মহানগৰীত ক’ৰোনাৰ সংক্ৰমণঃ১৫ জন লোক আক্ৰান্ত
নিয়মীয়া বাৰ্তা ১৩ মেঃ যেন ভয়ংকৰ দুৰ্যোগৰ দিশলৈ গতি কৰিছে গুৱাহাটী মহানগৰী। গুৱাহাটী মহানগৰীত পুনৰ বৃদ্ধি পাই আহিছে ক’ৰোনাৰ আক্ৰান্তৰ সংখ্যা। গুৱাহাটীত আজি দিনটোতেই ১৫ জন লোক ক’ৰোনাত সংক্ৰমিত হৈছে। এই লোককেইজন ক’ৰোনাত আক্ৰান্ত মাংগু সাহানীৰ সংস্পৰ্শলৈ আহিছিল। ক’ৰোনাত সংক্ৰমিত লোকসকল হৈছে সুনীল ৰয়, প্ৰভাৱ আনন্দ লেখাৰু নিছাদ , সঞ্জীৱ কুমাৰ, চিপুজন নিছাদ, সুমীত কুমাৰ, অজয় কুমাৰ, শংকৰ সাহা, সুবোধ কুমাৰ, মুকেশ সিং, গণি কেৱাট, বিদ্বেশ্বৰী ঠাকুৰ, প্ৰবীণ কুমাৰ ৰাও, কৃষ্ণ কুমাৰ গুপ্তা, বিশ্বনাথ শ্বাহা।
অৱশ্য়ে লোক কেইজন পূৰ্বৰ পৰাই কোৱাৰেণ্টাইনত আছিল। এই কথা টুইট যোগে জানিবলৈ দিছে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
Alert ~ 15 persons are tested #COVID19 + in Kamrup Metro. All are related to patient from Guwahati’s Fancy Bazaar, who tested + recently. All under quarantine and please dont panic.
↗️Total cases 79
↗️Discharged 39
↗️Active cases 37Update 7.10 pm/May 13#AssamCovidCount
— Himanta Biswa Sarma (@himantabiswa) May 13, 2020