এটা দিনতে বিশ্বনাথ জিলাৰ মুঠ ২৪ জনৰ দেহত ধৰা পৰিল ক’ভিড–১৯ পজিটিভ
নিয়মীয়া বার্তা, ৪ জুনঃ বিশ্বনাথ জিলাৰ চাৰিটাকৈ কোৱাৰেণ্টাইন চেণ্টাৰত বহিঃৰাজ্যৰ পৰা আহি কোৱাৰেণ্টাইন হৈ থকা মুঠ ২৪গৰাকী লোকৰ দেহত বুধবাৰে পুনৰ ক’ভিড–১৯ পজিটিভ পোৱাৰ খবৰে জিলাখনতে চাঞ্চল সৃষ্টি কৰিছে৷
বুধবাৰে পুৱা বিশ্বনাথ চাৰিআলিৰ বালিপুখুৰীৰ আই টি আই কলেজত কোৱাৰেণ্টাইন হৈ থকা ১১জন লোকৰ লগতে বিশ্বনাথ মহাবিদ্যালয়ত থকা দুজন লোকৰ দেহত ক’ভিড–১৯ পজিটিভ পোৱাৰ পিছত বিয়লিৰ ভাগলৈ ছয়দুৱাৰ মহাবিদ্যালয়ত কোৱাৰেণ্টাইন হৈ থকা ৬ জন, পাভৈৰ এম এছ ডি পিত থকা ৩ জন আৰু বিশ্বনাথ মহাবিদ্যালয়ত থকা আন দুজনসহ মুঠ ২৪ জন লোকৰ দেহত ক’ভিড–১৯ পজিটিভ পোৱা গৈছে৷
বুধবাৰে ফলাফল অহা আটাইকেইজন লোক বহিঃৰাজ্যৰ পৰা আহি কোৱাৰেণ্টাইন চেণ্টাৰত আছিল৷ প্রথমে ফলাফল অহা লোকসকলৰ ভিতৰত ৰে’লযোগে অহা ১২জন আক্রান্ত হোৱাৰ বিপৰীতে এজন লোক বাছযোগে আহিছিল বুলি জানিব পৰা গৈছে৷
ইয়াৰে এঘাৰজন দিল্লীৰ পৰা, এজন হাৰিয়ানাৰ পৰা আৰু আনজন গুজৰাটৰ পৰা অহা বুলি জানিব পৰা গৈছে৷ বালিপুখুৰী আই টি আই কলেজত থকা অজিত খোদাল, সুজিত খোদাল, চানক চবৰ , পূর্ণেশ্বৰ খোদাল, দিলীপ পাইক, বিশ্বজিৎ খোদাল, সুনীল খোদাল, অনিল খোদাল, দেৱৰাজ খোদাল, কৃষ্ণবাহাদুৰ চেত্রী আৰু চাবিৰ খোদাল দিল্লীৰ পৰা আহিছিল বুলি জানিব পৰা গৈছে৷
আনহাতে বিশ্বনাথ মহাবিদ্যালয়ত কোৱাৰেণ্টাইন হৈ থকা দিগন্ত নাথ হাৰিয়ানাৰ পৰা আৰু শচীন পোখৰেল গুজৰাটৰ পৰা আহিছিল বুলি চৰকাৰী তথ্যত প্রকাশ৷ ইফালে বিয়লিৰ ভাগলৈ ক’ভিড–১৯ পজিটিভ পোৱা বিশ্বনাথ জিলাত আন ১১জন ব্যক্তিৰ ৬জন গহপুৰৰ ছয়দুৱাৰ কলেজৰ কোৱাৰেণ্টাইন চেণ্টাৰত, ৩জন পাভৈৰ এম এছ ডি পি কোৱাৰেণ্টাইন চেণ্টাৰত আৰু বাকী ২জন বিশ্বনাথ কলেজৰ কোৱাৰেণ্টাইন চেণ্টাৰত আছিল৷ ব্যক্তিসকল ক্রমে গহপুৰৰ ছয়দুৱাৰ কলেজ কোৱাৰেণ্টাইন চেণ্টাৰত থকা বৰঙাবাৰী ডিপৰাৰ নবীন তিৱাৰী, গমিৰিৰ দুর্গা শর্মা, বৰঙাবাৰী ডিপৰাৰ জগন্নাথ কৈৰালা, গমিৰিৰ ৰমেন মহন্ত, ডিপৰাৰ দীনেশ ধাকা আৰু ডিপৰাৰে লীলা তিৱাৰী ২৭ মে’ত মহাৰাষ্ট্রৰ পৰা আহিছিল৷
আনহাতে পাভৈৰ এম এছ ডি পিৰ কোৱাৰেণ্টাইন চেণ্টাৰত থকা বালিজুৰিৰ থুংচাংগ দৈমাৰী, গহপুৰৰ বিকাশ অধিকাৰী আৰু গহপুৰৰে অজয় প্রধান ২৭ মে’ত মুম্বাইৰ পৰা আহিছিল৷ তদুপৰি বিশ্বনাথ কলেজৰ কোৱাৰেণ্টাইন চেণ্টাৰত থকা কৰৈয়নিৰ দিগন্ত ঘিমিৰাই আৰু নিজ বাঘমাৰীৰ অমৃত চেত্রী ২৯ মে’ত কইম্বাটোৰৰ পৰা আহিছিল৷ উল্লেখ্য যে বাতৰি লিখা পৰলৈকে বিশ্বনাথ জিলাত মুঠ ৩৮গৰাকীৰ দেহত ক’ভিড–১৯ পজিটিভ পোৱা গৈছে৷