অসমৰ সেনা ছাউনীত ক’ৰোনাৰ বিভীষিকা
নিয়মীয়া বার্তা, ২৪ জুনঃ ভাৰত–চীন সীমা বিবাদক কেন্দ্র কৰি দুই দেশৰ মাজত যুদ্ধৰ তৎপৰতা অব্যাহত থকাৰ সময়তে ভাৰতীয় সেনাৰ ছাউনীত মিছামাৰীকে ধৰি শোণিতপুৰ জিলাত থকা সেনাৰ ছাউনীসমূহত ক’ৰোনাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ কালি শোণিতপুৰত ১০জন ব্যক্তি ক’ৰোনাত আক্রান্ত হয়৷ ইয়াৰে ৮জনেই হ’ল মিছামাৰী সেনা ছাউনীৰ জোৱান৷ আক্রান্ত এই জোৱানকেইজন হ’ল ৰামেশ্বৰ কুণ্ডে, মোহিত সিং, শৈলেন্দ্র সিং, ৰঞ্জিত সিং, আৰ ছিলভাৰ ৰাজু, উমেশ কুমাৰ, জয়বীৰ কুমাৰ আৰু জয়দেৱ সিং৷
আনহাতে, আজি তেজপুৰৰ শোলমৰাস্থিত সেনা ছাউনীত ১২জন জোৱান ক’ৰোনাত আক্রান্ত হয়৷ ইয়াকে লৈ শোণিতপুৰ জিলাৰ বিভিন্ন জিলা ছাউনীত ৮৪জন সেনা জোৱান ক’ৰোনাত আক্রান্ত হৈছে৷ আক্রান্তসকলৰ ৪২জন সেনা জোৱানেই হ’ল মিছামাৰী সেনা ছাউনীৰ৷
ইফালে, শালনীবাৰী আৰু চাৰিদুৱাৰ সেনা ছাউনীৰ ২২জন জোৱান, শোলমৰা এছ এছ বি ছাউনীত ১২জন, বিহগুৰি আই টি বি পি ছাউনীৰ ২জন, তেজপুৰ ভর্তকত ১জন জোৱান ক’ৰোনাত আক্রান্ত হৈছে৷ সেনা জোৱানৰ আক্রান্তৰ সমান্তৰালকৈ জিলাখনত আজি পুনৰ দুজন অসামৰিক লোক ক’ৰোনাত আক্রান্ত হৈছে৷ শোণিতপুৰত এইপর্যন্ত ১৮৬জন লোক ক’ৰোনাত আক্রান্ত হৈছে৷