নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰোমাঞ্চকৰ ছেমিত ইংলেণ্ডক হৰুৱাই বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ আৰ্জেণ্টিনাৰ

ডিজিটেল ডেস্ক, ১৬ জুলাই : কোটি কোটি জনতাৰ সপোন দিঠক কৰি ক্ৰমাগত দ্বিতীয়বাৰলৈ ফিফা বিশ্বকাপৰ ফাইনেল খেলিব আৰ্জেণ্টিনাই। ফিফা বিশ্বকাপ ২০২৬ৰ শ্বাসৰুদ্ধকৰ ১০২ মিনিটৰ ৰোমাঞ্চকৰ দ্বিতীয়খন ছেমি ফাইনেলত ২-১ গ’লত ইংলেণ্ডক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিলে মেছি বাহিনীয়ে। ৫৫ মিনিটত গৰ্ডনৰ গ’লেৰে ইংলেণ্ডে অগ্ৰগতি লোৱাৰ পাছত দুৰ্দান্ত প্ৰত্যাৱৰ্তন কৰে আৰ্জেণ্টিনাই ৷ আৰ্জেণ্টিনাৰ হৈ গ’ল স্ক’ৰ কৰে এনজো ফাৰ্নাণ্ডেজ আৰু লাওতাৰো মাৰ্টিনেজে৷ ইংলেণ্ডক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰা আৰ্জেণ্টিনাই এতিয়া স্পেইনৰ সৈতে ফিফা বিশ্বকাপ দখলৰ যুঁজত নামিব।

খেলখনৰ অধিকাংশ সময় ইংলেণ্ডে অগ্ৰগতি লাভ কৰি আছিল যদিও ৫৫ মিনিটত এন্থনী গৰ্ডনে গ’ল দি দলটোক আগুৱাই নিয়াৰ পিছত ইংলেণ্ডে অতিমাত্ৰা ৰক্ষণাত্মক খেল প্ৰদৰ্শন কৰাৰ সম্পূৰ্ণ সুযোগ লয় আৰ্জেণ্টিনাই। প্ৰথমে ৮৫ মিনিটত আৰ্জেণ্টিনাৰ হৈ এনজো ফাৰ্নাণ্ডেজে সমতা স্থাপনকাৰী গ’লটো দিয়ে আৰু তাৰ পিছত ডিফেণ্ডাৰ নিকোলাছ তাগ্লিয়াফিকোৰ স্থানত খেলৰ শেষৰ ফালে খেলপথাৰত নমা লাওতাৰো মাৰ্টিনেজে অতিৰিক্ত সময়ৰ দ্বিতীয় মিনিটত বিজয়সূচক গ’লটো স্ক’ৰ কৰে। আৰ্জেণ্টিনাই হঠাতে ১-০ ব্যৱধানত পিছপৰি থকাৰ পৰা ২-১ত অগ্ৰগতি লাভ কৰে আৰু খেলৰ শেষলৈকে এই স্ক’ৰলাইন অপৰিৱৰ্তিত থাকে, যাৰ ফলত ইংলেণ্ডক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে মেছিৰ আৰ্জেণ্টিনাই।

খেলখনৰ প্ৰথমাৰ্ধত খেলৰ মান সিমান উন্নত নাছিল যদিও উত্তেজনা আছিল চৰম পৰ্যায়ৰ আৰু প্ৰথমাৰ্ধৰ শেষলৈ কোনো গ’ল হোৱা নাছিল। দৰাচলতে, দুয়োটা দলেই গ’ল কৰাৰ স্পষ্ট সুযোগ খুব কমেইহে পাইছিল, কিন্তু ফাউলৰ সংখ্যা আছিল যথেষ্ট বেছি। প্ৰথমাৰ্ধত আৰ্জেণ্টিনাই সৰ্বাধিক ১২টা ফাউল কৰাৰ বিপৰীতে ইংলেণ্ডে কৰিছিল ৭টা ফাউল। ইয়াৰে ভিতৰত কেৱল খেলৰ প্ৰথম ১০ মিনিটতে দুয়োটা দলে মিলি ৭টাকৈ ফাউল কৰিছিল। ৰেফাৰীয়ে কাৰ্ড দেখুওৱাৰ পৰা বিৰত আছিল যদিও অৱশেষত প্ৰথমাৰ্ধতে তেওঁ দুজন খেলুৱৈক— ইংলেণ্ডৰ এলিয়ট এণ্ডাৰছন আৰু আৰ্জেণ্টিনাৰ লিছান্দ্ৰো মাৰ্টিনেজক হালধীয়া কাৰ্ড দেখুৱাবলগীয়া হয়।

আৰ্জেণ্টিনাই এতিয়া দেওবাৰে হ’বলগীয়া ফাইনেলত স্পেইনৰ মুখামুখি হ’ব। আনহাতে, ইংলেণ্ডে শনিবাৰে হ’বলগীয়া তৃতীয় স্থানৰ প্লে-অফৰ মেচখনত ফ্ৰান্সৰ মুখামুখি হ’ব।

You might also like