নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাৰপূজীয়া ৰাজ্যৰ কনিষ্ঠতম ৰজা মুকুন্দ ডেকা ৰজাৰ ৰাজ অভিষেক

নিয়মীয়া বাৰ্তা, ১৪ মে : ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ পাছত গৌৰৱময় আহোম ৰাজ্যৰ ৬০০ বছৰীয়া ৰাজত্বৰ অৱসান ঘটিছিল যদিও ৰজাসকলৰ সামাজিক মৰ্যদা অকণো সলনি হোৱা নাছিল। মধ্য অসমৰ কৰতলীয়া পাঁচো ৰাজ্যৰ টোপাকুছী, বাৰপূজীয়া, মিকিৰ ৰাজ্য, খড়া আৰু খাইগড় ৰাজ্যৰ একাধিক ৰাজ্যত আজিও অতীতৰ সেই ৰাজকীয় সামাজিক পৰম্পৰা প্ৰচলিত হৈ আছে। প্ৰচলিত হৈ আছে ৰাজ পৃষ্ঠপোষকতাত গঢ় লৈ উঠা বিভিন্ন কৃষ্টি-সংস্কৃতি, ধৰ্মীয় অনুষ্ঠান, খেলা-ধূলা আদি। প্ৰচলিত হৈ আছে ৰজাৰ পৰিয়ালৰ পুৰুষ উত্তৰাধিকাৰীয়ে ৰজা হোৱাৰ যোগ্যতা পোৱাতো । উল্লেখযোগ্য যে স্বাধীনতাৰ পাছত বাৰপূজীয়া ৰাজ্যৰ ৰজা সকলৰ ভিতৰত এই বছৰৰ লৈকে ৰজাৰ আসনত অধিষ্ঠিত আছিল ৰামসিং ডেকা ৰজা। বৰ্তমান বাৰ্ধক্যজনিত কাৰণত তেওঁ পৰলোক ঘটিছিল। সেয়ে বাৰপূজীয়া ৰাজ্যৰ বাৰ খেলিয়া তিৱা ৰাজদৰবাৰ অনুষ্ঠিত কৰি ৰাজ পৰিয়ালৰ মুকুন্দ ডেকা ৰজাক আনুষ্ঠানিক ভাৱে আসনত অধিষ্ঠিত কৰে। তদুপলক্ষে আজি দেওবাৰে পৰম্পৰাগত ভাবে চলি অহা প্ৰথা অনুসৰি পুৱাৰ পৰা বিভিন্ন মাংগলিক অনুষ্ঠানকৰি জয়ধ্বনি দি, ৰজাক আয়তি সকলে মাহ- হালধিৰে নুৱাই- ধুৱাই, তুলসী চন্দন ঘঁহি, নৱ বস্ত্ৰ পৰিধান কৰাই, বৰঢোল, পাতিঢোল বজাই আদৰি আনি ৰজাৰ আসনত বহুৱাই। সমগ্ৰ অনুষ্ঠানটিৰ আঁত ধৰে বিশিষ্ট সমাজ কৰ্মী বলিন্দ্ৰ ডেকা ৰজা আৰু হেমন্ত কুমাৰ দেউৰী ইয়ে। অনুষ্ঠানত ৰাজ দৰবাৰৰ সভাপতি জুৰসিং বৰদলৈ, গোভা ৰজা দ্বীপ সিং দেওৰজা প্ৰমুখ্যে বাৰ জন তিৱা ৰজা , তিৱা সাহিত্য সভাৰ সম্পাদক বিদ্যুৎ সেনাপতি , তিৱা সাংস্কৃতিক দলৰ বহু কেইজন শিল্পী আৰু গণ্য মান্য লোক উপস্থিত থাকে। উল্লেখযোগ্য যে , বৃহত্তৰ বাৰপূজীয়া অঞ্চলৰ জাতি – ধৰ্ম- ভাষা নিৰ্বিশেষে অতীতৰ বাৰপূজীয়া ৰাজ্যৰ যি একতাৰ এনাজৰী আছিল, সেয়া আজিও মিলনৰ সেতু হিচাপে কটকটীয়া হৈ আছে আৰু থাকিব।

প্ৰেৰক মানস নাথ

You might also like