ডিজিটেল ডেস্ক, ১৬ জুলাই : বিলাসীপাৰাৰ হাকামাত আজি এক শোকাৱহ ৰে’ল দুৰ্ঘটনা সংঘটিত হয়। মালবাহী ৰে’লৰ খুন্দাত এগৰাকী যুৱতী থিতাতে নিহত হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে।
প্ৰাপ্ত তথ্য অনুসৰি, নিহত যুৱতীগৰাকী হাকামা দ্বিতীয় খণ্ড গাঁৱৰ বাসিন্দা ছিদ্দিক আলীৰ কন্যা হাবিজা খাতুন বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে, যুৱতীগৰাকীয়ে ৰে’লপথ পাৰ হ’বলৈ চেষ্টা কৰাৰ সময়তে তীব্ৰবেগী মালবাহী ৰে’লখনে তেওঁক মহটিয়াই লৈ যায়, ফলত কৰুণভাৱে থিতাতে তেওঁৰ মৃত্যু ঘটে।
ঘটনাৰ খবৰ পোৱাৰ পিছতেই ঘটনাস্থলীত ৰে’ল আৰক্ষীৰ এটা দল উপস্থিত হয়। আৰক্ষীয়ে স্থানীয় ৰাইজৰ সহযোগত মৃতদেহটো উদ্ধাৰ কৰে আৰু যাৱতীয় প্ৰক্ৰিয়া সম্পন্ন কৰাৰ অন্তত মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাললৈ প্ৰেৰণ কৰে। এই ঘটনা কেনেকৈ সংঘটিত হ’ল, সেই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।