নিয়মীয়া বাৰ্তা, ৬ জুনঃ জীৱনে বাট হেৰুৱায় যেতিয়া দুৰ্যোগ নামি আহে। সকলো থাকিও মানুহ পৰিস্থিতিৰ তাড়নাত হৈ পৰে পথৰ ভিক্ষাৰী। এয়াই হৈছে জীৱন । ১৯৮৪ চনতে ইংৰাজী বিষয়ত স্নাতক ডিগ্ৰী আৰু পাছলৈ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি অসম, নগালেণ্ড, অৰুনাচল, মনিপুৰ নেপাল আদি বিভিন্ন স্থানত ইংৰাজী বিষয়ত শিক্ষকতা কৰা দেৰগাঁও বৰুৱা বামুণ গাঁৱৰ প্ৰশান্ত বৰঠাকুৰ নামৰ উচ্চ শিক্ষিত ব্যক্তিজনে কালক্ৰমত পৰিয়াল আত্মীয়ৰ পৰা বিচ্ছিন্ন হৈ পৰে। ফকীৰ বাবা হৈ কোনো দেওমনিষ নথকা এক জংঘল সদৃশ পৰিবেশৰ মাজত ভগা চিগা জৰাজীৰ্ণ প্ৰজাত দুৰ্বিসহ জীৱন কটোৱা পৰিবেশ অবৰ্ণনীয়। অসম আন্দোলনতো সক্ৰিয়ভাৱে জপিয়াই পৰা ব্যক্তিগৰাকীৰ পুলিচৰ কোবত ভৰি এখন ভাগিছিল। সেই ভগা ভৰিয়ে এখন চাইকেল লৈ গাঁৱে গাঁৱে শাক পাচলিৰ গুটি বিক্ৰী কৰি দুসাঁজৰ মূৰত এসাঁজ খাই এসাঁজ নাখাই কৰুণ জীৱন অতিবাহিত কৰা ব্যক্তিগৰাকীৰ বিষয়ে বিভিন্ন সামাজিক মাধ্যমৰ লগতে সংবাদ মাধ্যমটো সবিস্তাৰে বাতৰি প্ৰকাশ পাই। সংবাদ মাধ্যমত ব্যক্তিগৰাকীয়ে কটন কলেজত পঢ়ি থকা সময়ৰ কথা সুঁৱৰি সেই সময়ৰ সতীৰ্থ বৰ্তমান বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যকে ধৰি বহুকেইজন ব্যক্তিৰ নাম উল্লেখ কৰিছিল। সংবাদ মাধ্যমৰ যোগেৰে সেই বাতৰি পোৱাৰ পিছত আজি প্ৰশান্ত বৰঠাকুৰৰ গৃহত উপস্থিত হয় সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ লগতে প্ৰাক্তন কটনীয়ান দিগন্ত ঠাকুৰ আৰু ৰক্তিম ফুকন সহ এটি সজাতি দল । প্ৰায় চৌৱাল্লিছ বছৰৰ মূৰত বন্ধুক কাষতে পাই এক আবেগিক পৰিবেশৰ সৃষ্টি হয়। একপ্ৰকাৰ শিৱভক্ত হৈ পৰা প্ৰশান্ত বৰঠাকুৰে বন্ধু অহাৰ খবৰ পাই সযতনে গোটাই ৰাখে মাহ-প্ৰসাদ। সেই প্ৰসাদৰ ভাগ চাৰিও বন্ধুৱে একলগে খোৱা আৰু বিধায়ক ভট্টাচাৰ্যই বন্ধু প্ৰশান্ত বৰঠাকুৰৰ হাত ধুৱাই দিয়া দৃশ্য আছিল অতি বিৰল। এই দৃশ্যই কম সময়ৰ বাবে হলেও উপস্থিত সকলোকে আৱেগিক কৰি তোলে। এই স্থানতে সংবাদ মাধ্যমৰ আগত বিধায়ক ভট্টাচাৰ্যই দেৰগাঁৱৰ বিধায়ক ভৱেন্দ্ৰনাথ ভৰালীৰ সৈতে যোগাযোগ কৰি পৰৱৰ্তী সময়ত বন্ধু প্ৰশান্ত বৰঠাকুৰৰ প্ৰয়োজনীয় সকলো সা-সুবিধা আগবঢ়োৱাৰ আশ্বাস দিয়ে।
প্ৰেৰক প্ৰণৱ চক্ৰৱৰ্তী