‘এতিয়াৰে পৰা মোবাইলতে চাব পাৰিব ক’ভিড টেষ্টৰ ৰিপৰ্ট’
নিয়মীয়া বাৰ্তা, ১ জুলাইঃ এতিয়াৰে পৰা ৰাজ্য চৰকাৰে মুকলি কৰা বেৱছাইটত লাভ কৰিব ক’ভিড টেষ্টৰ ফলাফল। বেৱছাইটটোৰ নাম হ’ব http://covidassam.in/। এই সন্দৰ্ভত NHMএ সকলোখিনি তথ্য যোগান ধৰিব। বৃহস্পতিবাৰৰ পৰা মুকলি হ’ব এই সেৱা।
যেতিয়া এজন ৰোগীৰ ক’ভিড টেষ্ট কৰা হয় উক্ত লোকজনৰ মোবাইলত এটা OTP যায় আৰু তেওঁ এটা Specimen Referral Form (SRF) ID লাভ কৰে। বৃহস্পতিবাৰৰ পৰা এই SRF নম্বৰটোৰ জৰিয়তে বেৱছাইটত লাভ কৰিব পাৰিব ফলাফল। নিজৰ মোবাইল ফোনতে ডাউনলোড কৰিব চাব পাৰিব ক’ভিড টেষ্টৰ ৰিপৰ্ট। সংবাদমেলযোগে এই কথা ঘোষণা কৰে হিমন্ত বিশ্ব শৰ্মাই।