নিয়মীয়া বাৰ্তা, ১৫ ডিচেম্বৰঃ ঘিলামৰাৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান কান্ত খনিকৰ উচ্চ মাধ্যমিক বিদ্যালয়ত আজি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত পৰম্পৰাগত সাজপাৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়।শিক্ষানুষ্ঠানখনত বুধবাৰৰ পৰা অব্যাহত থকা বাৰ্ষিক ক্ৰীড়া উৎসৱৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হয় এই ব্যতিক্ৰমী প্ৰতিযোগিতাৰ। শিক্ষানুষ্ঠানখনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত যথেষ্ট সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। বিভিন্ন জাতি-জনগোষ্ঠীৰ পৰম্পৰাগত সাজপাৰ পৰিধান কৰি ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে এই প্ৰতিযোগিতাত। মিচিং ,বড়ো, টাই আহোম , ৰাভা , মটক ,চুতীয়াকে ধৰি জনগোষ্ঠীয় সাজপাৰ পৰিধান কৰি ৰেম্পত খোজ কাঢ়িলে অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰীয়ে। সমগ্ৰ ভাৰতবৰ্ষকে ধৰি অসমতো পশ্চিমীয়া দেশসমূহৰ কলা সংস্কৃতিয়ে আগুৰি ধৰাৰ সময়তে কান্ত খনিকৰ উচ্চ মাধ্যমিক বিদ্যালয় কৰ্তপক্ষই আয়জন কৰা ব্যতিক্ৰমী পৰম্পৰাগত সাজপাৰ প্ৰতিযোগিতাত বিভিন্ন জনগোষ্ঠীয় পৰম্পৰাগত সাজপাৰ, আ-অলংকাৰ পৰিধান কৰি গীতৰ তালে তালে লয়লাস ভংগীমাৰে ৰেম্পত খোজ দি দৰ্শকক আপ্লুত কৰে ।
প্ৰেৰক পুলকজ্যোতি বৰা