নিয়মীয়া বাৰ্তা, ৬ জুনঃ একবিংশ শতিকাত তথ্য–প্রযুক্তিৰে বিজ্ঞানে শীর্ষত আৰোহণ কৰা সময়তে ক’ৰোনা ভাইৰাছ নির্মূলৰ বাবে অভয়াপুৰীত এচাম মহিলাই আশ্রয় ল’লে পূর্জা–র্চনাৰে৷ ধূপ, চাকি আদি জ্বলাই আগলতি পাতত লাড্ডু, ফুল, বেলপাত, নিমপাত, হালধি আদি ক’ৰোনা মা’লৈ আগবঢ়ালে অভয়াপুৰী বিদ্যাপাৰাৰ একাশং অন্ধবিশ্বাসী মহিলাই৷
মহিলাসকলে কাঁহ বজাই, জাউৰি জাউৰিয়ে উৰুলি ধ্বনি, ক’ৰোনা মা’ কি জয় ধ্বনিৰে ভক্তিময় পৰিৱেশৰ সৃষ্টি কৰে৷ পূজা কৰা মহিলাসকলৰ বিশ্বাস ক’ৰোনা পূজাৰ জৰিয়তে নিপাত যাব ক’ৰোনা ভাইৰাছ৷ উল্লেখ্য যে সমগ্র বিশ্বতে ক’ৰোনা ভাইৰাছ (ক’ভিড–১৯)ৰ সংক্রমণে ভয়াৱহ মহামাৰী ৰূপ লোৱাৰ সময়তে শুকুৰবাৰে অভয়াপুৰী বিদ্যাপাৰাৰ একাংশ মহিলাই অন্ধ বিশ্বাসৰ বশৱর্তী হৈ ক’ৰোনা ভাইৰাছক দেৱীৰ স্থানত অধিষ্ঠিত কৰি পূজা–অর্চনা আগবঢ়োৱা কার্যই অঞ্চলটোৰ সচেতন ৰাইজৰ মাজত প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷
যি সময়ত ৰাজ্যখনৰ স্বাস্থ্য বিভাগ, আৰক্ষী বিভাগ, প্রশাসনে ক’ভিড–১৯ৰ সংক্রমণ ৰোধৰ বাবে দিন–ৰাতি একাকাৰ কৰি কাম কৰি আছে, তেনে সময়তে অভয়াপুৰী বিদ্যাপাৰাৰ মহিলা একাংশই ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰোধ তথা বিনাশৰ বাবে এনেদৰে পূজা–র্চনাৰে অদৃষ্টৰ আশ্রয় লোৱা কার্যই চকু কপালত তুলিছে ৰাইজৰ৷ অঞ্চলটোৰ লোকসকলে যাতে আগলৈ অন্ধবিশ্বাসত আশ্রয় লৈ ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি নকৰে তাৰ বাবে প্রশাসন তথা স্বেচ্ছাসেৱী সংস্থাই অঞ্চলটোত সজাগতাৰ ব্যৱস্থা কৰাৰ দৰকাৰ বুলি মত পোষণ কৰিছে সচেতন ৰাইজে৷