লাহৰীঘাটত অগপৰ কৃষক পৰিষদৰ সাধাৰণ সভা
নিয়মীয়া বাৰ্তা, ২১ জানুৱাৰী : মৰিগাঁও জিলাৰ লাহৰীঘাটত অসম গণ পৰিষদৰ ভাতৃ সংগঠন কৃষক পৰিষদৰ সাধাৰণ সভা অনুষ্ঠিত হয়। লাহৰীঘাট সমষ্টিৰ অন্তৰ্গত তিনিচুকীয়া মহমাৰা গাঁও পঞ্চায়তৰ সমূহীয়া ভৱনত কৃষক পৰিষদৰ সাধাৰণ সভা অনুষ্ঠিত হয়। মৰিগাঁও জিলা কৃষক পৰিষদৰ উদ্যোগত আৰু লাহৰীঘাট বিধান পৰিষদৰ সহযোগত সমষ্টি ভিত্তিত কৃষক পৰিষদৰ সাধাৰণ সভাৰ সভাপতিত্ব কৰে অগপৰ মৰিগাঁও জিলা সমিতিৰ সভাপতি শান্তনু শৰ্মাই। সভাত অগপৰ কেন্দ্ৰীয় সম্পাদক (প্ৰশাসন) ডাঃ কমলা কলিতাৰ লগতে কেইবাগৰাকী নেতা উপস্থিত থাকে। সভাত ডাঃ কমলা কলিতা কৃষকৰ বিভিন্ন সমস্যা কেনেদৰে সমাধান কৰিব পাৰি তাৰ ওপৰত বিশদভাৱে ভাষন প্ৰদান কৰে। তেওঁ কয় যে কৃষকসকল আমাৰ অন্ন দাতা, গতিকে কৃষকৰ উন্নয়ন হলেহে এখন দেশ তথা ৰাজ্যৰ উন্নয়ন সম্ভৱ। এই সভাৰ জৰিয়তে চৰকাৰী আঁচনি কেনেদৰে লাভ কৰিব পাৰি তাৰ সজাগতা সৃষ্টি কৰাৰ প্ৰয়াস কৰা হৈছে।
প্ৰেৰক আবুল কালাম