নিয়মীয়া বাৰ্তা, ২৯ জুনঃ বিশ্বব্যাপী মহামাৰী ক’ভিড–১৯ৰ সংহাৰ অব্যাহত আছে৷ ২১৩খন দেশত মুঠ আক্রান্তৰ সংখ্যা ১ কোটি অতিক্রম কৰাৰ বিপৰীতে মৃতকৰ সংখ্যা অতিক্রম কৰিছে ৫ লাখ৷ বিশ্বত সর্বাধিক আক্রান্তৰ তালিকাত আমেৰিকা যুক্তৰাষ্ট্র, ব্রাজিল আৰু ৰাছিয়াৰ পাছত চতুর্থ স্থানত থকা ভাৰততো প্রতিদিনে বৃদ্ধি পাই আছে ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা৷ কালিৰ দিনটোত দেশখনত আক্রান্তৰ সংখ্যা প্রথমবাৰৰ বাবে ১৯ সহস্রাধিক অতিক্রম কৰিছে৷ দেশত মৃতকৰ সংখ্যা ১৬,৪২৪জন৷
এই আক্রান্ত আৰু মৃতকৰ সংখ্যা বৃদ্ধি পোৱাটো নিশ্চিত৷ তথ্য মতে, দেশৰ সর্বাধিক আক্রান্ত আৰু মৃতকৰ তালিকাত শীর্ষস্থানত আছে মহাৰাষ্ট্র৷ ৰাজ্যখনত আক্রান্তৰ সংখ্যা ১.৬৪ লক্ষাধিক হোৱাৰ বিপৰীতে মৃতকৰ সংখ্যা ৭,৪২৯৷ দেশৰ ৰাজধানী নতুন দিল্লী আক্রান্তৰ আৰু মৃতকৰ তালিকাত দ্বিতীয় স্থানত আছে৷
দিল্লীত আক্রান্তৰ সংখ্যা ৮৩ সহস্রাধিক আৰু মৃতকৰ সংখ্যা ২,৬২৩জন৷ আনপিনে ৮২ সহস্রাধিকেৰে আক্রান্তৰ তালিকাৰ তৃতীয় স্থানত আছে তামিলনাডু৷ ৰাজ্যখনত আক্রান্তৰ সংখ্যা ১ সহস্রাধিক৷ ইপিনে দেশত প্রতিদিনেই ক’ভিড–১৯ৰ পৰীক্ষণ বৃদ্ধি কৰা হৈছে৷