নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৪ জুনত ৰাজ্যত ৫২টা কেন্দ্রত চলিব ভোটগণনা

🔹 লোকসভা নির্বাচনৰ ভোটগণনাৰ প্রস্তুতি সম্পূর্ণ

বিশেষ বাৰ্তা, ১ জুন : লোকসভা নির্বাচনৰ ভোটগণনাৰ প্রস্তুতি সম্পূর্ণ কৰি তুলিছে ৰাজ্যিক নির্বাচন বিভাগে৷ এখন সংবাদ মেলযোগে মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলে প্রকাশ কৰা অনুসৰি অসমত মুঠ ৫২টা ভোটগণনা কেন্দ্রত অহা ৪ জুনত ভোটগণনা চলিব৷ ৰাজ্যৰ ১৪টা সমষ্টিৰ বাবে স্থাপন কৰা ৫২টা ভোটগণনা কেন্দ্রৰ ১৫২টা ভোটগণনা কক্ষত পুৱা ৮ বজাৰ পৰা আৰম্ভ হ’ব গণনা৷ ইতিমধ্যে প্রতিটো সমষ্টিৰ বাবে সাজু কৰি তোলা হৈছে ভোটগণনা কেন্দ্র৷ কোকৰাঝাৰ সমষ্টিৰ গোসাঁইগাঁও আৰু চিৰাঙত চলিব ভোটগণনা৷ আনহাতে, ধুবুৰী সমষ্টিৰ বাবে বিলাসীপাৰা, ধুবুৰী, দক্ষিণ শালমাৰা, গোৱালপাৰা, উত্তৰ শালমাৰা আৰু বৰপেটাত চলিব ভোটগণনা৷ বৰপেটা সমষ্টিৰ বাবে উত্তৰ শালমাৰা, বঙাইগাঁও, বৰপেটা, বজালী, কামৰূপ আৰু নলবাৰীত হ’ব ভোটগণনা৷ দৰং–ওদালগুৰি সমষ্টিৰ বাবে ভোটগণনা চলিব ৰঙিয়া, বাক্সা, ওদালগুৰি আৰু দৰঙত৷ গুৱাহাটী সমষ্টিৰ বাবে ভোটগণনা চলিব গোৱালপাৰা, কামৰূপ মহানগৰত৷ ডিফু সমষ্টিৰ বাবে ভোটগণনা চলিব বোকাজান, কার্বি আংলং, পশ্চিম কার্বি আংলং আৰু ডিমা হাছাওত৷ কৰিমগঞ্জ সমষ্টিৰ বাবে হাইলাকান্দি আৰু কৰিমগঞ্জত চলিব ভোটগণনা৷ একেদৰে শিলচৰ সমষ্টিৰ বাবে কাছাৰত, নগাঁও সমষ্টিৰ বাবে মৰিগাঁও আৰু নগাঁৱত, কাজিৰঙা সমষ্টিৰ বাবে কলিয়াবৰ, নগাঁও, হোজাই, গোলাঘাট, বোকাখাত আৰু ধনশিৰিত ভোটগণনা চলিব৷ শোণিতপুৰ সমষ্টিৰ বাবে শোণিতপুৰ, বিশ্বনাথ, গহপুৰ আৰু লখিমপুৰত, লখিমপুৰ সমষ্টিৰ বাবে ঢকুৱাখনা, ধেমাজি, লখিমপুৰ, জোনাই, শদিয়া আৰু তিনিচুকীয়াত ভোটগণনা চলিব, ডিব্রুগড় সমষ্টিৰ বাবে মার্ঘেৰিটা, তিনিচুকীয়া, ডিব্রুগড়ত আৰু যোৰহাট সমষ্টিৰ বাবে চৰাইদেউ, শিৱসাগৰ, নাজিৰা, মাজুলী, যোৰহাট আৰু তিতাবৰত ভোটগণনা চলিব৷ ৰাজ্যিক মুখ্য নির্বাচনী বিষয়াগৰাকীয়ে প্রকাশ কৰা অনুসৰি ১০ৰ পৰা ২৮টা ৰাউণ্ডত শেষ হ’ব ভোটগণনা প্রক্রিয়া৷ সর্বাধিক ৰাউণ্ড হ’ব ২৮ ৰাউণ্ড৷ ধুবুৰী সমষ্টিৰ বাবে জলেশ্বৰ আৰু গোৱালপাৰাত ২৮ ৰাউণ্ডকৈ হ’ব ভোটগণনা৷ আনহাতে, ডিফু সমষ্টিৰ বাবে পশ্চিম কার্বি আংলঙত ১০টা ৰাউণ্ডতে শেষ হ’ব ভোটগণনা৷ মুখ্য নির্বাচনী বিষয়াগৰাকীয়ে প্রকাশ কৰা অনুসৰি গণনা কেন্দ্রত থাকিব সর্বমুঠ ৬৪গৰাকী সাধাৰণ পর্যবেক্ষক আৰু নিয়োজিত কৰা হৈছে ৫,৮২৩জন বিষয়া৷ প্রতিটো ভোটগণনা কেন্দ্রত ব্যৱস্থা কৰা হৈছে ৩৬০ ডিগ্রী চিচি কেমেৰা৷ আনহাতে, এইবাৰ নির্বাচনত ১,২৮,২৯৯টা প’ষ্টেল বেলটত ভোটদান হৈছে৷ প’ষ্টেল ভোট আৰু ইভিএমৰ বাবে ১,৯৪১খন গণনা টেবুল সাজু কৰা হৈছে বুলিও মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলে জানিবলৈ দিয়ে৷

You might also like