নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত ভয়ংকৰ সংক্রমণ অব্যাহত: পুনৰ ৭জনৰ প্রাণহানি

নিয়মীয়া বাৰ্তা, ৬ ছেপ্টেম্বৰঃ আনলক প্রক্রিয়া আৰম্ভ হোৱাৰ পাছতেই ৰাজ্যত মহামাৰী ক’ৰোনা ক্রমাৎ ভয়াৱহ হৈ উঠিছে৷ দেশত ক’ৰোনা আক্রান্তই ৪০ লাখৰ সীমা অতিক্রম কৰাৰ সময়তে অসমতো পৰিৱেশৰ যথেষ্ট অৱনতি ঘটিছে৷ শুকুৰবাৰৰ দিনটোত ১৫জনকৈ লোকৰ মৃত্যু হোৱাৰ পাছত কালি পুনৰ ৭জন লোক ক’ৰোনাত আক্রান্ত হৈ মৃত্যু হয়৷

স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই টুইটযোগে এই তথ্য প্রকাশ কৰিছে৷ মৃত্যু হোৱা লোককেইজন হ’ল– কামৰূপ (মহানগৰ) জিলাৰ ৰাজেন কাকতী (৮০), চৰাইদেউ জিলাৰ প্রফুল্ল বৰা (৬৫), শিৱসাগৰ জিলাৰ চিনাৰাম চেতিয়া (৫৪), হাইলাকান্দি জিলাৰ ফইজুল ইছলাম লস্কৰ (৬২), যোৰহাট জিলাৰ দেৱযানী নেওগ (৭০), দৰং জিলাৰ বাদল চন্দ্র ৰয় (৬৩) আৰু ৰুস্তম আলী (৬৩)৷ ইয়াৰ লগে লগে অসমত ক’ৰোনাত মৃত্যু হোৱা মুঠ লোকৰ সংখ্যা ৩৫২জনলৈ বৃদ্ধি পালে৷ ইফালে স্বাস্থ্যমন্ত্রী ড০ শর্মাই দিয়া তথ্য অনুসৰি ৩৫,১৪৭টা পৰীক্ষা সম্পন্ন কৰাৰ বিপৰীতে কালি ২,৬৯৮ জনৰ দেহত পোৱা গৈছে ক’ভিড–১৯ পজিটিভ৷ নতুনকৈ আক্রান্তসকলৰ ভিতৰত কামৰূপ (মহানগৰ)জিলাৰ ৭০০জন, বঙাইগাঁও জিলাৰ ১৯০জন, লখিমপুৰ জিলাৰ ১৫১জন আৰু কামৰূপ জিলাৰ ১৪২জন৷ বিগত ২৪ঘণ্টাত ৰাজ্যত ক’ৰোনা পজিটিভৰ হাৰ হৈছে ৭.৬৭শতাংশ৷

ইফালে ৰাজ্যত এতিয়ালৈকে ১,২৩,৯২২জনৰ দেহত মাৰাত্মক ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ বিপৰীতে ইয়াৰে ৯২,৭১৭জন ইতিমধ্যে সুস্থ হৈ উঠিছে৷ সম্প্রতি চিকিৎসাধীন হৈ থকা ক’ৰোনা ৰোগীৰ সংখ্যা হৈছে ৩০,৮৫০জন৷

You might also like