📌 বখলা-বখলে এৰাইছে ব্লেক টপিং, তদন্তৰ দাবী ৰাইজৰ
নিয়মীয়া বাৰ্তা, ৩১ জুলাই : মাজুলীত লোকনিৰ্মাণ বিভাগৰ কাম-কাজত ব্যাপক বিসংগতিয়ে সীমা চেৰাই যোৱাৰ অভিযোগ উঠিছে। কোনো পথ যদি নিৰ্মাণ অৱস্থাত ভাগিছে, কোনো পথত প্ৰাককলন মতে ঠিকাদাৰ পক্ষই কাম নকৰাৰ অভিযোগ উঠিছে । উল্লেখ্য যে কেইদিনমান পূৰ্বে নিৰ্মাণকাৰ্য্য আৰম্ভ কৰা গোৱালগাঁও পহুমৰা গড়কাপ্টানী পকীপথ নিৰ্মাণ কৰাৰ ২৪ ঘন্টা পাছতে বখলা-বখলে এৰাইছে ব্লেক টপিং। মাজুলীত দ্ৰুতগতিত উন্নয়নৰ কাম-কাজ আৰম্ভ হোৱাৰ সমান্তৰালকৈ অধিকাংশ নৱনিৰ্মিত পথত গড়কাপ্টানী বিভাগৰ ঠিকাদাৰে ব্যাপক দুৰ্নীতি সংঘটিত কৰিছে। বিৰ্তকিত ঠিকাদাৰ জনৈক পেগুৱে মইমতালিৰে নিৰ্মাণ কৰিছে এই পথটো ৷ পূৰ্বে বাতৰি প্ৰচাৰ হোৱাৰ পিছতো গুৰুত্ব নিদিয়াৰ বাবে পুনৰ এৰাইছে নিৰ্মীয়মাণ পথটোৰ ব্লেক টপিং ৷ ২০ জুলাইতে একাংশ লোকে বিভাগীয় অভিযন্তাক ঘেৰাও কৰি বাকযুদ্ধ কৰি পথটো পুনৰ নিৰ্মাণৰ দাবী তুলিছিল যদিও গুৰুত্ব নিদিলে ঠিকাদাৰজনে ৷ পূৰ্বে নিৰ্মাণ কৰা পথৰ ভাগি যোৱা অংশ চাফা নকৰাকৈ পুনৰ নিৰ্মাণ কৰিছিল পথটো। গাঁতসমূহত বালি আৰু শিলৰ সলনি মাটি ব্যৱহাৰৰ কৰাৰ পৰিণতিত এনেদৰে এৰাই গৈছে ব্লেক টপিং। উল্লেখ্য যে পূৰ্বে এই পথ মেৰামতিৰ ক্ষেত্ৰতো দুৰ্নীতিৰ অভিযোগ উঠিছে পূৰ্বৰ ঠিকাদাৰৰ বিৰুদ্ধে। প্ৰাককলন মতে কাম নকৰাৰ পৰিণতিত পথৰ এই অৱস্থাত ক্ষুব্ধ ৰাইজে কালিৰে পৰা কাম বন্ধ কৰি ক্ষোভ উজাৰিছে বিতৰ্কিত ঠিকাদাৰ জনৈক পেগুৰ বিৰুদ্ধে। প্ৰতিকিলোমিটাৰত প্ৰায় ২০ লাখকৈ টকা ধাৰ্যৰে নিৰ্মাণকাৰ্য চলি থকা পথটো বখলা বখলে এৰাই যোৱাত সচেতন মহলে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আনফালে কালি নিৰ্মাণস্থলীত ঠিকাদাৰৰ কৰ্মচাৰীৰ সৈতে স্থানীয় ৰাইজৰ তৰ্কযুদ্ধত হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি হয়। পথ নিৰ্মাণস্থলীত গড়কাপ্টানী বিভাগৰ কোনো অভিযন্তা-বিষয়া নথকা সুযোগ গ্ৰহণ কৰি শ্ৰমিকসকলে ইচ্ছা মতে কোটিটকীয়া পথৰ মেৰামতি কাৰ্য্য চলাই থকাত স্থানীয় দল-সংগঠনে জিলা প্ৰশাসনক বিষয়টোৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰাৰ দাবী তুলিছে। ইফালে, প্ৰত্যক্ষদৰ্শী ৰাইজে জানিবলৈ দিয়া মতে, পথটোত বালি-বোকা ওপৰত নিৰ্মাণ কৰি কাৰপেটিং কৰাৰ ফলত এফালৰ পৰা পথটো এৰাই গৈছে।
প্ৰেৰক প্ৰাঞ্জল খাউণ্ড