নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কালাপাহাৰত ক’ভিড কেয়াৰ হাস্পতাল মুকলি স্বাস্থ্যমন্ত্রীৰ

ক’ৰোনা পৰিস্থিতিৰ মাজতে স্বাস্থ্য বিভাগৰ বিশেষ পদক্ষেপ

নিয়মীয়া বাৰ্তা ৫ নৱেম্বৰঃ ক’ৰোনা সংক্রমণ প্রতিৰোধৰ ক্ষেত্রত স্বাস্থ্য বিভাগে গ্রহণ কৰি অহা পদক্ষেপসমূহত আজি এক গুৰুত্বপূর্ণ সংযোজন ঘটিল৷ ক’ভিড আক্রান্ত ৰোগীক চিকিৎসাৰ বাবে বিভাগটোৱে সাজু কৰি তুলিলে কালাপাহাৰ ক’ভিড কেয়াৰ চিকিৎসালয়৷ বিশেষ আই চি ইউ তথা অত্যাধুনিক সা–সুবিধাৰে সংযোজিত এই ক’ভিড কেয়াৰ চিকিৎসালতে এতিয়াৰে পৰা ক’ৰোনা আক্রান্তৰ চলিব চিকিৎসা৷ বুধবাৰে অনুষ্ঠানিকভাৱে ক’ভিড কেয়াৰ চিকিৎসালয়খন উদ্বোধন কৰি স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয়– ক’ভিড চিকিৎসাৰ ক্ষেত্রত স্বাস্থ্য বিভাগে বিগত ৭ মাহে যি এক মাইলৰ খুঁটি স্থাপন কৰিলে, সংক্রমণ হ্রাস কৰি স্বাভাৱিক পৰিৱেশ অনাৰ ক্ষেত্রতো একেই মাইলৰ খুঁটি স্থাপন কৰিবলৈ সক্ষম হ’ল৷

উল্লেখ্য যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ (জি এম চি এইচ) নিয়মীয়া সেৱাসমূহ তথা অন্যান্য ৰোগসমূহৰ চিকিৎসা চলি থকাৰ লগতে কালাপাহাৰ ক’ভিড কেয়াৰ চিকিৎসালয়খনে জি এম চি এইচৰ সংযোজিত চিকিৎসালয় ৰূপে চিকিৎসা সেৱা আগবঢ়াই যাব৷ এই চিকিৎসালয়খনত অক্সিজেনৰ সুবিধাসহ উন্নতমানৰ আই চি ইউ সংযোজন কৰাৰ লগতে বিশেষজ্ঞ দল তথা জি এম চি এইচৰ পৰা অনা উচ্চ প্রশিক্ষণপ্রাপ্ত চিকিৎসক, নার্ছ আৰু স্বাস্থ্যকর্মীসকলে ক’ৰোনা আক্রান্ত ৰোগীক চিকিৎসা প্রদান কৰিব৷ আজি চিকিৎসালয়খন মুকলি কৰি স্বাস্থ্যমন্ত্রী ড০ শর্মাই কয়– বিগত ১৫ মার্চৰ পৰা জি এম চি এইচত ক’ভিড ৰোগী আৰু আন ৰোগত আক্রান্ত লোকৰ চিকিৎসা সমান্তৰালভাৱে চলি আছে৷ এই সময়ছোৱাতে স্বাস্থ্য বিভাগে ক’ভিড ৰোগীৰ বাবে পৃথক চিকিৎসালয় স্থাপনৰ বাবেও চিন্তা–চর্চা কৰি আছিল৷

বিশেষকৈ জি এম চি এইচৰ ছুপাৰ স্পেচিয়েলিটী চিকিৎসালয়খনত ক’ভিড ৰোগীৰ চিকিৎসা চলি থকাৰ বাবেই বহু সময়ত আন ৰোগীৰ চিকিৎসাৰ ক্ষেত্রত কিছু সমস্যা সৃষ্টি হৈছিল৷ এটা সময় আছিল জি এম চি এইচত একেলগে ৯০০ ৰোগীৰ চিকিৎসা চলিছিল৷ তেনে পৰিস্থিতিত কালাপাহাৰ ক’ভিড কেয়াৰ চেণ্টাৰত এখন আটকধুনীয়া ক’ভিড চিকিৎসালয় নির্মাণ কৰাৰ চিন্তাচর্চা চলে৷ সেইমর্মে লোকনির্মাণ বিভাগে এই ক’ভিড কেয়াৰ চেণ্টাৰটো আটকধুনীয়াকৈ নির্মাণ কৰাৰ লগতে আহ চি ইউকে ধৰি অন্যান্য সা–সুবিধাসমূহ সংযোগ কৰি ক’ভিড চিকিৎসাৰ বাবে ইয়াক সাজু কৰি তুলিছে৷ মন্ত্রীগৰাকীয়ে কয়– ক’ৰোনাৰ পৰিৱেশ এতিয়া নাটকীয়ভাৱে পৰিৱর্তন হৈছে৷ ১২ আগষ্টত ৰাজ্যত ক’ৰোনা পজিটিভৰ সংখ্যা আছিল ৪,৫৯৩গৰাকী৷ ৬ অক্টোবৰত এই সংখ্যা ২,৭০২লৈ হ্রাস পায়৷

