নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত নতুনকৈ ক’ভিড পজিটিভ ১৭২৭; যোৰহাট–গোলাঘাটসহ ৭ জিলাত অধিক সতর্কতা

নিয়মীয়া বাৰ্তা, ১৮ জুলাই:  ৰাজ্যৰ শেহতীয়া ক’ভিড পৰিস্থিতিক লৈ উদিগ্নতা প্রকাশ কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ শনিবাৰে গোলাঘাটত সংবাদ মাধ্যমৰ সৈতে হোৱা বার্তালাপত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বিগত দিনৰ তুলনাত কালি ৰাজ্যত ক’ভিড আক্রান্তৰ সংখ্যা কিছু হ্রাস পাইছে৷ কালি ৰাজ্যখনত প্রায় ১,৭০০ লোক নতুনকৈ আক্রান্ত হৈছিল৷ ই এক আশাৰ সঞ্চাৰ কঢ়িয়াইছে যদিও এই সংখ্যাৰ আধাই হৈছে গোলাঘাট, যোৰহাটকে ধৰি আন ৭খন জিলাৰ লোক৷ সেয়ে গোলাঘাট, যোৰহাট জিলাকে ধৰি অন্যান্য জিলাসমূহত অধিক সতর্কতা অৱলম্বন কৰাটো প্রয়োজন৷ 

আজি নতুন এছ’পি প্রকাশ পাব আৰু সেইধৰণে ৰাইজে অধিক সাৱধানতাৰে ক’ভিডৰ বিৰদ্ধে যুঁজ দিব লাগিব৷ ইপিনে, শনিবাৰে ৰাজ্যখনত নতুনকৈ ১,৭২৭গৰাকী লোকৰ দেহত ক’ভিড পজিটিভ ধৰা পৰে৷ সেইদৰে শনিবাৰৰ দিনটোত ৰাজ্যখনত ২৩গৰাকী ক’ভিড ৰোগী মৃত্যুমুখত পৰে৷ ৰাষ্ট্রীয় স্বাস্থ্য অভিযান অসমে জনোৱা অনুসৰি শনিবাৰৰ দিনটোত অসমত ১,৩৩,৭৬০গৰাকী লোকৰ নমুনা পৰীক্ষা কৰা হয়৷ ইয়াৰে ১,৭২৭গৰাকীৰ দেহত ক’ভিড পজিটিভ ধৰা পৰে৷ দিনটোত আক্রান্তৰ হাৰ ১.২৯ শতাংশ৷ আজি ক’ভিড পজিটিভ ধৰা পৰা লোকসকলৰ ভিতৰত কামৰূপ মহানগৰ জিলাৰ ২৫০গৰাকী, গোলাঘাট জিলাৰ ১৭২গৰাকী, যোৰহাট জিলাৰ ১১৯গৰাকী আৰু লখিমপুৰ জিলাৰ ১১৪গৰাকী৷ সেইদৰে শনিবাৰৰ দিনটোত ক’ভিডত আক্রান্ত হৈ মৃত্যুমুখত পৰা ২৩গৰাকী লোকৰ ভিতৰত তিনিগৰাকীকৈ যোৰহাট আৰু শিৱসাগৰৰ, দুগৰাকীকৈ কাছাৰ, গোলাঘাট আৰু শোণিতপুৰৰ আৰু এগৰাকীকৈ বৰপেটা, বিশ্বনাথ, দৰং, ডিব্রুগড়, হোজাই, কৰিমগঞ্জ, লখিমপুৰ, মৰিগাঁও, নগাঁও, তিনিচুকীয়া আৰু ওদালগুৰি জিলাৰ৷ আনহাতে, সুস্থ হৈ উঠাৰ পৰিপ্রেক্ষিতত শনিবাৰে ২,৪৯৫গৰাকী লোকক হাস্পতালৰ পৰা ৰিলিজ দিয়া হয়৷ বর্তমান ৰাজ্যখনত ১৭,৪৩১গৰাকী সক্রিয় ক’ভিড ৰোগী আছে৷ ৰাজ্যখনত ক’ভিডৰ সুস্থতাৰ হাৰ ৯৫.৬৫ শতাংশ৷

You might also like