ৰাষ্ট্রপতিৰ নৈশভোজৰ পত্রত ব্যৱহাৰ প্রেছিডেণ্ট অৱ ভাৰত
বিশেষ বাৰ্তা, ৫ ছেপ্টেম্বৰঃ বহুচর্চিত জি–২০ সন্মিলনৰ মূল কার্যসূচী আৰম্ভণিৰ পূর্বে নৈশভোজৰ আমন্ত্রণী পত্রত ‘প্রেছিডেণ্ট অব ইণ্ডিয়া’ৰ সলনি ‘প্রেছিডেণ্ট অব ভাৰত’ ব্যৱহাৰক লৈ দেশজুৰি প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ দেশৰ ৰাজধানী নতুন দিল্লীত ৯–১০ ছেপ্টেম্বৰত অনুষ্ঠিতব্য জি–২০ শীর্ষ সন্মিলনৰ অতিথি বিদেশী নেতা আৰু দেশৰ ৰাজ্যৰ মুখ্যমন্ত্রীসকলক নিমন্ত্রণী পত্রত ‘প্রেছিডেণ্ট অব ভাৰত’ ব্যৱহাৰ কৰা হৈছে৷ দেশৰ ইতিহাসত প্রথমবাৰৰ বাবে বিদেশী নেতাই অংশগ্রহণ কৰিবলগীয়া জি–২০ সন্মিলনৰ নৈশভোজৰ নিমন্ত্রণী পত্রত ৰাষ্ট্রপতি ভৱনে প্রেছিডেণ্ট অব ইণ্ডিয়াৰ পৰিৱর্তে প্রেছিডেণ্ট অব ভাৰত ব্যৱহাৰ কৰিছে৷ ৰাষ্ট্রপতি দ্রৌপদী মুর্মুৰ ৯ ছেপ্টেম্বৰৰ নৈশভোজত নিমন্ত্রণী পত্রত প্রেছিডেণ্ট অব ভাৰত ব্যৱহাৰ কৰাক লৈ শাসক–বিৰোধীৰ মাজত তুমুল বাক্যুদ্ধ চলিছে৷ শাসকীয় পক্ষই প্রেছিডেণ্ট ইণ্ডিয়াৰ পৰিৱর্তে প্রেছিডেণ্ট অব ভাৰত ব্যৱহাৰ কৰাটোক সমর্থন জনোৱাৰ বিপৰীতে বিৰোধী ঐক্য ইণ্ডিয়া ব্লকৰ দলসমূহে মোদী চৰকাৰৰ এই কার্যক কঠোৰ ভাষাৰে সমালোচনা কৰিছে৷ মন কৰিবলগীয়া যে সংবিধানত ভাৰত শব্দটো ব্যৱহাৰ কৰা হৈছে৷ সংবিধানৰ অনুচ্ছেদ ১ত ইণ্ডিয়াই ভাৰত সংযুক্ত ৰাষ্ট্র৷ সংবিধানত ইণ্ডিয়া আৰু ভাৰত ব্যৱহাৰ কৰা হৈছে যদিও ৰাষ্ট্রপতিকে ধৰি প্রধানমন্ত্রী, ৰাজ্যসমূহত ভাৰতৰ সলনি ইণ্ডিয়া শব্দটো বহুলভাৱে ব্যৱহৃত হৈ আহিছে৷ স্বাধীনতাৰ পাছৰে পৰা প্রেচিডেণ্ট অব ইণ্ডিয়া ব্যৱহৃত হৈ আহিছে যদিও আচম্বিতে জি–২০ সন্মিলনৰ সময়ত প্রেচিডেণ্ট অব ইণ্ডিয়াৰ পৰিৱর্তে প্রেচিডেণ্ট অব ভাৰত লিখাক লৈ মোদী চৰকাৰে নামকৰণত তেওঁলোকৰ নীতি ব্যৱহাৰ কৰাৰ অভিসন্ধি চলিছে বুলি বিৰোধী পক্ষই সমালোচনা কৰিছে৷ বিদেশী প্রতিনিধিৰ হাতত অর্পণ কৰা জি–২০ পুস্তিকাত ভাৰত শব্দটো ব্যৱহাৰ কৰা হৈছে৷ ‘ভাৰত, গণতন্ত্রৰ জননী’ক প্রাধান্য দি কেইবা হাজাৰ বছৰীয়া ঐতিহ্যক মোদী চৰকাৰে প্রতিফলিত কৰিব বিচাৰিছে৷ ইয়াৰ পাছত প্রেচিডেণ্ট অব ভাৰত ব্যৱহাৰ কৰাত বিৰোধী দলে তীব্র প্রতিক্রিয়া প্রকাশ কৰাৰ পাছত মোদী চৰকাৰৰ এই কার্যক পূর্ণ সমর্থন জনাইছে শাসকীয় বিজেপি দলে৷ বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাই কংগ্রেছক সমালোচনা কৰি কয়– ভাৰতৰ গৌৰৱ আৰু সন্মান জড়িত প্রতিটো বিষয়ক লৈ কিয় কংগ্রেছে আপত্তি কৰে৷ ‘ভাৰত মাতা কী জয়’ শ্ল’গান দি ভাৰত যাত্রা ৰাজনৈতিক ভ্রমণ কিয় কৰি আছে? এইটো স্পষ্ট যে কংগ্রেছে দেশক সন্মান নকৰে, দেশৰ সংবিধানক সন্মান নকৰে, আনকি সাংবিধানিক প্রতিষ্ঠানকো সন্মান নকৰে৷ তেওঁলোকে কেৱল এটা ব্যক্তিগত পৰিয়ালক প্রশংসা কৰ৷ সমগ্র দেশেই জানে– কংগ্রেছ ৰাষ্ট্র বিৰোধী আৰু সংবিধান বিৰোধী৷ বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাই প্রেচিডেণ্ট অব ভাৰত ব্যৱহাৰ কৰাটোক পূর্ণ সমর্থন জনোৱাৰ সমান্তৰালকৈ বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় মন্ত্রী ধর্মেন্দ্র প্রধানে কয়– এই বিষয়টো পূর্বতেই হোৱা উচিত আছিল৷ইয়ে মোক মানসিক সন্তুষ্টি দিছে৷ ভাৰত আমাৰ পৰিচয়৷ আমি ইয়াক লৈ গৌৰৱান্বিত৷ ৰাষ্ট্রপতিয়ে ভাৰতক প্রাধান্য দিছে৷ ঔপনিৱেশিক মানসিকতাৰ পৰা ই এক বৃহত্তম পদক্ষেপ৷ টুইটত ধর্মেন্দ্র প্রধানে পুনৰ কয়– জনগণ মন অধিনায়ক জয়কে, ভাৰত ভাগ্য বিধাতা, জয় হো৷ অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মায়ো টুইটযোগে ৰিপাব্লিক অব ভাৰতক আদৰণি জনায়৷ আমাৰ সভ্যতা শক্তিশালী ৰূপত অমৃত কালৰ দিশে আগবাঢ়ি যোৱাটোক লৈ তেওঁ সুখী আৰু গৌৰৱান্বিত বুলি কয় ড০ শর্মাই৷ ইপিনে বিৰোধী ঐক্য ইণ্ডিয়া ব্লকৰ অন্যতম দল এনচিপিৰ মুৰব্বী শাৰদ পাৱাৰে দেশৰ নাম সলনি কৰাটো কাৰো অধিকাৰ নহয় বুলি চৰকাৰক সমালোচনা কৰিছে৷ দিল্লীৰ আপ চৰকাৰৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে প্রেচিডেণ্ট অব ভাৰত বিষয়টোক লৈ তীব্র প্রতিক্রিয়া ব্যক্ত কৰি এক সংবাদমেলত কয়– মই নাম সলনিৰ বিষয়টোক লৈ কোনো চৰকাৰী তথ্য লাভ কৰা নাই৷ অলপতে বিৰোধী দলসমূহে মিত্রতা স্থাপন কৰিছে আৰু নাম দিছে ইণ্ডিয়া৷ কেন্দ্রই দেশৰ নাম সলনি কৰিব নেকি? ১৪০ কোটি জনতাৰ দেশ এটা দলৰ নহয়৷ যদি মিত্রতাৰ নাম ভাৰত কৰা হয় তেতিয়াহ’লে ভাৰতৰ নাম বিজেপি কৰিব নেকি? পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীয়ে কয়– সমগ্র বিশ্বই দেশক ইণ্ডিয়া বুলি জানে৷ আশ্চর্য যে ৰবীন্দ্র নাথ ঠাকুৰৰ নামো পৰৱর্তী সময়ত সলনি হ’ব নেকি? তদুপৰি মমতা বেনার্জীয়ে কয়– মই শুনিছো তেওঁলোকে ভাৰতৰ নাম সলনি কৰিব৷ জি–২০ সন্মিলনৰ অতিথিৰ আমন্ত্রণী পত্রত প্রেচিডেণ্ট অব ভাৰত ব্যৱহাৰ কৰা হৈছে৷ ইয়াত কি