আনহাতে, কালি ৩৭৯গৰাকী লোক পজিটিভ ৰূপে চিনাক্ত হৈছে৷ কার্যতঃ ক’ৰোনাৰ সংক্রমণ যে অসমত ক্রমাৎ হ্রাস হ’বলৈ ধৰিছে, সেয়া স্পষ্ট হৈছে৷ বহুতে এইক্ষেত্রত ক’ৰোনাৰ পৰীক্ষা কম হোৱা বুলি আঙুলিয়াব খোজে যদিও স্বাস্থ্য বিভাগে প্রতিদিনে ৩০ হাজাৰৰ পৰা ৩৫ হাজাৰ লোকক পৰীক্ষা কৰি আহিছে৷ এই পৰীক্ষাসমূহৰ পৰা এটা দিশ পৰিষ্কাৰ হৈছে যে প্রতিদিনে এটা হ’লেও ক’ৰোনা পজিটিভৰ সংখ্যা হ্রাস পাইছে৷ ক’ৰোনাৰ সংক্রমণ হ্রাস হোৱা এই পৰিৱেশ শেহতীয়াকৈ স্পষ্ট হৈছে জি এম চি এইচ বা আন চিকিৎসালয়ত ক্রমাৎ কমি অহা ক’ৰোনা ৰোগীৰ সংখ্যাত৷ জি এম চি এইচৰ ছুপাৰ স্পেচিয়েলিটী হাস্পতালত ৩০০ ক’ৰোনা আক্রান্তৰ চিকিৎসা হৈছিল৷ বর্তমান ৯৭জন আক্রান্তৰ চিকিৎসা চলি আছে৷ জি এম চি এইচৰ ক’ভিড ইউনিট–২ বর্তমান বন্ধ কৰি দিয়া হৈছে৷ আনহাতে, ক’ভিড ইউনিট–৩ত ডেৰশজন ৰোগীৰ চিকিৎসা চলিছিল৷ বর্তমান ৭২জন ৰোগীহে আছে৷ তেনেদৰে পেয়িং কেবিনত ৫০জন ক’ভিড ৰোগীৰ পৰিৱর্তে এতিয়া ১৩জন ৰোগী আছে৷ আনহাতে, খানাপাৰা ক’ভিড কেয়াৰ চেণ্টাৰত ১২৬গৰাকী, সৰুসজাই ক’ভিড কেয়াৰ চেণ্টাৰত ৬৮গৰাকী ৰোগীহে আছে৷

স্বাস্থ্য বিভাগে ইতিমধ্যে নেহৰু ষ্টেডিয়াম, গিৰিজানন্দ ইনষ্টিটিউট, দিল্লী পাব্লিক স্কুল, ডনবস্ক’ ইনষ্টিটিউট, আই আই টি আৰু হেলেছত থকা ক’ভিড কেয়াৰ চেণ্টাৰসমূহ বন্ধ কৰি দিছে৷ কালাপাহাৰ ক’ভিড কেয়াৰ হাস্পতালখন সাজু কৰি তোলাৰ মুখ্য উদ্দেশ্য হৈছে জি এম চি এইচৰ ছুপাৰ স্পেচিয়েলিটী হাস্পতালখনক পূর্বৰ অৱস্থালৈ ঘূৰাই অনা৷ যাতে ইয়াতে আন ৰোগৰ ৰোগীসকলক বিশেষজ্ঞ দপ্তৰে চিকিৎসা কৰিব পাৰে৷ স্বাস্থ্যমন্ত্রীগৰাকীয়্ আজি ইয়াকো স্পষ্ট কৰে যে এই ক’ভিড কেয়াৰ চেণ্টাৰসমূহ অতি সোনকালে স্বাস্থ্য বিভাগে সম্পূর্ণকৈ বন্ধ কৰি দিব খোজা নাই৷ কিন্তু ডিচেম্বৰ মাহলৈ ক’ভিড পৰিৱেশ স্বাভাৱিক হ’লে এইক্ষেত্রত সিদ্ধান্ত লোৱা হ’ব৷

