নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত জল জীৱন আঁচনিত দুৰ্নীতি-অনিয়ম

🔹 ঠিকাদাৰৰ বিৰুদ্ধে চৰম গাফিলতিৰ অভিযোগ

নিয়মীয়া বাৰ্তা, ২৭ ডিচেম্বৰ : জোনাই মহকুমা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত জোনাইৰ সীমান্তৱৰ্তী শিৱগুৰি গাঁৱৰ ৫৬টা পৰিয়ালক খোৱাপানী যোগানৰ বাবে নিৰ্মীয়মাণ জল জীৱন মিছন আঁচনিখন আজি প্ৰায় এবছৰে অৰ্ধনিৰ্মিত অৱস্থাত পৰি থকাৰ বিপৰীতে ঠিকাদাৰে চৰম গাফিলতিৰে অতি নিম্নমানৰ সামগ্ৰীৰে নিৰ্মাণ কৰাত নিৰ্মাণৰ কাম শেষ নৌহওঁতেই ফাট মেলা দেখা গৈছে পানী যোগান আঁচনিখনৰ বহু ঠাইত ৷ তাৰ বিপৰীতে ঠিকাদাৰে আঁচনিৰ সিংহভাগ ধন উলিয়াই নিয়াৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে ৷ শিৱগুৰি গাঁৱৰ প্ৰাক্তন গাঁওবুঢ়া অজিত চাৰহই সাংবাদিকৰ আগত অভিযোগ কৰা মতে, শিৱগুৰি গাঁৱৰ জল জীৱন মিছনৰ পানী যোগান প্ৰকল্পৰ ভূগৰ্ভৰ পানী উত্তোলনৰ পাইপডাল প্রায় ১২০ ফুট গভীৰলৈ বহুৱাব লাগে যদিও ঠিকাদাৰে মাত্র ৪৫ ফুট গভীৰলৈকেহে পাইপ বহুওৱাত ওলাইছে আইৰনযুক্ত পানী ৷ তদুপৰি ঠিকাদাৰে প্রকল্পটোৰ পৰা ঘৰে ঘৰে পানী যোগান ধৰিবলৈ বৰ্তমানলৈ বহুওৱা নাই এডালো পানী যোৱা পাইপ৷ এনেদৰে ঠিকাদাৰৰ গাফিলতিত প্ৰায় এবছৰে জল জীৱন মিছনৰ প্ৰায় ৬৮ লাখটকীয়া পানী যোগান কেন্দ্ৰটোৰ নিৰ্মাণ কাম সম্পূর্ণ নোহোৱাত বানবিধ্বস্ত তথা সীমান্তৱর্তী শিৱগুৰি গাঁৱৰ ৰাইজ বঞ্চিত হ’ব লগা হৈছে বিশুদ্ধ খোৱাপানীৰ পৰা। সেয়ে ৰাইজে জল জীৱন মিছনৰ কেইবা লাখটকীয়া শিৱগুৰি পানী যোগান প্ৰকল্পৰ নিৰ্মাণৰ ক্ষেত্ৰত সংঘটিত হোৱা দুর্নীতি-অনিয়মৰ বিৰুদ্ধে ঠিকাদাৰ, বিভাগীয় বিষয়া-অভিযন্তাৰ ওপৰত উচিত তদন্ত কৰি বিহিত ব্যৱস্থা গ্রহণ কৰাৰ লগতে কেন্দ্ৰটোৰ নিৰ্মাণ শীঘ্ৰে সম্পূৰ্ণ কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে ৰাইজে ৷

প্ৰেৰক কৰবী দলে

You might also like