নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দীঘলীয়া হৈছে মুংৰুৰ সংস্পর্শলৈ অহা লোকৰ তালিকা

নিয়মীয়া বাৰ্তা, ১৯ মে’:  ক্রমাৎ দীঘলীয়া হৈ গৈ আছে ফাঁচীবজাৰত আলু–পিঁয়াজৰ গুদামত কর্মৰত ক’ভিড–১৯ত আক্রান্ত মুংৰু সাহানীৰ সংস্পর্শলৈ অহা ব্যক্তিৰ তালিকা৷ ইতিমধ্যে মুংৰু সাহানীৰ সংস্পর্শলৈ অহা একাংশ লোক ক’ভিড–১৯ত আক্রান্ত হৈছে৷ শ্রমিকজনৰ প্রত্যক্ষ সংস্পর্শলৈ অহা তিনি শতাধিক ব্যক্তিৰ ছোৱাবৰ নমুনা সংগ্রহ কৰি স্বাস্থ্য বিভাগে পৰীক্ষাৰ ব্যৱস্থা কৰিছিল৷ তৎসত্ত্বেও ৰাজ্যৰ ব্যৱসায়িক প্রাণকেন্দ্র ফাঁচীবজাৰত যাতে ক’ভিড–১৯এ গুৰুতৰ ৰূপ ধাৰণ কৰিব নোৱাৰে, তাৰ বাবে আক্রান্ত সাহানীৰ সংস্পর্শলৈ অহা অধিক ব্যক্তিৰ অনুসন্ধান অব্যাহত ৰাখিছে৷

সাহানীৰ পৰোক্ষ সংস্পর্শলৈ অহা ব্যক্তিৰ অনুসন্ধান আৰু পৰীক্ষাৰ কাম আৰম্ভ কৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে৷ আজি ফাঁচীবজাৰত সাহানীৰ পৰোক্ষ সংস্পর্শলৈ অহা একাংশ শ্রমিকসহ মুঠ ১৪০জনৰ ছোৱাবৰ নমুনা সংগ্রহ কৰা হয়৷ উল্লেখ্য যে মুংৰু সাহানী নামৰ শ্রমিকজন ক’ভিড–১৯ত আক্রান্ত হোৱাৰ লগে লগে সমগ্র ফাঁচীবজাৰত হাহাকাৰ লাগিছিল৷ কিয়নো ফাঁচীবজাৰৰ ৰাজকমল হোটেলৰ তলৰ আলু–পিঁয়াজৰ গুদামত কর্মৰত শ্রমিকজন বহু ব্যক্তিৰ সংস্পর্শলৈ আহিছিল৷ পৰৱর্তী সময়ত মুংৰুৰ সংস্পর্শলৈ অহা নাপিতসহ ১৫জন লোক ক’ৰোনাত আক্রান্ত হয়৷ যাৰ বাবে এই লোকসকল কাৰ সংস্পর্শলৈ আহিছিল তাৰ অনুসন্ধান আৰু পৰীক্ষণ আৰম্ভ কৰে স্বাস্থ্য বিভাগ তথা কামৰূপ মহানগৰ জিলা প্রশাসনে৷

ইয়াৰ অংশ হিচাপে আজি ১৫০গৰাকী লোকৰ নমুনা সংগ্রহ কৰা হয়৷ আনহাতে ফাঁচীবজাৰত আক্রান্ত ব্যক্তি পাণবজাৰস্থিত এলাহাবাদ বেংকলৈ যোৱাৰ তথ্য লাভ কৰাৰ পিছতে বেংকটো সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছিল৷

প্রাপ্ত তথ্য অনুসৰি বেংকটোৰ কর্মচাৰীসকলক হোম কোৱাৰেণ্টাইন কৰাৰ লগতে ছোৱাবৰ নমুনা সংগ্রহ কৰা হৈছিল৷ বেংকটোৰ সমূহ কর্মচাৰীৰ নমুনাৰ ফলাফল নিগেটিভ আহিছে বুলি জানিব পৰা গৈছে৷ ইতিমধ্যে সম্পূর্ণ বেংকটো ছেনিটাইজ কৰা হৈছে৷ ইপিনে, আজি পুনৰ মহানগৰীত বৃদ্ধি পায় কণ্টেইনমেণ্ট জ’নৰ সংখ্যা৷ নতুনকৈ মহানগৰীৰ ভৰলুমুখৰ হাৰিয়ানা ভৱন কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে জিলা প্রশাসনে৷ কোৱাৰেণ্টাইন চেণ্টাৰ হিচাপে ব্যৱহাৰ কৰা হাৰিয়ানা ভৱনত থকা দুজন ব্যক্তি ক’ভিড–১৯ত আক্রান্ত হোৱাৰ পিছতে কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰা হৈছে৷ উত্তৰে শান্তি ভৱন বিল্ডিং, দক্ষিণে মিউনিচিপাল মূল পথ, পূবে এছ এন সূর্য ভিলা বিল্ডিং আৰু পশ্চিমে মিউনিচিপাল বাইলেনক সামৰি কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰা হৈছে৷

You might also like