নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহৰীঘাটত সমবায়ৰ সভাপতি নিৰ্বাচনত স্থানীয় বিধায়কৰ হস্তক্ষেপৰ বিৰুদ্ধে প্ৰতিবাদ

নিয়মীয়া বাৰ্তা, ৩০ অক্টোবৰ : মৰিগাঁৱৰ লাহৰীঘাটত সমবায় সমিতিৰ নিৰ্বাচনক কেন্দ্ৰ কৰি আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। সমবায় সমিতিৰ সন্মুখত ৰাইজে স্থানীয় বিধায়ক ডাঃ আছিফ মহম্মদ নাজাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে ১৬ অক্টোবৰত লাহৰীঘাট সমবায় সমিতি (লি:)ৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল। ১৮ অক্টোবৰত ভোট গণনাত ১২গৰাকী সদস্য হিচাপে নিৰ্বাচিত হৈছিল। সেই দিনাৰ পৰাই ৮গৰাকীকৈ নিৰ্বাচিত সদস্য একপ্ৰকাৰ নিৰুদ্দেশ হোৱাৰ খবৰে সৰ্বত্ৰ বিয়পি পৰিছিল। স্থানীয় ৰাইজৰ অভিযোগ বিধায়কে সমবায় সমিতিৰ নিৰ্বাচনত জয়ী হোৱা ৮জন সদস্যক লৈ নিকৃষ্ট ৰাজনীতিত নামিছে। আন এক অভিযোগ মতে বিধায়কগৰাকীয়ে নিৰ্বাচিত ৮ সদস্যক আবদ্ধ কৰি ৰাখিছিল গুৱাহাটীৰ কোনোবা হোটেলত। বিধায়কগৰাকীয়ে নিজ পছন্দৰ প্ৰাৰ্থীক সমবায়খনৰ সভাপতি নিৰ্বাচন কৰাৰ বাবেই নিৰ্বাচিত সদস্যসকলক লৈ হৰ্ছট্ৰেডিঙত নমা বুলি আন পক্ষই অভিযোগ উত্থাপন কৰি আহিছে। পূৰ্বৰে পৰা সভাপতি পদক লৈ টনা আঁজোৰা অব্যাহত আছে। তাৰ মাজতে বিভাগে আজি সমিতিখনৰ সভাপতি বাছনিৰ দিন ধাৰ্য কৰিছিল। স্থানীয় একাংশ লোকে আজিৰ দিনত সভাপতি নিৰ্বাচনৰ প্ৰক্ৰিয়া স্থগিত ৰখা আৰু বিধায়কৰ বিৰুদ্ধে প্ৰতিবাদত নামে। ইফালে বিধায়ক সমবায়ৰ সন্মুখত উপস্থিত হোৱাৰ লগে লগে বিধায়ক গ বেক ধ্বনিৰে প্ৰতিবাদকাৰীসকলে পৰিস্থিতি উত্তপ্ত কৰি তোলে। ইফালে পূৰ্বেৰ পৰা সমবায় চৌহদত আৰক্ষী আৰু অৰ্ধসামৰিক জোৱান মোতায়েন কৰা হৈছিল। ইয়াৰ উপৰি উপস্থিত আৰক্ষীৰ উচ্চপদস্থ বিষয়া, স্থানীয় চক্ৰ বিষয়াৰ তৎপৰতাত পৰিস্থিতি শান্ত হয়। পৰিস্থিতি যাতে অধিক অৱনতি হোৱাৰ আশংকা কৰি অৱশেষত স্থানীয় প্ৰশাসনে সভাপতি নিৰ্বাচন প্ৰক্ৰিয়া স্থগিত ৰাখে।স্মৰ্তব্য, নিৰ্বাচিত সদস্যসকলে সমিতিৰ সভাপতি নিৰ্বাচিত কৰিব লাগে।

প্ৰেৰক আবুল কালাম

You might also like