নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তেজপুৰত কুকী নাৰ্ছিং স্কুলৰ শৈক্ষিক ভৱন উদ্বোধন

🔹 নাৰ্ছিং স্কুলৰ শিক্ষাৰ্থীক সেৱাৰ মনোভাবেৰে কাম কৰাৰ আহ্বান মৃণালিনী দেৱীৰ

বিশেষ বাৰ্তা, ২৬ নৱেম্বৰ : ‘ৰোগীৰ স্বাস্থ্যৰ বাবে চিকিৎসকৰ লগতে নাৰ্ছসকলৰো ভূমিকা অতি গুৰুত্বপূৰ্ণ। এজন চিকিৎসকে গোটেই দিনটো ৰোগীৰ সৈতে থাকিব নোৱাৰে। নাৰ্ছসকলে ৰোগীক সেৱা আগবঢ়ায়, তেওঁলোকৰ যত্ন লয়। নাৰ্ছে ৰোগীৰ স্থিতি নিৰীক্ষণ, সময়ে সময়ে ঔষধ আদি প্ৰদান কৰে। নাৰ্ছসকলৰ সেৱাৰ এই মনোভাবক সন্মান জনোৱাৰ বাবে আৰু তেওঁলোকৰ অৱদানক প্ৰশংসা কৰিবলৈ সমগ্ৰ বিশ্বতে প্ৰতি বছৰে আন্ত:ৰাষ্ট্ৰীয় নাৰ্ছ দিৱস পালনো কৰা হয়।’- কালি তেজপুৰত ‘কুকী নাৰ্ছিং স্কুল’ৰ নৱনিৰ্মিত শৈক্ষিক ভৱন উদ্বোধন কৰি এইদৰে কুকী নাৰ্ছিং স্কুলৰ শিক্ষাৰ্থীসকলক সেৱাৰ মনোভাবেৰে কাম কৰিবলৈ আহ্বান জনায় অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি তথা সু-সাহিত্যিক মৃণালিনী দেৱীয়ে। তেওঁ ভাষণ প্ৰসংগত ফ্লৰেন্স নাইটিংগেলৰ জীৱন বৃত্তান্ত আৰু তেওঁৰ মানৱ সেৱাৰ বিষয়ে কৈ চিকিৎসা শাস্ত্ৰত নাৰ্ছৰ ভূমিকাক আওকাণ কৰিব নোৱাৰি বুলি কৈ চিকিৎসা বা আৰু অন্যান্য স্বাস্থ্য সেৱা কৰ্মীৰ দৰে নাৰ্ছেও ৰোগীৰ অহৰহ যত্ন লৈ সমাজত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে বুলি কৈ নাৰ্ছিং স্কুলখনৰ উত্তৰোত্তৰ কামনা কৰে। তেজপুৰ মিলনপুৰস্থিত কুকী নাৰ্ছিং স্কুলৰ নৱনিৰ্মিত শৈক্ষিক ভৱন উদ্বোধনৰ আগতে বন্তি প্ৰজ্বলন, নাৰিকল ভাঙে আৰু নামফলকৰ শুভ উদ্বোধন কৰে মৃণালিনী দেৱীয়ে। উদ্বোধনী অনুষ্ঠান উপলক্ষে অনুষ্ঠিত সভাখনত অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য তথা সদৌ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় কৰ্মচাৰী সংস্থাৰ সভাপতি ৰমেন ভৰালী, নাৰ্ছিং স্কুলখনৰ অধ্যক্ষ অৰুন্ধতী বৰুৱা, স্কুলখনৰ সঞ্চালক মুকেশ নাথ, স্কুলখনৰ সভাপতি জ্যোতি প্ৰসাদ বৰা, পূৰ্ণ ভট্টাচাৰ্য, বেবেজীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিগন্ত শইকীয়া আদি উপস্থিত থাকে। উক্ত সভাত কুকী নাৰ্ছিং স্কুলৰ এটি ৱেবছাইট মুকলি কৰে সু-সাহিত্যিক মৃণালিনী দেৱীয়ে।

You might also like