নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাছাৰত ১ কোটি টকাৰ কাহৰ চিৰাপৰ লগতে গাঞ্জা জব্দ

নিয়মীয়া বাৰ্তা, ২০ জানুৱাৰী : গোপন তথ্যৰ ভিত্তিত কাছাৰ আৰক্ষীয়ে কালাইন থানাৰ অন্তৰ্গত দিঘৰখাল টোলগেটত অবৈধ পৰিবহণৰ বিৰুদ্ধে বিশেষ অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰে। আজি কাছাৰ জিলা আৰক্ষী অধীক্ষক নোমল মাহাত্তাই কয় যে, এই অভিযানৰ সময়ত গুৱাহাটীৰ পৰা আইজল অভিমুখে গৈ থকা এখন পঞ্জীয়ন নম্বৰ এম জেড ০১জেড-৮২৫৬ টাটা ডি আই বাহন আটক কৰা হয় । আৰু বাহনখনত তালাচীৰ সময়ত ৮,৬৪০টা বটল ক’ডেইন ফছফেট কাহৰ চিৰাপ ভৰ্তি ৭২টা কাৰ্টন, আৰু ২ কিলোগ্ৰাম সন্দেহযুক্ত গাঞ্জা উদ্ধাৰ কৰে আৰক্ষীয়ে। তেওঁ কয় ,ব্যৱহৃত বাহনখনৰ লগতে উদ্ধাৰ হোৱা ড্ৰাগছ জব্দ কৰা হয়। এই ঘটনাত জয়লালদন থাংগা (৩৮) নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ক’লা বজাৰত জব্দ কৰা ড্ৰাগছৰ মূল্য প্ৰায় এক কোটি টকা। এই ঘটনাৰ অধিক তদন্ত অব্যাহত আছে বুলি সদৰি কৰে তেওঁ।

প্ৰেৰক গৌতম তালুকদাৰ

You might also like