বিটিচি নির্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্রত চৰকাৰ আগবাঢ়িছে, স্কুল খোলাৰ ক্ষেত্রত সিদ্ধান্ত লৈছে৷ তেনে এক স্বাভাৱিক পৰিৱেশ স্বাস্থ্য বিভাগে আনিব পাৰিছে বুলি এক আত্মবিশ্বাস গঢ়ি উঠিছে৷ বিভাগটোৱে ক’ভিড চিকিৎসাৰ ক্ষেত্রত যি মাইলৰ খুঁটি স্থাপন কৰিছিল, ঠিক তেনেদৰে স্বাভাৱিক পৰিৱেশ অনাৰ ক্ষেত্রতো মাইলৰ খুঁটি স্থাপন কৰিছে৷ তেওঁ ইয়াকো কয়– ক’ভিডৰ চিকিৎসা মেইন ষ্ট্রীমত অনাৰ বাবে বিভাগে প্রচেষ্টা আৰম্ভ কৰিছে৷ পৰিৱেশ এতিয়া পূর্বতকৈ কিছু স্বাভাৱিক৷ প্রথম পর্যায়ৰ পৰিৱেশ আছিল মহামাৰীৰ, দ্বিতীয় পর্যায় আছিল যুদ্ধৰ আৰু এই পৰিৱেশ অতিক্রম কৰি এতিয়া আমি ক’ভিড চিকিৎসাৰ প্রণালীৰ বিষয়ে জানিব পাৰিছোঁ৷ যাৰ বাবে দিনে ২৭জনকৈ ক’ভিড আক্রান্তৰ মৃত্যু হোৱাৰ পাছত এই সংখ্যা দুজনলৈ হ্রাস পালে৷ দুজন ব্যক্তিৰ মৃত্যুও স্বাস্থ্য বিভাগৰ বাবে প্রত্যাহ্বান৷ ১ ডিচেম্বৰৰ পৰা জিলা পর্যায়ত ক’ৰোনাৰ চিকিৎসা কৰাৰ বাবে বিভাগে পদক্ষেপ গ্রহণ কৰিব৷ ইফালে ক’ৰোনা কোনোধৰণৰ ৰোগ নহয় বুলি একাংশ লোকে আৰম্ভণিতে যি প্রচাৰ চলাইছিল, সেই প্রসংগ উত্থাপন কৰি আজি স্বাস্থ্যমন্ত্রীগৰাকীয়্ কয়– সেই লোকসকলে এতিয়া ক’ভিডৰ সচেতনতাৰ কথা কয়৷ কিন্তু মার্চ–এপ্রিল মাহত ক’ভিড নাই বুলিয়ে এওঁলোকে প্রচাৰ চলাইছিল৷ মৰুভূমিৰ মাজত পিয়াহত যেতিয়া মই এগিলাচ পানী বিচাৰিছিলোঁ, সেই পানী তেতিয়া নাপালোঁ৷ কিন্তু ক’ভিড হ্রাস হোৱাৰ সময়ত এই লোকসকলে এতিয়া ক’ভিড সচেতনতাৰ কথা ক’বলৈ লৈছে৷ অৱশ্যে ইয়াক মই আদৰণি জনাইছোঁ৷ আমি আশা কৰিছোঁ যে চীনৰ পৰা অহা এই ভাইৰাছ চীনলৈ উভতি যাওক৷ দেশৰ আন প্রান্তত পৰিৱেশ কিছু অৱনমিত হৈ থকাৰ সময়তে অসমত ক’ভিড পৰিৱেশ পূর্বতকৈ উন্নত হোৱাটোৱে স্বাস্থ্য বিভাগ তথা চিকিৎসা কর্মীসকলৰ প্রচেষ্টাক শলাগিবলগীয়া৷ পৰিৱেশ আৰু স্বাভাৱিক হ’লে চিকিৎসকসকলৰ এই অৱদানক ৰাজহুৱাভাৱে আলোচনা কৰিব পৰা যাব৷ আজি ক’ভিড চিকিৎসালয়খনৰ উদ্বোধনী অনুষ্ঠানত স্বাস্থ্য বিভাগৰ প্রধান সচিব সমীৰ সিন্হা, আয়ুক্ত সচিব অনুৰাগ গোৱেল, স্বাস্থ্য শিক্ষা সঞ্চালক অনুপ বর্মন, জি এম চি এইচৰ অধ্যক্ষ অচ্যুত বৈশ্য, এন এইচ এমৰ সঞ্চালক ড০ লক্ষ্মণৰ লগতে স্বাস্থ্য বিভাগৰ কেইবাজনো শীর্ষ বিষয়া উপস্থিত থাকে৷ ইয়াৰ পূর্বে স্বাস্থ্যমন্ত্রীগৰাকীয়্ চিকিৎসালয়খনৰ কোঠাসমূহ পৰিদর্শন কৰে৷

You might also like