নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুর্নীতিগ্রস্ত গাণনিক বিষয়া আব্দুল লতিফক গ্রেপ্তাৰ

🔹 তেজপুৰৰ এফচিআই কার্যালয়ত চিবিআইৰ অভিযান

বার্তা ব্যুৰ’,  ৯ ছেপ্টেম্বৰ : যোৱানিশা তেজপুৰৰ ভাৰতীয় খাদ্য নিগম চমুকৈ ‘এফচিআই’ৰ কার্যালয়ত কেন্দ্রীয় তদন্তকাৰী সংস্থা চিবিআয়ে ঘোচখোৰ বিষয়াৰ বিৰুদ্ধে চলালে অভিযান৷ চহৰখনৰ ত্রিবেণী চেণ্টাৰৰ সমীপস্থ এফচিআইৰ পূর্বৰ মাণ্ডলিক প্রবন্ধক আৰু বর্তমানৰ ক্ষেত্র প্রবন্ধকৰ কার্যালয়ত চলোৱা এই অভিযানকালত আব্দুল লতিফ (৩৮) নামৰ দুর্নীতিপৰায়ণ গাণনিক বিষয়াজন গ্রেপ্তাৰ হয়৷ উল্লেখ্য যে তেজপুৰৰ বিন্দুকুৰি, শোণিতপুৰ অৰুণাচল সীমান্তৱর্তী ভালুকপুং আৰু টংলাত অৱস্থিত এফচিআইৰ গুদামসমূহৰ কাম–কাজ পৰিচালিত হয় তেজপুৰৰ এই ক্ষেত্র প্রবন্ধকৰ কার্যালয়ৰ পৰা ৷ বিগত সময়ছোৱাত গুদামসমূহৰ বিভিন্ন ঠিকা আদিৰ ক্ষেত্রত ব্যাপক অনিয়ম আৰু দুর্নীতি হৈ থকা বুলি অভিযোগ উত্থাপিত হৈ আহিছিল ৷ অতি শেহতীয়াকৈ উত্থাপিত অভিযোগ অনুসৰি, এজন নাম প্রকাশত অনিচ্ছুক ব্যৱসায়ীয়ে তেওঁৰ কাম–কাজ সম্পর্কীয় বিল অনুমোদনৰ বাবে কাষ চাপে গাণনিক বিষয়া আব্দুল লতিফৰ৷ ২০০৯ চনত এফচিআইত গাণনিক বিষয়া হিচাপে যোগদান কৰা তথা ৪ বছৰ ধৰি তেজপুৰৰ কার্যালয়তো গাণনিক বিষয়া হিচাপে কর্মৰত দুর্নীতিপৰায়ণ বিষয়া আব্দুল লতিফে অভিযোগ অনুসৰি ব্যৱসায়ীজনৰ বিল পাছৰ বাবদ ১ লাখ ৩০ হাজাৰ টকা উৎকোচ দাবী কৰে৷ সেই অনুযায়ী ব্যৱসায়ীজনে আব্দুল লতিফৰ স’তে কৰা এই ধন লেনদেনৰ কথা-বতৰাৰ দৃশ্যাৱলী অতি কৌশলেৰে ভিডিঅ’ ৰেকর্ডিং কৰে৷ ইয়াৰ পিছত ব্যৱসায়ীজনে গুৱাহাটীত অৱস্থিত চিবিআই কার্য্যালয়ৰ সতে যোগাযোগ স্থাপন কৰি বিষয়টো সন্দর্ভত অভিযোগ উত্থাপন কৰে ৷ বিষয়টো গুৰুত্বসহকাৰে লৈ তেজপুৰস্থিত অসম আৰক্ষীৰ উপ–মহাপৰিদর্শকক অৱগত কৰি যোৱানিশা গুৱাহাটীৰ পৰা অহা চিবিআইৰ এটা দলে তেজপুৰস্থ এফচিআইৰ কার্যালয়টোত অতি সংগোপনে অভিযান চলাই গাণনিক বিষয়া আব্দুল লতিফক হাতে-লোটে গ্রেপ্তাৰ কৰে৷ মন কৰিবলগীয়া যে ঘটনা সন্দর্ভত তেজপুৰ আৰক্ষী অৱগত নোহোৱাৰ লগতে এফ চি আইৰ কার্যালয়টোৰ বিষয়া–কর্মচাৰীসকলে সাংবাদিকক আজি কোনোধৰণৰ মন্তব্য নিদিয়াটো তাৎপর্যপূর্ণ বুলি বিবেচিত হৈছে৷

প্ৰেৰক পুলক ডেকা

You might also like