ক’ভিড–১৯ ৰ নমুনা সংগ্রহৰ পিছতে হূদযন্ত্রৰ ক্রিয়া বন্ধ হৈ যুৱকৰ মৃত্যু
নিয়মীয়া বাৰ্তা, ১৮ মেঃ ক’ৰোনাৰ এই দুর্যোগৰ সময়তে চৰাইদেউ জিলাৰ মাহমৰাত সংঘটিত হৈছে এক কৰুণ ঘটনা৷ চিকিৎসালয়ত ভর্তি হোৱাৰ পিছত ক’ভিড–১৯ পৰীক্ষাৰ বাবে চিকিৎসকে এজন যুৱকৰ শৰীৰৰ পৰা নমুনা সংগ্রহ কৰাৰ পিছতে হূদযন্ত্রৰ ক্রিয়া বন্ধ হৈ যুৱকজনৰ মৃত্যু হয়৷
উল্লেখ্য যে চৰাইদেউ জিলাৰ পাটসাঁকো প্রাথমিক স্বাস্থ্য কেন্দ্রৰ অন্তর্গত দিচাংপানী ধেমাজি বিল গাঁৱৰ ৰাজবিক্রম বৰুৱা নামৰ যুৱকজন দীর্ঘদিন ধৰি কণ্ঠনলীৰ ৰোগত আক্রান্ত হৈ আছিল৷ যাৰ ফলত যুৱকজনৰ প্রায়ে কাহ আৰু চর্দি হৈ আছিল৷
আনহাতে, শনিবাৰে সন্ধিয়া যুৱকজনৰ কাহ, চর্দি আৰু জ্বৰ হোৱাত পৰিয়ালৰ লোকে নিশাই ডিব্রুগডৰ সঞ্জীৱনী নার্ছিং হোমত ভর্তি কৰায়৷ কিন্তু চিকিৎসকে যথাৰীতি পালন কৰি চিকিৎসাৰ পূর্বে ক’ভিড–১৯ পৰীক্ষাৰ বাবে যুৱকজনৰ শৰীৰৰ পৰা নমুনা সংগ্রহ কৰাৰ পিছত ক’ৰোনাত আক্রান্ত হোৱা বুলি ভীতিগ্রস্ত হয়৷ ইয়াৰ কিছু সময়ৰ পিছতে নিশা প্রায় ১২.৩০ বজাত হূদযন্ত্রৰ ক্রিয়া বন্ধ হৈ যুৱকজনৰ মৃত্যু হয়৷
দেওবাৰে পুৱা সৰবৰহী যুৱকজনৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে অঞ্চলটোত শোকাকুল পৰিৱেশৰ সৃষ্টি হয়৷ যুৱকজনে মৃত্যুৰ সময়ত পিতৃ–মাতৃৰ লগতে পত্নী, একমাত্র পুত্র, দুই ভগ্নী, ভাতৃৰ লগতে বহুতো আত্মীয়–স্বজনক ইহসংসাৰত এৰি গৈছে৷ সৰবৰহী যুৱকজনৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে৷