নিয়মীয়া বাৰ্তা, ১ ছেপ্টেম্বৰ : শদিয়াৰ দুপনি বড়গাঁৱত ঘটিল এক জঘন্য ঘটনা । দাৰ ঘাপত গুৰতৰভাৱে আহত হয় এজন লোক । অভিযোগ অনুসৰি বিনোদ বুঢ়াগোহাঁই নামৰ লোকজনৰ পৰকীয়া প্ৰেমৰ বাবেই পাৰিবাৰিক কন্দলৰ পৰিণতিত ঘটিল এই ঘটনা। ঘটনাত নিজৰেই খুলশালিয়েকে আক্ৰমণ কৰে ভিনিহিয়েক বিনোদ বুঢ়াগোহাঁই নামৰ লোকজনক (৪০)। অন্যহাতে বিয়লি ভাগত সংঘটিত হোৱা ঘটনাটোত আহত লোকজনে সংকটজনক অৱস্থাতে নিজে বাইক চলাই আৰক্ষী থানাত উপস্থিত হয় আৰু আৰক্ষীয়ে লগে লগে লোকজনক শদিয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় যদিও শদিয়াৰ চৰকাৰী চিকিৎসালয়ত পৰ্যাপ্ত সুবিধা নথকাৰ বাবে তিনিচুকীয়ালৈ লোকজনক সংকটজনক অৱস্থাত প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰে যদিও আহত লোকজন কেইবাঘন্টা ধৰি শদিয়াৰ চৰকাৰী চিকিৎসালয়খনৰ হেমাহিৰ বাবে বহু ঘন্টা ধৰি পৰ্যাপ্ত চিকিৎসাৰ পৰা বঞ্চিত হব লগা হয় । অভিযোগ উত্থাপন হয় যে চিকিৎসালয়খনৰ এজন জ্যেষ্ঠ চিকিৎসকে মাত্ৰ তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ ৰেফাৰ কৰি দায়িত্ব সামৰে আৰু ইয়াকে লৈ চিকিৎসালয়খনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । লক্ষণীয় কথা যে উক্ত ঘটনাই শদিয়াৰ একমাত্ৰ অসামৰিক চৰকাৰী চিকিৎসালয়খনৰ ফোঁপোলা স্বৰূপ প্ৰতিফলিত কৰিছে বুলি ভিন্ন মহলত চৰ্চা হোৱা পৰিলক্ষিত হৈছে। কিয়নো শদিয়াৰ দৰে বৃহৎ অঞ্চলৰ ৰাইজৰ সেৱাৰ্থে উছৰ্গিত কৰা চিকিৎসালয়খনত আজিকোপতি নাই কোনো পৰ্যাপ্ত চিকিৎসক তথা ৰোগীৰ বাবে পৰ্যাপ্ত সা-সুবিধা। ফলত অতি সংকটজনক ৰোগীক শদিয়াৰ পৰা তিনিচুকীয়া চিকিৎসালয়লৈ ৰেফাৰ কৰিবলগীয়া অৱস্থা হয় । বৰ্তমানেও আহত লোকজনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে আৰু শদিয়া আৰক্ষীয়ে উক্ত ঘটনাৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে ।
প্ৰেৰক সমৰ গগৈ