বিশেষ বাৰ্তা, ১০ মে’ : অসমৰ জনসাধাৰণক স্বচ্ছ, সুলভ আৰু নির্ভৰযোগ্য শক্তি প্রদানৰ লক্ষ্যৰে আৰম্ভ কৰা অভিযানৰ অংশ হিচাপে আজি গুৱাহাটী মহানগৰীৰ ১০১টা পৰিয়ালক প্রথম পর্যায়ৰ পাইপযোগে গেছ সংযোগ প্রদান কৰিব পূর্বভাৰতী গেছ প্রাইভেট লিমিটেডে৷ আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই গীতানগৰ অঞ্চলৰ ১০১টা পৰিয়ালত আনুষ্ঠানিকভাৱে গেছ সংযোগৰ শুভাৰম্ভ কৰে৷ অসম গেছ কোম্পানী লিমিটেড (এজিচিএল), অইল ইণ্ডিয়া লিমিটেড (অইল) আৰু গেইল গেছ লিমিটেডে (জিজিএল) যৌথভাৱে প্রচাৰ কৰা চিটী গেছ ডিষ্ট্রিবিউচন (চিজিডি) কোম্পানী পূর্বভাৰতী গেছ প্রাইভেট লিমিটেডে ৮ বছৰৰ ন্যূনতম কর্ম কার্যসূচীৰ অধীনত ২,৬১৬.৯৫ কোটি টকাৰ মূলধনী বিনিয়োগৰ প্রতিশ্রুতিৰে ৰাজ্যখনৰ গেছ আন্তঃগাঁথনি নেটৱর্ক ক্রমান্বয়ে আগুৱাই নিছে৷ এই সন্দর্ভত কালি পিবিজিৰ মুখ্য কার্যালয়ত এখন সংবাদ মেলত পিবিজিৰ মুখ্য কার্যবাহী বিষয়া মনোজ বৰুৱাই কয়– শেহতীয়াকৈ পেট্রলিয়াম এণ্ড এক্সপ্ল’ছিভ ছেফ্টি অর্গেনাইজেছনৰ অনুমোদন লাভৰ পাছতে গীতানগৰৰ পৰা ছয়মাইললৈকে পাইপযোগে গেছ সংযোগৰ কাম সম্পূর্ণ কৰিছে৷ ইতিমধ্যে কামৰূপ গ্রাম্য আৰু কামৰূপ মেট্র’ত ৭৬৪.৯৫ কিলোমিটাৰ এমডিপিই পাইপলাইন আৰু প্রায় ৪৩ কিলোমিটাৰ ষ্টীল পাইপলাইনৰ কাম সম্পূর্ণ হৈছে৷ কোম্পানীৰ মুখ্য কার্যবাহী বিষয়া মনোজ বৰুৱাই সদৰী কৰা মতে, কামৰূপ মেট্র’ত ইতিমধ্যে ৩০,৬৯৩জন ঘৰুৱা গ্রাহকে পঞ্জীয়ন কৰিছে আৰু ইয়াৰে ৬,১৭৫টা পৰিয়ালত সংযোগ প্রদানৰ যাৱতীয় কাম–কাজ সম্পূর্ণ হৈছে৷ কোম্পানীৰ অধীনত ১৩টা চিএনজি ষ্টেচন স্থাপনৰ কাম চলিছে আৰু অধিকাংশ কার্যক্ষম হৈছে বুলি কয় বিষয়াগৰাকীয়ে৷ ১৯৮৯ চনত অসম গেছ কোম্পনীত চাকৰিত যোগদান কৰা সময়তে গুৱাহাটী মহানগৰীত পাইপযোগে গেছ বিতৰণৰ সপোন দেখা বৰুৱাই এই সফলতাত আনন্দ প্রকাশ কৰে৷ তেওঁ লগতে কয় যে বৰাক উপত্যকাতো পিবিজিপিএলে গেছ বিতৰণৰ কাম দ্রুতগতিত আগবঢ়াই নিছে৷ ৬১৮ কিলোমিটাৰ এমডিপিই আৰু ৩২ কিলোমিটাৰ ষ্টীল পাইপ লাইন স্থাপন কৰা বৰাকৰ শিলচৰত ইতিমধ্যে ১৩,৬৯২জন গ্রাহকে নাম পঞ্জীয়ন কৰাৰ লগতে ১,৪৮৮জন গ্রাহকক গেছ সংযোগ প্রদান কৰা হৈছে৷ তদুপৰি দুটা ষ্টেচনৰ আন্তঃগাঁথনিৰ কাম চলি থকাৰ বিপৰীতে অতিৰিক্ত তিনিটা ষ্টেচনৰ যান্ত্রিকী কাম সম্পূর্ণ কৰিছে৷