নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম ২০০ টকাকৈ হ্রাস

🔹 দেশবাসীক ৰাখীবন্ধনৰ উপহাৰ মোদী চৰকাৰৰ
বিশেষ বাৰ্তা, ৩০ আগষ্ট : ৰাখী বন্ধনৰ প্রাক্মুহূর্তত দেশবাসীলৈ উপহাৰ মোদী চৰকাৰৰ৷ প্রতিটো ঘৰুৱা ৰন্ধন গেছৰ দামবৃদ্ধিয়ে ত্রাহি মধুসূদন দেখুওৱা দেশবাসীক সাময়িক সকাহ দি  প্রতিটো ঘৰুৱা ৰন্ধন গেছ (১৪ কিলোগ্রাম)ৰ দাম ২০০ টকাকৈ হ্রাস কৰিলে৷ কালি কেন্দ্রীয় কেবিনেটত ঘৰুৱা ৰন্ধন গেছৰ মূল্য ২০০ টকাকৈ হ্রাস কৰাৰ সিদ্ধান্ত লোৱাৰ পাছত কেন্দ্রীয় মন্ত্রী অনুৰাগ ঠাকুৰে সংবাদ মেলযোগে এই বার্তা দিয়ে৷ কেন্দ্রীয় মন্ত্রী অনুৰাগ ঠাকুৰে কয়– ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰ সকলো গ্রাহকৰ বাবে ২০০ টকা হ্রাস কৰাৰ সিদ্ধান্ত প্রধানমন্ত্রীয়ে লৈছে৷ এয়া হৈছে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ দেশৰ মহিলাসকললৈ উপহাৰ ৰাখী বন্ধন উপলক্ষে৷ ইপিনে, প্রধানমন্ত্রী উজ্জ্বলা যোজনা হিতাধিকাৰীৰ বাবেও আন এখ সুখবৰ কঢ়িয়াই প্রতিটো ঘৰুৱা চিলিণ্ডাৰৰ মূল্য অতিৰিক্তকৈ ২০০ টকা হ্রাস কৰা হৈছে৷ অর্থাৎ উজ্জ্বলা আঁচনিৰ হিতাধিকাৰীৰ বাবে প্রতিটো চিলিণ্ডাৰৰ মূল্য ৪০০ টকা হ্রাস কৰা হৈছে৷ ৪০০ টকা ৰাজসাহায্য হিচাপে লাভ কৰিব হিতাধিকাৰীয়ে৷ এই সিদ্ধান্তৰ বাবে প্রধানমন্ত্রী উজ্জ্বলা যোজনা আঁচনিৰ ৭৫ লাখ মহিলা হিতাধিকাৰী লাভৱান্বিত হ’ব৷

You might also like