নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকোৰ উত্তৰ ৰাঙাপানীত জলজীৱনত দুৰ্নীতি

🔹 নিৰ্মীয়মাণ অৱস্থাতে ভাঙিব ধৰিছে আঁচনিৰ গৃহ : তদন্তৰ দাবী

নিয়মীয়া বাৰ্তা, ৩০ ছেপ্টেম্বৰ : কি চলিছে জলজীৱন আঁচনিৰ নামত একাংশ ভিতৰুৱা গ্ৰামাঞ্চলত? নিৰ্মীয়মাণ অৱস্থাতেই ফাট মেলিছে ঘৰৰ দেৱালত। নিম্নমানৰ সামগ্ৰীৰে ঠিকাদাৰৰ লুণ্ঠনৰাজ চলাৰ অভিযোগ | জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বকো উপ-সংমণ্ডলীয় কাৰ্যালয়ৰ অন্তৰ্গত নগৰবেৰাৰ উত্তৰ ৰাঙাপানীত প্ৰায় ডেৰ কোটি টকা ব্যয়সাপেক্ষে জলজীৱন আঁচনিৰ নিৰ্মাণকাৰ্য চলি আছে। নিম্নমানৰ সামগ্ৰীৰে কাম কৰা বাবে নিৰ্মাণকাৰ্য সম্পূৰ্ণ নৌহওঁতেই দেৱালত ফাট মেলাৰ লগতে ঠায়ে ঠায়ে ভাঙিবলৈ ধৰিছে | স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষৰ লগতে ঠিকাদাৰক বাৰম্বাৰ অৱগত কৰা সত্ত্বেও গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰে | নিৰ্মাণকাৰ্যত নামমাত্ৰ চিমেন্ট ব্যৱহাৰ কৰা, নিম্নমানৰ ৰড, বালি আদি সামগ্ৰী ব্যৱহাৰেৰে ঠিকাদাৰে পালমৰা বিধৰ কাম কৰা বাবেই সকলো জহি-খহি যাবলৈ লোৱা বুলিও ৰাইজৰ ক্ষোভ |শীঘ্ৰে এই দুৰ্নীতি-অনিয়মৰ উচ্চ পৰ্যায়ৰ তদন্তসাপেক্ষে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে অঞ্চলবাসী ৰাইজে |

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like