৰ কয় যে আজি যিসকল ব্যক্তিয়ে নিযুক্তি প্ৰক্ৰিয়াৰ সমালোচনা কৰে বা অসমৰ সুৰক্ষাৰ কথা কয়, ভবিষ্যতৰ কথা কয় তেওঁলোকক মই এটা কথাই কম যে লাখ লাখ কোটি কোটি টকালৈ চাকৰি দুৰ্নীতি কৰাসকলে নতুন অসম কেতিয়াও নিৰ্মাণ কৰিব নোৱাৰে।অসমৰ ইতিহাসে কেতিয়াও পাহৰি যাব নোৱাৰে যে ৰাকেশ পালৰ দৰে ব্যক্তিক কোন চৰকাৰ,কোন দলে নিযুক্তি দিছিল। ৰাকেশ পালক দোষ দিয়াৰ বিপৰীতে ৰাকেশ পালক জন্ম দিয়া ব্যক্তিসকলে আদালতৰ অভিযোগ নামা আৰু আদালতে কাৰাদণ্ড বিহাৰ পাছত এবাৰলে হ’লেও অসমৰ যুৱ চামৰ ওচৰত ক্ষমা খোজা উচিত। ৰাকেশ পাল বা সেইধৰণৰ সদস্য সকলক নিযুক্তি দিয়াৰ বাবে অসমৰ এটা প্ৰজন্ম চাকৰিৰ পৰা বঞ্চিত হব লগা হল। তেওঁলোকৰ বঞ্চিত জীৱন যৌৱন আজি কোনে ওভতাই দিব বুলিও তেওঁ প্ৰশ্ন উত্থাপন কৰে। এনে ধৰনৰ ৰাজনীতি কৰা, লোকসেৱা আয়োগ আৰু অসম পুলিচক কলুষিত কৰা সকলে এবাৰলৈ অসমবাসীৰ ওচৰত ক্ষমা খোজা বাঞ্ছনীয় বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। তেওঁ পুণৰ কয়, আজি বন সুৰক্ষা বাহিনীত অসমৰ জাতি জনগোষ্ঠীৰ প্ৰতিফলনো আমি দেখা পাম।কেৱল স্বচ্ছ নিযুক্তিয়েই নহয়,এই নিযুক্তিত প্ৰতিটো অঞ্চল,প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ ইয়াত সমাহিত স্বৰূপ দেখা পাম। কিন্তু অসম পুলিচ বা অসম ফৰেষ্টত ২০০১ৰ পৰা ২০১৪চনলৈ হোৱা নিযুক্তিত এটা বিশেষ সম্প্ৰদায়ৰ প্ৰাদুৰ্ভাৱ দেখা পোৱা যায়। ৩০/৩৫ শতাংশ যুৱক যুৱতী এটা বিশেষ সম্প্ৰদায়ৰ বাবে মুকলি কৰি দিয়া হৈছিল বুলি উল্লেখ কৰি বৰ্তমান বনসুৰক্ষা বাহিনীত হিন্দু মুছলিম, খ্ৰীষ্টান সকলো জাতি জনগোষ্ঠীৰ লোক দেখা পোৱা যাব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়। অহা অক্টোবৰত পুনৰ অসম পুলিচত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ’ব আৰু ১০মে তাৰিখে নিযুক্তি প্ৰক্ৰিয়া সমাপন হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী জনে ফেব্ৰুৱাৰী ভিতৰত পুনৰ ছশ বন সুৰক্ষা কৰ্মীও পুনৰ নিযুক্তিৰ ব্যৱস্থা কৰিবলৈ চিন্তা কৰা বুলি জানিবলৈ দিয়ে।যাতে বছৰি এচাম নতুন যুৱকক আদৰণি জনাব পৰা যায়। অসমৰ সূৰ্য বীৰ্যৰ প্ৰতীক লাচিত বৰফুকনৰ নামত উৎসৰ্গিত দেৰগাঁওস্থিত লাচিত বৰফুকন পুলিছ একাডেমীৰ ভৱন ইতিমধ্যে সম্পূৰ্ণ হোৱাৰ কথা উল্লেখ কৰি অক্টোবৰ মাহত এই একাডেমী শুভ উদ্বোধন কৰা হ’ব বুলি তেওঁ ভাষণত উল্লেখ কৰে।উদ্বোধনৰ পূৰ্বেই দেশৰ বিভিন্ন ৰাজ্যৰ পৰা আৰক্ষী জোৱান সকলে প্ৰশিক্ষণ গ্ৰহণৰ বাবে আহিবলৈ আৰম্ভ কৰা সুখ্যাতিৰ অধিকাৰী দেৰগাঁৱৰ একাডেমী ৰাষ্ট্ৰীয় পটভূমিতো উজলি উঠিব বুলি তেওঁ আশা প্ৰকাশ কৰে। এই একাডেমীৰ জৰিয়তে দেৰগাঁৱৰ পৰাই অসমৰ চুকে কোনে আইন শৃংখলাৰ কামত নিয়োজিত ১০২ সেৱাৰ বাহনবোৰ আৰু ইয়াৰ লগত জড়িত মানৱ সম্পদসমূহক নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰা হ’ব বুলি জানিবলৈ দিয়ে। লাচিত বৰফুকন পুলিছ একাডেমীক ৰাষ্ট্ৰীয় স্তৰলৈ লৈ যাবলৈ সক্ষম হব বুলি তেওঁ আশা প্ৰকাশ কৰে। আজিৰ দীক্ষান্ত সমাৰোহত কৃষিমন্ত্ৰী অতুল বৰা, বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, বিধায়কদ্বয় ভৱেন্দ্ৰ নাথ ভৰালী, তৰংগ গগৈ, বন বিভাগৰ বিশেষ অতিৰিক্ত মুখ্য সচিব এম কে যাদৱ, গোলাঘাটৰ আয়ুক্ত ডা: পি উদয় প্ৰবীণ, আৰক্ষী অধিক্ষক ৰাজেন সিং প্ৰমুখ্যে আৰক্ষীৰ উচ্চ পদস্থ বিষয়া সকলে অংশগ্ৰহণ কৰে।