নতুনত্ব আছে৷ আমি ইংৰাজীত ইণ্ডিয়া বুলি কওঁ আৰু হিন্দীত ভাৰত বুলি কওঁ৷ আনকি আমি ভাৰত বুলি ক’লেও বিশ্বই দেশখনক ইণ্ডিয়া বুলি জানে৷ দেশৰ নাম সলনি কৰাটো হঠাৎ কেনেদৰে হৈছে৷ কবি ৰবীন্দ্র নাথ ঠাকুৰৰ নামো সলনি কৰিব নেকি? আনপিনে তামিলনাডুৰ মুখ্যমন্ত্রী তথা ডিএমকেৰ সভাপতি এম কে ষ্টেলিনে প্রতিক্রিয়া ব্যক্ত কৰি কয়– বিজেপিয়ে ট্রেন্সফর্ম ইণ্ডিয়াৰ প্রতিশ্রুতি দিয়ে৷ কিন্তু ৯ বছৰৰ পাছত দেশৰ নামেই সলনি কৰিব বিচাৰিছে৷ অবিজেপি শক্তিয়ে ঐক্যবদ্ধ হৈ স্বৈৰাচাৰী বিজেপিক উৎখাত আৰু মিত্রতাই ইণ্ডিয়া নাম লোৱাৰ পাছতে বিজেপিয়ে ইণ্ডিয়াক ভাৰত কৰিব বিচাৰিছে৷ আৰজেডিৰ নেতা মনোজ ঝায়ো ৰিপাব্লিক অব ইণ্ডিয়াৰ পৰিৱর্তে ৰিপাব্লিক অব ভাৰত ব্যৱহাৰ কৰাটোক কঠোৰ ভাষাৰে সমালোচনা কৰিছে৷ ইপিনে জি–২০ সন্মিলনৰ নৈশভোজত অতিথিক আমন্ত্রণৰ পত্রত ৰাষ্ট্রপতি ভৱনে প্রেচিডেণ্ট অব ভাৰত লিখা বিষয়টোত তীব্র প্রতিক্রিয়া ব্যক্ত কৰি কংগ্রেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে নৰেন্দ্র মোদী চৰকাৰে ইতিহাস বিকৃত আৰু ভাৰতক বিভাজনৰ ষড়যন্ত্র কৰা বুলি অভিযোগ কৰে৷ কংগ্রেছ নেতা জয়ৰাম ৰমেশে টুইটযোগে কয়– বাতৰিটো সঁচা৷ ৰাষ্ট্রপতি ভৱনে ৯ ছেপ্টেম্বৰত জি–২০ৰ নৈশভোজৰ আমন্ত্রণী পত্রত প্রচলিত প্রেচিডেণ্ট অব ইণ্ডিয়াৰ বিপৰীতে প্রেচিডেণ্ট অব ভাৰত ব্যৱহাৰ কৰিছে৷ এতিয়া সংবিধানৰ অনুচ্ছেদ ১ত পঢ়িব লাগিব– ভাৰত, ইণ্ডিয়া আছিল সংযুক্ত ৰাষ্ট্র৷ ইয়ে আনকি সংযুক্ত ৰাষ্ট্রকো আঘাত কৰিব৷ মোদীয়ে ধাৰাবাহিকভাৱে ইতিহাস বিকৃত আৰু ভাৰতক বিভাজন কৰিব পাৰে৷ কংগ্রেছৰ সাংসদ শশী থাৰুৰে কয় যে চৰকাৰে ইণ্ডিয়া নামটোক সলনি কৰি মূর্খামী নকৰিব৷ প্রেচিডেণ্ট অব ভাৰত ব্যৱহাৰ কৰাক লৈ শাসক আৰু বিৰোধীৰ মাজত তুমুল বাক্যুদ্ধ অব্যাহত থকাৰ সমান্তৰালকৈ ছ’চিয়েল মিডিয়াত বিভিন্ন খণ্ডৰ চেলিব্রেটীৰ পৰা সাধাৰণ নাগৰিকেও এই বিতর্কত অংশ লৈ নিজৰ নিজৰ মত প্রকাশ কৰিছে৷ কার্যতঃ ছ’চিয়েল মিডিয়াত ইণ্ডিয়া বনাম ভাৰত বিষয়টোৱে আলোড়ন তুলিছে৷ আনপিনে জি–২০ৰ নৈশভোজত প্রেচিডেণ্ট অব ভাৰত ব্যৱহাৰ কৰাক লৈ শাসক পক্ষই পূর্ণ সমর্থন জনোৱাই নহয়, অহা ১৮ ছেপ্টেম্বৰৰ পৰা হ’বলগীয়া সংসদৰ বিশেষ অধিৱেশনত ইণ্ডিয়াৰ সলনি ভাৰত ব্যৱহাৰ তথা ইণ্ডিয়াৰ নামকৰণ ভাৰত কৰাৰ বিধেয়ক উত্থাপন কৰাৰ সম্ভাৱনা আছে বুলি ইংগিত দিছে৷