নিয়মীয়া বাৰ্তা, ৫ ছেপ্টেম্বৰ : মৰিগাঁৱৰ লাহৰীঘাট দ্বি সাপ্তাহিক বজাৰত লেছীৰ ছত্ৰছায়াত ব্যাপক দুৰ্নীতি-অনিয়ম আৰু বেদখল চলা গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। অভিযোগ মতে, লাহৰীঘাট বজাৰত খুচুৰা ব্যৱসায়ী সকলৰ লগতে বিভিন্ন সামগ্ৰী বিক্ৰেতা সকলৰ বাবে নিৰ্মাণ কৰা বজাৰ গৃহ সমূহ সেই সকল ব্যৱসায়ী আৰু স্থানীয় সামগ্ৰী বিক্ৰেতা ৰাইজক বঞ্চিত কৰি মাহেকত ৫-৭ হাজাৰ টকাৰ ভাড়াত একাংশ ব্যৱসায়ীক গুদাম গৃহ হিচাপে ভাড়া দি আহিছে। আনফালে আকৌ বজাৰৰ চৰকাৰী ভূমিত অবৈধভাৱে একাংশ ব্যৱসায়ীক ধনৰ বিনিময়ত বজাৰৰ লেচিয়ে দুই তিনি মহলীয়া অট্টালিকা সাজিবলৈ অনুমতি দি বেদখল কৰাত সুযোগ দিয়া বুলি আজি বজাৰখনৰ মাজমজিয়াত স্থায়ী ৰাইজে লেছীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। এই অভিযোগ উত্থাপন কৰিছে বজাৰখনৰ ৰুফুল আমিন নামৰ লেছীজনৰ বিৰুদ্ধে। আনকি শেহতীয়াকৈ বজাৰখনৰ গৰু-ছাগলী মহলত বৰবড়ি গাঁও পঞ্চায়তৰ চালাম নামৰ লোকজনক লেছীয়ে ধনৰ বিনিময়ত প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহ নিৰ্মাণৰ বাবেও মাটি দিছে। অভিযোগ মতে, লাহৰীঘাট দ্বি সাপ্তাহিক বজাৰত বৰ্তমানৰ লেছীসকলেই যে ধনৰ বিনিময়ত অবৈধ দখলদাৰী সকলক বজাৰৰ চৰকাৰী মাটি দি আহিছে এয়া নহয়।পূৰ্বৰ লেচি সকলেও ধনৰ বিনিময়ত একাংশ ব্যৱসায়ীক বজাৰৰ ভূমি অবৈধ ভাৱে হস্তান্তৰ কৰি অহাত ইটোৰ পিছত সিটোকৈ দুই তিনি মহলীয়া অট্টালিকা সাজি বজাৰৰ মাজ মজিয়াত পৰিয়ালৰ বাসস্থান গঢ়ি তুলিছে।আন এক অভিযোগ মতে,গুদাম গৃহ হিচাপে বিভাগীয়ভাৱে নিৰ্মাণ কৰি দিয়া স্থায়ী বজাৰ গৃহ সমূহ খুচুৰা ব্যৱসায়ী সকলক মুকলি কৰি দিবলৈ লেচিক অনুৰোধ জনোৱাত, ওলোটাই লেছীয়ে একাংশ খুচুৰা ব্যৱসায়ীক ভাবুকিহে প্ৰদান কৰিছে। অৱশ্যে এই সন্দৰ্ভত তাহানিৰে পৰা স্থানীয় সচেতন লোক সকলে স্থানীয় ৰাজহ চক্ৰ বিষয়াগৰাকীৰ লগতে মৰিগাঁও জিলা উপায়ুক্তকো অৱগত কৰি আহিছে যদিও অদ্যাপি কোনো ধৰণৰ সুফল পোৱা নাই।ইফালে পূৰ্বৰ লেছীৰ কাৰ্যকে অনুসৰণ কৰি বৰ্তমানৰ লাহৰীঘাট দ্বি সাপ্তাহিক বজাৰৰ লেছীয়ে বজাৰখনক লৈ চলাই থকা ব্যাপক দুৰ্নীতি-অনিয়ম আৰু বেদখল মুক্ত অৰ্থাৎ লেছীৰ ছত্ৰছায়াত গঢ় লৈ উঠা অবৈধ দখলদাৰী ব্যৱসায়ীসকলৰ ৰাজ অট্টালিকাসমূহ উচ্ছেদৰ ব্যৱস্থা কৰি বজাৰখনৰ ভূমি বেদখল মুক্ত কৰি তুলিবলৈ স্থানীয় সচেতন লোক সকলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ দাবী জনাইছে ।
প্ৰেৰক আবুল কালাম