দীক্ষান্ত সমাৰোহৰ শেষত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত কয় যে কাজিৰঙাত পঞ্চতাৰকা হোটেলৰ প্ৰয়োজন আছে। নহ’লে পৰ্যটন উদ্যোগ আগ নাবাঢ়ে। আমি য’ত হোটেল পাতিছো,সেইয়া কাজিৰঙাৰ সীমাৰ পৰা ১ কিঃমিঃ দূৰত।নহ’লে luxury tourist নাহিব।ভাৰতৰ সকলো পাৰ্কৰ কাষতেই পঞ্চতাৰকা হোটেল আছে। ইপিনে গুৱাহাটীৰ বানপানী সন্দৰ্ভতো মন্তব্য কৰি কয় যে আমাৰ গুৱাহাটীৰ নলাবোৰে ইমান পানী ধৰি ৰাখিব নোৱাৰে।বছৰৰ দুটা দিন বানপানী হ’ব পাৰে। বছৰৰ মুঠ ২৫ শতাংশ বানপানী যোৱা দুদিনত হৈছে।মেঘালয়ৰ পৰা পানী নামি অহাৰ মূল কাৰণ USTM বিশ্ববিদ্যালয় নিৰ্মান কৰা। তেওঁলোকে এখন পাহাৰ বেৰি ধৰি পাহাৰ কাটি বিশ্ববিদ্যালয় পাতিছে।এইখন বিশ্ববিদ্যালয় পাতোতে অসম চৰকাৰে প্ৰতিবাদ কৰাৰ প্ৰয়োজন আছিল,কিন্তু নহল। লগতে এখন DPSও নিৰ্মান হ’ল।গুৱাহাটীৰ ওচৰত ভৌগোলিক সুবিধা লৈ পাহাৰ কাটি অনুষ্ঠান আৰম্ভ কৰিছে।মই মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ লগত কথ পাতিম।পানীখিনি দিপৰ বিললৈ বা শিলসাকোলৈ নিম। যাৰ বাবে বহু মাটি অধিগ্ৰহণ কৰিব লাগিব। তাৰ বাবে ধন আমাৰ হাতত নাই। পৰহি বানপানীৰ সময়ত ট্ৰেফিক জাম হৈছে। পানী পিছত কমিও গৈছে। উল্লেখযোগ্য যে সাম্প্ৰতিক সময়ত চলি থকা বাংলাদেশৰ জ্বলন্ত ঘটনা সন্দৰ্ভতো মন্তব্য কৰে মুখ্যমন্ত্ৰী জনে। বাংলাদেশত হোৱা ঘটনাই আমাৰ ৰাজ্যক চিন্তিত কৰিছে। শ্বেখ হাচিনা চৰকাৰ অহাৰ আগতে অসমৰ লগতে উত্তৰ পূৰ্বৰ উগ্ৰপন্থীৰ সুৰক্ষিত স্থান আছিল বাংলাদেশ।যোৱা ১৫ বছৰত বাংলাদেশ চৰকাৰৰ বাবে ভাৰতৰ উত্তৰ পূব সুৰক্ষিত হৈছে।মই ভাবো প্ৰধানমন্ত্ৰী মোদীয়ে বাংলাদেশৰ নতুন চৰকাৰৰ লগত কথা পাতি ইয়াক অক্ষুন্ন ৰাখিবলৈ চেষ্টা কৰিব লাগে। হিন্দু মন্দিৰ, ইচকন মন্দিৰত হোৱা অত্যাচাৰৰ বাতৰি চচিয়েল মিডিয়াত পাইছোঁ যদিও আনুষ্ঠানিক ঘোষণা হ’লেহে ক’ব পৰা যাব। ২০৪১ চনত অসমত যেতিয়া হিন্দু সংখ্যালঘু হ’ব।তেতিয়া অসমত বাংলাদেশৰ দৰে পৰিস্থিতি হয় বুলিহে মোৰ ভয় হয়। যোৱা তিনিটা দিন এইবোৰেই চিন্তা কৰি আহিছো। এই দীক্ষান্ত সমাৰোহতে পাঁচজনকৈ নৱনিযুক্ত বনকৰ্মীক বটা প্ৰদান কৰে। বটা প্ৰদান কৰে ক্ৰমে আন্তঃবিভাগত শ্ৰেষ্ঠত্ব অৰ্জন কৰা লক্ষী হালোৱা, বহিঃবিভাগত শ্ৰেষ্ঠত্ব অৰ্জন কৰা ৰায়মোহন দাস, বন্দুক চলোৱাত শ্ৰেষ্ঠত্ব অৰ্জন কৰা সোনমইনা দাস, কুচ কাৱাজত শ্ৰেষ্ঠত্ব অৰ্জন কৰা দীপেন চিন্তে আৰু সৰ্ৱশ্ৰেষ্ঠ প্ৰশিক্ষাৰ্থী জ্যেতিপ্ৰসাদ টাইক মান পত্ৰ আৰু ট্ৰফীৰে সন্মান প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
প্ৰেৰক প্ৰণৱ চক্ৰৱৰ্তী