নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড জয় কৰি ঘৰলৈ উভতিল ৮২ বছৰীয়া আইতাঃ মানসিকভাৱে সবল আৰু ইতিবাচক হৈ থকাৰ পৰামর্শ

নিয়মীয়া বাৰ্তা ১৭ আগষ্টঃ ৰাজ্যত এতিয়া সর্বত্র ক’ৰোনা আতংক৷ কিন্তু ক’ৰোনা মানেই যে আতংকৰ কাৰণ হ’ব নোৱাৰে, সেয়া প্রমাণ কৰিছে যোৰহাটৰ এগৰাকী অশীতিপৰ আইতাই৷ যি সময়ত কম বয়সৰ ব্যক্তিসকলে বিভিন্ন অজুহাতত ক’ভিড টেষ্টৰ পৰা আঁতৰি আছে, সেই সময়তে সাবিত্রী ভূঞা নামৰ অশীতিপৰ আইতাগৰাকীয়ে মনৰ অদম্য সাহস আৰু অজেয় শক্তিৰ পৰিচয় দি ক’ভিডক জিনি আৰম্ভ কৰিছে এক স্বাভাৱিক জীৱন৷ যোৰহাট দৰঙী চুকৰ সাবিত্রী ভূঞা নামৰ ৮২ বছৰীয়া আইতাগৰাকীয়ে ১০ দিন ক’ভিড হাস্পতালত ক’ভিডৰ সৈতে যঁজ দি জয়ী হৈ উভতি আহিছে নিজা ঘৰলৈ৷ আইতাগৰাকীৰ বোৱাৰী এখন নার্ছিং হোমৰ কর্মচাৰী আছিল আৰু তেওঁৰ দেহত ক’ভিড–১৯ পজিটিভ পোৱাৰ পাছত আইতাৰ পৰীক্ষা কৰা হৈছিল৷ কোনো শংকাবোধ নকৰাকৈ আইতাই পৰীক্ষা কৰাইছিল ক’ভিডৰ আৰু পৰীক্ষাত আইতাৰ দেহতো ধৰা পৰিছিল ক’ভিড–১৯ পজিটিভ৷ সেই সময়তো ধৈর্য আৰু মানসিক শক্তিৰ বাবেই ক’ভিড হস্পাতালত চিকিৎসকৰ পৰামর্শ অনুসৰি আইতাই নিজৰ যত্ন লৈছিল৷ অলপ কাহ হৈছিল যদিও ভীতিগ্রস্ত হোৱা নাছিল বুলি মন্তব্য কৰি আইতাই কয়– চিকিৎসক–নার্ছৰ কষ্ট ত্যাগ আৰু বিশেষকৈ চিকিৎসা প্রদানক শলাগ ল’ব লাগিব৷ চিকিৎসক আৰু নার্ছসকলে আইতাৰ মানসিক শক্তি দুগুণে বৃদ্ধি কৰিছিল৷ ইফালে পূর্বৰ পৰাই হূদৰোগত আক্রান্ত হোৱা বাবেই আইতাৰ দেহত পেছমেকাৰ সংস্থাপিত আছিল৷ ইয়াৰ পাছতো ধৈর্য হেৰুওৱা নাছিল অদম্য মানসিক শক্তিৰ অধিকাৰিণী সাবিত্রী ভূঞাই৷ চিকিৎসাধীন অৱস্থাত থাকোঁতেই দেহত অক্সিজেনৰ পৰিমাণ হ্রাস পোৱা বাবে অক্সিজেন ল’বলগীয়াও হৈছিল৷ বর্তমান সম্পূর্ণ সুস্থ হৈ উঠা আইতাই ৰাইজলৈ আহ্বান জনালে ক’ভিড টেষ্ট কৰিবলৈ৷ আইতাই কয় যে চৰকাৰ তথা প্রশাসনে আৰম্ভ ৰেপিড টেষ্ট কোনো শংকা নকৰাকৈ প্রতিজন ব্যক্তিয়ে কৰিব লাগে আৰু ক’ভিডক লৈ ভয় কৰিব নালাগে৷ ইয়াৰ পৰিৱর্তে মানসিকভাৱে নিজক শক্তিশালী কৰি তুলিবলৈ আহ্বান জনায় আইতাগৰাকীয়ে৷ উল্লেখ্য যে সামাজিক কামত নিজকে নিয়োজিত কৰি ৰখা সাবিত্রী ভূঞা বর্তমান স্থানীয় মহিলা সমিতিৰ কার্যকৰী সভানেত্রী হোৱাৰ লগতে অল ইণ্ডিয়া কাউণ্টৰী ৱমেন এছ’চিয়েচনৰ উপদেষ্টা হিচাপে কার্যনির্বাহ কৰি আছে৷

You might also like