নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সংবাদ শিৰোণামত শিলচৰৰ এগৰাকী মহিলা আৰক্ষী, কোলাত সাতমহীয়া কেঁচুৱা লৈ কৰিছে কাম

বিশেষ বাৰ্তা, ৭জুনঃ কৰ্মজীৱন আৰু মাতৃত্বৰ দায়িত্ব, দুয়োটাই সমানে কঢ়িওৱা ইমান সহজ নহয়। এইবাৰ সংবাদ শিৰোনামত এগৰাকী মহিলা আৰক্ষী কনিষ্টবল। নিজৰ সাতমহীয়া কেঁচুৱাটোক কোচত লৈ কৰ্মস্থলীলৈ যাবলগীয়া হৈছে তেওঁ। কাছাৰ জিলাৰ শিলচৰ পি আই ক’ৰ্টত নিয়োজিত সচিতা ৰাণী ৰয়ে কেৰিয়াৰ এটাত কণমানি কেঁচুৱাটো লৈ নিজৰ কৰ্মস্থলীলৈ অহা দেখা যায়। প্ৰসূতিকালীন ছুটী শেষ হোৱাৰ লগে লগে তেওঁ প্ৰতিদিনে পুৱা ১০.৩০ বজাত কেঁচুৱাটো লৈ অফিচত উপস্থিত হয় আৰু দিনটোৰ কাম সম্পূৰ্ণ কৰাৰ পিছতহে গুচি যায়। অধিক ছুটীৰ বাবে আবেদন কৰিছে যদিও সেয়া মঞ্জুৰ নোহোৱাত তেওঁ কেঁচুৱাটোক লগত লৈ আহিবলৈ বাধ্য হৈছে। ২৭ বছৰীয়া সচিতাই লগতে কয় যে কেঁচুৱাটোৰ যত্ন ল’বলৈ ঘৰত কোনো নাই। গিৰিয়েক কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ এজন জোৱান আৰু অসমৰ বাহিৰত তেওঁৰ চাকৰি। শিলচৰৰ মালুগ্ৰাম অঞ্চলৰ বাসিন্দা ৰয়ে কয় যে তেওঁৰ সহকৰ্মী আৰু আৰক্ষী বিভাগৰ প্ৰতি অতিশয় সহায়কাৰী হোৱাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিছে। ৰয়ৰ কৰ্তব্যৰ প্ৰতি থকা সমৰ্পণে সকলোৰে হৃদয় জিনিছে।

You might also like